চান্দমামা (Chandamama) হৈছে এখন ভাৰতীয় মাহেকীয়া শিশু আলোচনী যি ইয়াত সন্নিৱিষ্ট চিত্ৰসমূহৰ কাৰণে জনাজাত। আলোচনীখনে দীৰ্ঘদিন ধৰি প্ৰচলিত কিংবদন্তি তথা যাদুকৰী কাহিনীও প্ৰকাশ কৰিছে। তেলুগু চলচ্চিত্ৰ নিৰ্মাতা বি নাগী ৰেড্ডী আৰু লেখক এ. চক্ৰপাণিয়ে সৰ্বপ্ৰথমে তেলুগু আৰু তামিল ভাষাত চান্দমামাৰ আৰম্ভণি কৰিছিল।১২ তেলুগু সাহিত্যৰ এজন পণ্ডিত তথা চক্ৰপাণিৰ এজন বৰ অন্তৰংগ বন্ধু ক'ডাভাটিগাণ্টি কুটুম্বা ৰাৱে ১৯৮০ চনৰ আগষ্ট লৈকে মৃত্যু পৰ্যন্ত ২৮ বছৰ আলোচনীখনৰ সম্পাদনা কৰিছিল।
আলোচনীখন
আলোচনীখনৰ উপযোগীকৈ ভাৰতীয় কিংবদন্তিৰ প্ৰধান অংশবোৰ কুটুম্বাৰাৱেই লিখিছিল। তেওঁ তেলুগু ভাষাৰ যুৱ লেখকসকলক উত্সাহিত কৰিছিল আৰু তেওঁলোকক অন্ধ্ৰ তথা তেলুগুভাষী লোকসকলৰ মাজত দশকজুৰি জনপ্ৰিয় কৰি তোলা তেওঁৰ তেলুগু লেখনশৈলীত অভ্যস্ত কৰি তুলিছিল। কিছুসংখ্যক কাহিনী আৰু লোকসাধু দচাৰি সুব্ৰমণিয়ামে লিখিছিল আৰু এইসমূহ বৰ জনপ্ৰিয় আছিল।
২০০৮ চনৰ নৱেম্বৰত আলোচনীখনক ন-ৰূপ দিয়া হৈছিল আৰু ভাষা, উপস্থাপন, চিত্ৰ তথা ইয়াত সন্নিৱিষ্ট বিষয়সমূহৰ সালসলনি ঘটিছিল। বিক্ৰম-বেতাল আৰু পৌৰাণিক আখ্যান আদি জনপ্ৰিয় শিতানসমূহৰ প্ৰকাশ অব্যাহত ৰখাৰ লগতে সমসাময়িক সাধুসমূহ, অভিযান বিশেষ, ক্ৰীড়া, প্ৰযুক্তি, বা-বাতৰিকে আদি কৰি ভালেসংখ্যক নতুন শিতান যোগ দিয়া হৈছিল। শিশু সাহিত্যৰ নতুন ধাৰা আৰু শিক্ষাৰ বৰ্দ্ধমান গুৰুত্ব তথা এই বিষয়ক লৈ পৰীক্ষা-নিৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চান্দমামাই সম্পাদকীয় নীতিসমূহ সময়ানুপযোগী কৰি ৰাখিবলৈ যত্ন কৰি আহিছে।
বৰ্তমান ইংৰাজীকে ধৰি ১৩টা ভাষাত চান্দমামা প্ৰকাশ পায় আৰু ইয়াৰ পঢ়ুৱৈৰ সংখ্যা প্ৰায় ২লাখ।৩
কাহিনী কথনৰ অনন্য ৰীতি
আলোচনীখনে সাধু কোৱাৰ এক অনন্য ধাৰাৰ আৰম্ভণি কৰিছিল, যি নীতিকথাৰ সমৃদ্ধ এই সাধুবোৰ ককাদেউতা-আইতাকে নাতিহঁতক সাধু কোৱাৰ দৰে নমনীয় তৃতীয় পুৰুষত বৰ্ণনা কৰে।
