অংক নহয় আতংক(Anko Nohoi Aatonko) হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন।১ এইখনক অসমীয়া সমাজত ‘গণিত’ৰ প্ৰতি থকা নেতিবাচক ধাৰণাক সলনি কৰিব পৰা কিতাপ বুলিও কোনো কোনো লোকে কয়।২ কিতাপখন লিখিছে গণিতচ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই। সঞ্জীৱন প্ৰকাশনৰ পৰা, ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত কিতাপখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়। এইখন লেখকৰ দ্বিতীয়খন কিতাপ। প্ৰথমখন হৈছে প্ৰতিভাৰ উৎস। কিতাপখন লেখকে তেওঁৰ স্কুলীয়া দিনৰ প্ৰিয়বন্ধু পবিত্ৰ পেগুৰ হাতত আগবঢ়াইছে।৩
বিৱৰণ
কিতাপখনৰ পাতনিতে লেখকে লিখিছে, ”এইখন কিতাপৰ কথা মই কেতিয়াও ভাবি চোৱা নাছিলোঁ। কিতাপখনৰ চিন্তাটো জগোৱা বাবে শান্তনু কৌশিক বৰুৱাদালৈ আৰু প্ৰকাশক প্ৰীতিমা কৌশিক বৰুৱা বৌলৈ শ্ৰদ্ধা আৰু ধন্যবাদ যাচিলোঁ।” ‘অংক’ আৰু ‘গণিত’, এই শব্দ দুটা যদিও সমাৰ্থকভাৱে ব্যৱহাৰ হয়,দুয়োটাৰ অৰ্থ কিন্তু সুকীয়া। গণিত বুলিলে বিশাল বিষয়টো বুজোৱাৰ পৰিৱৰ্তে অংক বুলিলে বিভিন্ন সংখ্যাৰ যোগ, বিয়োগ প্ৰভৃতি কৰা কাৰ্যটো বা তেনে কাৰ্যটোক বুজায়। এই বিষয়ে পাতনিতে লেখকে স্পষ্টভাৱে বুজি পোৱাকৈ ব্যাখ্যা আগবঢ়াইছে। লগতে লিখিছে, “অৱশ্যে মাজে মাজে ‘অংক’ আৰু ‘গণিত’ দুয়োটা শব্দৰ অৰ্থ একেই যেন হৈ যায়। … কিতাপখনত ‘অংক’ বুলি কওঁতে এই ‘অংক’ আৰু ‘গণিত’ দুয়োটা প্ৰসংগই মাজে মাজে স্পৰ্শ কৰা হৈছে।”৩ এইখন একুৰি ছটা অধ্যায় সন্নিৱিষ্ট এখন কিতাপ।১ কিতাপখনত মাজে মাজে ৰৈ যোৱা উকা অংশসমূহ গণিতবিষয়ক উক্তি, গণিতজ্ঞৰ বাণী, আমোদজনক ঘটনা আদি তথ্যৰে চিত্ৰ সম্বলিত কৰি পূৰ্ণ কৰা হৈছে। কিতাপখনৰ প্ৰতিটো অধ্যায় বা প্ৰবন্ধই গণিত বিষয়ক যদিও গণিতৰ লগত জড়িত নোহোৱা ব্যক্তিৰ বাবেও সহজে বুজি পোৱাকৈ সৰল প্ৰকাশভঙ্গী বিশিষ্ট।২ অধ্যায়সমূহত প্ৰতিফলিত হৈছে গণিতৰ শিক্ষা, প্ৰয়োজনীয়তা তথা বিকাশৰ লগত সমাজ জীৱন, দৈনন্দিন জীৱনৰ প্ৰসংগৰ বিশ্লেষণ, গণিতৰ পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত কিছু অতীৱ প্ৰয়োজনীয় বিষয়ৰ সহজ শিক্ষণ পদ্ধতিৰ আৰ্হি, গণিতৰ বিষয়সমূহ শিকোৱাৰ এক ভিন্ন উপস্থাপন শৈলী, যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব আৰু আকৰ্ষিত হ’ব পৰাকৈ সৰল আৰু অগতানুগতিক।১ উদাহৰণস্বৰূপে iff ৰ ধাৰণা দিবলৈ যাওঁতে লেখকে লিখিছে, “কিবা এটা কথা প্ৰতিপন্ন কৰিবলৈ কেতিয়াবা এটা চৰ্ত প্ৰয়োজনীয় (necessary) হয় আৰু কেতিয়াবা সেই প্ৰয়োজনীয় চৰ্তটো পৰ্যাপ্ত (sufficient) হৈয়ো যাব পাৰে। প্ৰয়োজনীয় আৰু পৰ্যাপ্ত শব্দ দুটাৰ অৰ্থ এনেকুৱাঃ ধৰা, ভাতকেইটা খাবলৈ তোমাক এখন আঞ্জা লাগে। কেতিয়াবা তোমাক ভাজি এখনো প্ৰয়োজন হয়। গতিকে যদি তোমাক ভাতৰ লগতে ভাজি আৰু আঞ্জা দিয়া হয়, তেন্তে সেয়া তোমাৰ বাবে পৰ্যাপ্ত, তুমি ধুনীয়াকৈ ভাত খাব পাৰিবা, তোমাক আন একো নালাগে।”