অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ (Axomiya Chalachitrar San-Pohar) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ দ্বাৰা লিখিত এখন চলচ্চিত্ৰ সমালোচনাৰ গ্ৰন্থ। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০০১ চনৰ জানুৱাৰী মাহত প্ৰকাশিত হৈছিল। প্ৰথমাৱস্থাত ক'লা-বগা ৰূপত প্ৰকাশ পোৱা কিতাপখন ২০১৪ চনৰ অক্টোবৰত অসমীয়া প্ৰকাশন গোষ্ঠী আঁক-বাকে পুনৰ মুদ্ৰণ কৰে। গ্ৰন্থখনে ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ স্বৰ্ণকমল সন্মান লাভ কৰিছিল।১২
সমালোচকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: অপূৰ্ব শৰ্মা
গল্পকাৰ-সমালোচক অপূৰ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৪৩ চনত। তেখেতৰ বাঘে টাপুৰ ৰাতি (গল্প সংকলন), এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম, নাগৰিক আদি উল্লেখযোগ্য গল্প-সংকলন। "বাঘে টাপুৰ ৰাতি" গ্ৰন্থখনৰ বাবে তেখেতে ২০০০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। গল্পৰ সমান্তৰালকৈ অসমীয়া চলচ্চিত্ৰ সমালোচনাৰ ক্ষেত্ৰখনলৈও মূল্যৱান বৰঙনি আগবঢ়োৱা অপূৰ্ব শৰ্মাৰ শেহতীয়া সমালোচনাত্মক গ্ৰন্থ হৈছে -শব্দ প্ৰতিমা সাহিত্য চলচ্চিত্ৰ।৩
কুৰি শতিকাৰ আশীৰ দশকত অসমৰ চলচ্চিত্ৰ সমালোচক উৎপল দত্ত (অভিনেতা)ই এখন চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ সম্পাদনা কৰিবলৈ ওলাইছিল। তেখেতে অপূৰ্ব শৰ্মাৰ পৰা ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা নিৰ্মিত ছবি সন্ধ্যাৰাগ (চলচ্চিত্ৰ)ৰ এটি সমালোচনা বিচাৰে। সেইটো সমালোচনাই আছিল অপূৰ্ব শৰ্মাৰ প্ৰথমটো চলচ্চিত্ৰ-সমালোচনা। পৰৱৰ্তী পৰ্যায়ত তেখেতৰ সমালোচনাৰ প্ৰতি অনুৰাগ বৃদ্ধি হয় আৰু মাজে-সময়ে চলচ্চিত্ৰ সম্পৰ্কীয় ৰচনা লিখিবলৈ লয়। ২০০১ চনত অসমৰ কবি জ্ঞান পূজাৰীয়ে তেখেতৰ আটাইবোৰ প্ৰবন্ধ গোটাই গ্ৰন্থ আকাৰে ছপাবলৈ প্ৰস্তাৱ আগবঢ়ায়। জ্ঞান পূজাৰীয়ে কিতাপখনৰ নামটোও ঠিক কৰি দিয়ে। বেটুপাত অংকনত সহযোগ কৰে ৰাজকুমাৰ মজিন্দাৰে। এনেকৈয়ে কিছু দিনৰ পিছত গ্ৰন্থখনৰ প্ৰথমটো ক'লা-বগা সংস্কৰণ প্ৰকাশিত হয়।৪
গ্ৰন্থৰ চমু পৰিচিতি
গ্ৰন্থখনত অসমীয়া চলচ্চিত্ৰ চমু ইতিহাসৰ লগতে কেইখনমান বিশিষ্ট অসমীয়া চলচ্চিত্ৰৰ সমালোচনা আগবঢ়োৱা হৈছে। তাৰে ভিতৰত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, পদুম বৰুৱা, জাহ্নু বৰুৱাৰ কেইখনমান ছবি উল্লেখযোগ্য। গ্ৰন্থখনত অসমীয়া চলচ্চিত্ৰ বিষয়ক মুঠ ছটা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। সেইকেইটা হৈছে:
- অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ ৰূপৰেখা
- অসমত চলচ্চিত্ৰ চৰ্চা
- চিত্ৰনাট্য প্ৰসংগঃঅসমীয়া চলচ্চিত্ৰ
- চলচ্চিত্ৰ সমালোচনা আৰু অসমৰ প্ৰসংগ
- অসমীয়া চলচ্চিত্ৰৰ ভৱিষ্যৎ
- চলচ্চিত্ৰ আৰু বাস্তৱতা২
গ্ৰন্থখনত আঠখন ভিন্নধৰ্মী অসমীয়া চলচ্চিত্ৰৰ বিষয়ে আঠটা অধ্যায়ত আলোচনা হৈছে। সেইকেইটা হৈছে:
- চলচ্চিত্ৰ সমালোচনা আৰু 'সন্ধ্যাৰাগ (চলচ্চিত্ৰ)'
- ড॰ শইকীয়াৰ অগ্নিস্নান আৰু প্ৰমূল্যৰ প্ৰশ্ন
- 'সাৰথি'ৰ সফলতা আৰু এটা অস্বস্তিকৰ প্ৰশ্ন
- সুস্থ চলচ্চিত্ৰৰ ধাৰা আৰু 'গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)'
- 'হালধীয়া চৰায়ে বাওধান খায়'
- ৱশ্ব'বিপ': এটি সৎ প্ৰতিশ্ৰুতি
- সাহিত্য আৰু চলচ্চিত্ৰ: 'হলধৰ'
- নাৰীবাদী চলচ্চিত্ৰ সমালোচনা আৰু 'অদাহ্য (চলচ্চিত্ৰ)'ৰ বিষয়ে একাষাৰ২
সন্মান
গ্ৰন্থখনে ২০০২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰ গ্ৰন্থৰ বঁটা লাভ কৰে। পুৰস্কাৰ হিচাপে লেখক অপূৰ্ব শৰ্মাই স্বৰ্ণকমলৰ লগতে ৭,৫০০ টকাৰ নগদ ধনৰাশি লাভ কৰে। আনহাতে প্ৰকাশক জ্ঞান পূজাৰীয়ে স্বৰ্ণকমল আৰু ৭,৫০০ টকাৰ নগদ ধনৰাশি লাভ কৰে।৪
গ্ৰন্থখনৰ প্ৰসংগত বঁটা-প্ৰদান অনুষ্ঠানটোৱে কয় যে– “The award for the best book on cinema for 2001 goes to Asomiya Chalachitrar Chha-Pohar (Assamese) for its panoramic and incisive analysis of Assamese Cinema in the context of National and International scenario.”৫
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৮৫৩
- ↑ AXOMIYA CHALACCHITRAR SAN-POHAR
- ↑ APURBA SHARMA অপূৰ্ব শৰ্মা
- ↑ (২০১৪, অক্টোবৰ). অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ. আঁক বাক. পৃ. প্ৰচ্ছদ
- ↑ National Film awards 2002. DIFF. পৃ. 126-127
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ” প্ৰবন্ধৰ সংশোধন ৬০৪৭৪৯ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।