চান্দমামাই ইয়াত সন্নিৱিষ্ট সাধুসমূহ ভাৰত তথা অন্যান্য দেশৰ বিভিন্ন ঐতিহাসিক আৰু আধুনিক সাহিত্যৰ পৰা লৈ আহিছে। কিংবদন্তি, মহাকাব্য, আখ্যান, উপাখ্যান আৰু আনকি জনৰৱসমূহো শিশু-মনৰ উপযোগীকৈ সজোৱা হৈছে।
এক পৌৰাণিক সংস্কৃত সাহিত্য বৈতাল পাঁচিছিৰ আধাৰত ৰচনা কৰা ৰজা বিক্ৰমাদিত্য আৰু বেতালৰ সাধুসমূহে আলোচনীখনলৈ যথেষ্ট সুনাম কঢ়িয়াই আনে। ৰামায়ণ, মহাভাৰত, কৃষ্ণাৱতাৰ, শিৱ পুৰাণ আদি ইয়াত ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল।৪ জ্বালাদ্বীপ, কাঁহৰ কিল্লা, ৰূপধৰৰ যাত্ৰা আদি অন্যান্য ধাৰাবাহিকসমূহো অলৌকিকতা আৰু এডভেঞ্চাৰধৰ্মীতাৰে সমৃদ্ধ আছিল।৪
ইতিহাস
১৯৪৭ চনৰ জুলাইত চান্দমামাৰ প্ৰথম সংখ্যা প্ৰকাশ পায়।৫ সঞ্চালক বি. নাগিৰেড্ডীয়ে৬ পিছলৈ দক্ষিণ ভাৰতৰ এজন আগশাৰীৰ চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাতি লাভ কৰে। চান্দমামাৰ প্ৰতিষ্ঠাপক, ৰেড্ডীৰ বন্ধু চক্ৰপাণিয়ে৬ আলোচনীখনে নিৰ্ধাৰিত পঢ়ুৱৈৰ সংখ্যা লাভ কৰাত মুখ্য অৰিহণা যোগাইছিল।
প্ৰথমাৱস্থাত চান্দমামা তেলুগু আৰু তামিল ভাষাত (অম্বুলিমামা হিচাপে) প্ৰকাশিত হৈছিল।৫ ১৯৪৯ চনৰ জুলাইত কন্নড় আৰু একে বছৰৰে আগষ্ট মাহত হিন্দীত ই প্ৰকাশ পায়। ইয়াৰ পিছত ১৯৫২ চনৰ এপ্ৰিলত মাৰাঠী (চান্দ'বা হিচাপে) আৰু মালয়ালম ভাষা ভাষাত (অম্বিলী আম্বাভম হিচাপে) প্ৰকাশিত হয়। পিছলৈ যথাক্ৰমে গুজৰাটী, ইংৰাজী, ওড়িয়া (জাহ্নমামু হিচাপে), সিন্ধী, বঙালী আৰু পঞ্জাবী ভাষাত ই প্ৰকাশিত হয়। ১৯৭৫ চনত চান্দমামাৰ অসমীয়া সংস্কৰণ প্ৰকাশ পায়।৭ ইয়াৰ পিছত ক্ৰমে সিংহল, সংস্কৃত আৰু চাঁওতালি সংস্কৰণো ওলায়। পঞ্জাবী, সিন্ধী আৰু সিংহল সংস্কৰণ কম সময়ৰ বাবেহে প্ৰকাশিত হৈছিল। ১৯৫৭ চনৰ অক্টোবৰৰ পৰা ১৯৭০ চনৰ জুনলৈকে ইংৰাজী সংস্কৰণটো প্ৰকাশ পোৱা নাছিল। কৰ্মকৰ্তাৰ বিবাদৰ কাৰণে ১৯৯৮ চনত আলোচনীখনৰ প্ৰকাশ বন্ধ হৈ গৈছিল। অৱশ্যে পৰৱৰ্তী বছৰৰ পৰা ই পুনৰ প্ৰকাশ পায়।