৩ তদুপৰি গণিত বিষয়ত কম নম্বৰ লাভ কৰা বাবে অন্যান্য বিজ্ঞান বিষয় অধ্যয়ন কৰাৰ ক্ষেত্ৰত আহি পৰা অসুবিধাৰ কথা সৰু উদাহৰণ দি লেখকে শেষত লেখিছে “অংক যে সকলোতে লাগে সেই সম্পৰ্কে সামান্য সচেতনতা নথকা বাবেই এনেকুৱা হয়।”৩২
কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, ‘আমি সকলোৱে অংক কৰিব লগা হয় কিয়’, ‘অংক আতংক নহয়’, ‘কিছুমান ছাত্ৰ-ছাত্ৰীক অংকত চোকা যেন লাগে কিয়’,‘অংকত চোকা হয় কেনেকৈ’, ‘স্কুলীয়া জীৱনত অংকত সৰহ নম্বৰ পাইয়ো কিছুমানে পাছত কম নম্বৰ পায় কিয়’,‘অংকৰ আতংক দূৰ কৰিবলৈ কি কৰিবা’, ‘কেইটামান অতি প্ৰয়োজনীয় অভ্যাস’ ‘খৰকৈ অংক কৰিবা কেনেকৈ’, ‘দাঁত ভঙা পচলা’, ‘অংকত সৰহ নম্বৰ পাবা কেনেকৈ’, ‘গণিতৰ পৰীক্ষাৰ আগদিনা’, ‘পৰীক্ষাহলৰ প্ৰস্তুতি’, ‘কেইটামান সংজ্ঞা আৰু উপপাদ্য’, ‘কেইটামান সংখ্যাৰ একক ধৰ্ম’, ‘পেমদাস আৰু বদমাছ’, ‘ঋণাত্মক হৰণ’, ‘বিভাজ্যতা নিৰ্ণয়ৰ কেইটামান পদ্ধতি আৰু iff’, ‘ভগ্নাংশৰ লসাগু আৰু গসাউ বা গসাগু’, ‘লাভ-লোকচান’, ‘শতাংশ আৰু শতকৰা হাৰ’, ‘সৰল সুত আৰু মিশ্ৰ সুতৰ অংক’,‘বয়স, জন্মৰ তাৰিখ,বাৰ আদি উলিওৱাৰ নিয়ম’, ‘অংকৰ যাদু আৰু কেইটামান ৰহস্যপূৰ্ণ সংখ্যা’,‘পৰিসীমা, কালি, পৃষ্ঠকালি, পাৰ্শ্বীয় কালি আৰু আয়তন নিৰ্ণয়ৰ কেইটামান ফৰ্মূলা’, ‘বৈদিক গণিত’ আৰু ‘অংকৰ ফৰ্মূলা আদি সহজে মনত ৰখাৰ কিটিপ’।৩২
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: পংকজ জ্যোতি মহন্ত
লেখক পংকজ জ্যোতি মহন্ত গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। গণিত-বিজ্ঞানৰ উপৰি বিভিন্ন সামাজিক আৰু সাম্প্ৰতিক সময়ৰ প্ৰসংগক লৈ তেওঁ কাকত, ই-আলোচনী আৰু ব্লগৰ জৰিয়তে নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে।৪
লগতে চাওক
তথ্যসূত্ৰ
- ↑ অনামিকা বড়া. (৩১ জানুৱাৰী,২০২১). গণিত প্ৰেম গণিত বিদ্বেষ. অসমীয়া প্ৰতিদিন. পৃ. ৬
- ↑ অনামিকা বড়া. (১৫ জানুৱাৰী,২০২১). গণিতপ্ৰেমীতকৈ গণিতবিদ্বেষীসকলৰ বাবে অধিক প্ৰয়োজনীয় ~ ‘অংক নহয় আতংক’. সাহিত্য ডট অৰ্গ
- ↑ পংকজ জ্যোতি মহন্ত. (ছেপ্টেম্বৰ,২০১৮). অংক নহয় আতংক. প্ৰীতিমা কৌশিক বৰুৱা. ISBN 978-81-937437-8-2
- ↑ ALIPTA JENA. (Wednesday, November 23, 2011). Numbers spell fun on website - Gonitsora transforms maths. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অংক নহয় আতংক (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৯৯৭৪৭ (২২ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।