অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বজ্জিকা ভাষা

বজ্জিকা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি পূৰ্বী ভাৰত আৰু নেপালৰ কোনো কোনো অংশত ব্যৱহাৰ কৰা হয়। এই ভাষা মৈথিলীৰ সৈতে ওচৰেৰে সম্বন্ধিত আৰু ইয়াক অনেকে মৈথিলীৰ উপভাষাও জ্ঞান কৰে।

হালনাগাদ: ২৫ অক্টোবৰ ২০২৩ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বজ্জিকা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি পূৰ্বী ভাৰত আৰু নেপালৰ কোনো কোনো অংশত ব্যৱহাৰ কৰা হয়।১ এই ভাষা মৈথিলী ভাষাৰ সৈতে ওচৰেৰে সম্বন্ধিত আৰু ইয়াক অনেকে মৈথিলীৰ উপভাষাও জ্ঞান কৰে।

অঞ্চল

বজ্জিকা মুখ্যতঃ ভাৰতৰ বিহাৰ ৰাজ্য উত্তৰ-পশ্চিম ভাগত কোৱা হয়। সেই ঠাইক বজ্জিকাঞ্চল নামেৰে জনা যায়। এই অঞ্চলত সমষ্টিপুৰ, সীতামঢ়ী, মুজফ্ফৰপুৰ, বৈশালী আৰু শেওহৰ জিলা আছে। ই চুবুৰীয়া দৰভংগা জিলাতো কিছু পৰিমাণে কোৱা হয়।২ ২০১৩ চনৰ এটি অনুমান অনুযায়ী (যি ২০০১ চনৰ ভাৰতীয় জনগণনাৰ ওপৰত আধাৰিত) বজ্জিকা ভাষী লোকৰ সংখ্যা প্ৰায় ২ কোটি (যাৰেই প্ৰায় ১১ কোটি নিৰক্ষৰ)।৩

বজ্জিকা নেপালতো কোৱা হয়, য'ত ২০০১ চনৰ লোকপিয়ল অনুযায়ী ২৩৭৯৪৭জন লোকে এই ভাষাক মাতৃভাষা জ্ঞান কৰিছিল।৪

মৈথিলী ভাষাৰ সৈতে সম্পৰ্ক

বেজিকাক মৈথিলী ভাষাৰ এটা উপভাষা হিচাপে গণ্য কৰা হৈছে অনেক উৎসত।৫৬৭ বজ্জিকাক মৈথিলীৰ উপভাষা বুলিব পৰা যায় নে নাযায় সেই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে "মৈথিলী" শব্দেৰে উত্তৰ বিহাৰত কথিত মানক মৈথিলী উপভাষাক সম্বোধন কৰা হৈছে নে সম্বন্ধিত উপভাষাৰ গোট হিচাপে গোটেই ভাষাটোক।

বিংশ শতিকাৰ আগৰ ভাগত যেতিয়া মৈথিলী ভাষী লোকে মৈথিলী ভাষাক প্ৰাথমিক শিক্ষাৰ মাধ্যম কৰাৰ দাবী তুলিছিল, বজ্জিকা ভাষী লোকে তাৰ বিৰোধ কৰি হিন্দী ভাষাকহে মাধ্যম কৰাৰ সমৰ্থন কৰিছিল।৮ যেতিয়া ১৯৬০ আৰু ৭০ৰ দশকৰ মৈথিলী ভাষী লোকে পৃথক মিথিলা ৰাজ্যৰ দাবী কৰিছিল, তেতিয়াও অংগিকা আৰু বজ্জিকা ভাষী লোকে তাৰ বিৰোধ কৰিছিল আৰু নিজৰ নিজৰ ভাষাৰ স্বীকৃতি দাবী কৰিছিল।৯

মৈথিলী ভাষাক সমৰ্থন কৰা অনেকে বিশ্বাস কৰে যে বিহাৰ চৰকাৰ আৰু হিন্দীবাদী বিহাৰ ৰাষ্ট্ৰভাষা পৰিষদেহে অংগিকা আৰু বজ্জিকাক পৃথক ভাষা বুলি দাবী কৰিবলৈ উক্ত ভাষা কোৱা লোকসকলক প্ৰৰোচিত কৰিছিল যাতে মৈথিলী ভাষা আন্দোলনৰ শক্তি হ্ৰাস পাওক। তাৰেই অনেকে বৰ্তমানেও অংগিকাক মৈথিলীৰ উপভাষা বুলি মানি চলে।১০ মুখ্যতঃ মৈথিল ব্ৰাহ্মণ আৰু কৰণ কায়স্থ জাতৰ লোকে মৈথিলী ভাষা আন্দোলনক সমৰ্থন কৰি আহিছে, যাৰ বিপৰীতে অঞ্চলটোৰ অন্য জাতৰ লোকে অংগিকা বা বজ্জিকাকহে নিজৰ মাতৃভাষা বুলি কৈ আহিছে আৰু মৈথিলী পৰিচয়ৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছে।১১

বজ্জিকা ভাষাত চলচ্চিত্ৰ

লক্ষ্মী এলথিন হাম্মাৰ অংগনা (২০০৯) বজ্জিকা ভাষাত মুক্তি লাভ কৰা এখন আনুষ্ঠানিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি। তাৰ পাছত সজন ঐহা ডোলী লে কে নামৰ ছবি এখনেও মুক্তি লাভ কৰিছে।১২

তথ্য সংগ্ৰহ

আৰু পঢ়ক

  • Kashyap, Abhishek Kumar. 2014. The Bajjika language and speech community. International Journal of the Sociology of Language 227: 209–224.
  • Kashyap, Abhishek Kumar. 2012. The pragmatic principles of agreement in Bajjika verb. Journal of Pragmatics 44: 1668–1687.

বাহ্যিক সংযোগ

  • www.bajjika.in 2020-11-02 at the Wayback Machine Official Website of Bajjika Vikash Manch

তথ্যসূত্ৰ

  1. ↑ Klein; Joseph, Brian; Fritz, Matthias. (2017-09-25). Handbook of Comparative and Historical Indo-European Linguistics. Walter de Gruyter GmbH & Co KG. ISBN 978-3-11-026128-8
  2. ↑ Abhishek Kashyap 2014, পৃ. 1
  3. ↑ Abhishek Kashyap 2014, পৃ. 1-2
  4. ↑ Abhishek Kashyap 2014, পৃ. 2
  5. ↑ Ethnologue
  6. ↑ LSI Vol-5 part-2. dsal. পৃ. 106
  7. ↑ LSI Vol-5 part-2. dsal. পৃ. 14
  8. ↑ Mithilesh Kumar Jha 2017, পৃ. 163
  9. ↑ Kathleen Kuiper 2010, পৃ. 57
  10. ↑ Mithilesh Kumar Jha 2017, পৃ. 163
  11. ↑ Manish Kumar Thakur 2002, পৃ. 208
  12. ↑ (17 August 2009). Bhojpuri artist to make first Bajjika film. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষাভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বজ্জিকা ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৭৯৮ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।