কেইবাটাও দশকজুৰি চান্দমামাৰ চিত্ৰসমূহেই আলোচনীখনৰ চিনাকিৰ দৰে আছিল। এম. টি. ভি. আচাৰ্য, টি. বীৰা ৰাঘৱন (যি নিজৰ অংকন সমূহত চিত্ৰ হিচাপে চহী কৰিছিল), ভদ্দাড়ী পাপিয়া (ভপা হিচাপে), কেশৱ ৰাও (কেশৱ হিচাপে), এম. গোখলে, ১৯৫১ চনতে যোগদান কৰা কে চি শিৱশংকৰণ ওৰফে শংকৰ আদি শিল্পীয়ে এক অভিন্ন গোট হিচাপে ছটা দশকজুৰি চান্দমামাৰ চিত্ৰাংকণ কৰি আহিছিল। বৰ্তমান সময়ত শক্তি দাস, এম. কে. বাসা (ৰাজী), গান্ধী আয়্য়া ওৰফে গান্ধী আৰু পি. মহেশো (মাহে) ইয়াত যুক্ত হয়। প্ৰথমাৱস্থাত বেটুপাতখন চাৰিটা ৰঙেৰে ছপা কৰা হৈছিল আৰু অভ্যন্তৰীণ ছবিসমূহত ৰেখাচিত্ৰ ব্যৱহাৰ কৰা হৈছিল। চিত্ৰ-কথা শিতানটো বাদ দিলে কমিক্ছ নোহোৱা স্বত্বেও চান্দমামাৰ প্ৰতিটো পৃষ্ঠাতে চিত্ৰ থাকে।
মালিকীস্বত্ব
প্ৰতিষ্ঠাৰ সময়ৰ পৰা চান্দমামাৰ মালিকীস্বত্ব পাৰিবাৰিকসূত্ৰে হাত বাগৰি আহিছে। বৰ্তমানৰ প্ৰকাশক বি. বিশ্বনাথ ৰেড্ডীয়ে পিতৃৰ পৰা আলোচনীখনৰ দায়িত্বভাৰ গ্ৰহণ কৰি এই পৰম্পৰা অব্যাহত ৰাখে।৫ ১৯৯৯ চনত চান্দমামা কোম্পানীটো এক পাব্লিক লিমিটেড প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হয় আৰু মৰগান ষ্টেনলিয়ে ইয়াৰ এক বুজন অংশ অধিগ্ৰহণ কৰে।৫
বৰ্তমানৰ সম্পাদক জিঅ'দেচিকৰ প্ৰশান্ত মূলেকাৰ।
২০০৬ চনৰ আগষ্টত বাতৰি ওলাই যে ডিজনীয়ে চান্দমামাৰ অংশ ক্ৰয় কৰাৰ মনস্থ কৰিছে।৩৮ ২০০৭ চনত প্ৰযুক্তি কোম্পানী জিঅ'দেচিক ইনফৰমেচন ছিষ্টেমছে চান্দমামা অধিগ্ৰহণ কৰে।৯
২১ শতিকাত চান্দমামা
প্ৰযুক্তি প্ৰতিষ্ঠানটোৰদ্বাৰা অধিগ্ৰহণৰ পিছত চান্দমামাই ঘোষণা কৰে যে আলোচনীখনক ডিজিটেল ৰূপ দিয়াৰ লগতে ইয়াৰ বেছিভাগ লেখনি ডিজিটেল পুথিভঁৰাল আৰু ইণ্টাৰনেটত উপলব্ধ হ'ব।১০ ইয়াৰোপৰি, চান্দমামাৰ মাল্টিমিডিয়া চিডিও প্ৰকাশ পাইছে।
২০০৭ চনৰ শেষৰফালে চান্দমামাৰ ইণ্টাৰনেট সংস্কৰণ ন-ৰূপত প্ৰকাশ পায়। অনাতাঁৰ যোগে চলন্ত কাহিনী কথনৰ পৰম্পৰাক নতুন ৰূপ দিবলৈ উপগ্ৰহ ৰেডিঅ' সেৱা বিতৰক ৱৰ্ডস্পেছৰ সৈতেও ই সংযুক্ত হৈ পৰে।
২০০৮ চনৰ জুলাই মাহত চান্দমামাই ইংৰাজীৰ লগতে হিন্দী, তামিল আৰু তেলুগু ভাষাত ইয়াৰ অনলাইন পৰ্টেল মুকলি কৰে। ঘোষণা কৰা হয় যে সমগ্ৰ ৬০টা বছৰৰ সকলো ভাৰতীয় ভাষাৰ প্ৰকাশ অনলাইন প্ৰবিষ্ট কৰা হ'ব।১১১২
চান্দমামাৰ অসমীয়া সংস্কৰণ
১৯৭৬ চনৰ এপ্ৰিল মাহৰপৰা চান্দমামাৰ অসমীয়া সংস্কৰণ প্ৰকাশিত হয়। তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়াই চান্দমামাৰ অসমীয়া সংস্কৰণৰ বাবে দিয়া শুভেচ্ছা পত্ৰ প্ৰথম সংস্কৰণৰ লগত প্ৰকাশ কৰা হৈছিল।৭ ১৯৯৭ চনলৈ নিয়মীয়াকৈ চান্দমামাৰ অসমীয়া সংস্কৰণ প্ৰকাশ হোৱাৰ পাছত ১৯৯৮ বৰ্ষত চান্দমামাৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ সংখ্যাটো আৰু ১৯৯৯ চনত অকল ডিচেম্বৰ মাহৰ সংখ্যাটো প্ৰকাশ পাইছিল। ইয়াৰ পাছত ২০০০ চনৰপৰা আকৌ চান্দমামাৰ অসমীয়া সংস্কৰণ নিয়মিতভাৱে প্ৰকাশ হৈ আছে।
বাহ্যিক সংযোগ
- চান্দমামাৰ পুৰণি সংখ্যা (জানুৱাৰী ১৯৮৪ সংখ্যাৰ পৰা মাৰ্চ ২০১৩ সংখ্যালৈ, chandamama.in)
- চান্দমামাৰ পুৰণি সংখ্যা (ফেব্ৰুৱাৰী ১৯৮৬ সংখ্যাৰ পৰা মাৰ্চ ২০১৩ সংখ্যালৈ, Internet Archive)
তথ্যসূত্ৰ
- ↑ Warrier, Shobha. (22 September 1999). Chandamama should replace cartoon networks. Rediff.com
- ↑ Reddy, B. Vishwanatha. (1 December 2012). A True Karma Yogi. The Hindu. IPC Media
- ↑ Ramasurya, Rajawat, MV, Yatish. (8 Aug 2003). Disney set to tell Chandamama stories. The Economic Times
- ↑ চান্দমামা, মাৰ্চ ১৯৯৬; আগষ্ট ১৯৯৬
- ↑ Warrier, Shobha. (22 September 1999). Investors Revive Chandamama. Rediff.com
- ↑ চান্দমামা, ১৯৯৬ মাৰ্চ। পৃষ্ঠা১১।
- ↑ চান্দমামাৰ আৰ্কাইভ, পৃষ্ঠাঃ২
- ↑ Ragharajan, A.D. (26 Januwary 2007). Now, catch Chandamama online. The Hindu
- ↑ (7 March 2007). Geodesic to buy Chandamama for Rs 10 crore. The Times Of India
- ↑ (27 January 2007). Chandamama to digitise archived issues. The Hindu
- ↑ Chandamama Tamil/Hindi sites launched
- ↑ Archives are available at www.chandamama.com/archive/storyArchive.php
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চান্দমামা” প্ৰবন্ধৰ সংশোধন ৬৩৯৬০৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।