চম্বয়ালী (টাকৰী লিপিত: 𑚏𑚢𑚶𑚠𑚣𑚭𑚥𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাত ঘাইকৈ ব্যৱহাৰ কৰা হয়।
শ্ৰেণীবিভাজন
চম্বয়ালী ভাষা ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ উত্তৰ বিভাগৰ এটি ভাষা। এই ভাগক পাহাড়ী ভাষা পৰিয়াল নামেৰেও জনা যায়। পাহাড়ী ভাষা পৰিয়ালৰ মাজতো ই পশ্চিম-পাহাড়ী উপ-ভাগৰ অন্তৰ্গত। এই ভাষা চুবুৰীয়া পাহাড়ী ভাষা যেনে মণ্ডিয়ালীৰ সৈতে ভালেমান (৮৩%) পৰস্পৰ বোধগম্যতা আছে।১
ভৌগোলিক বিতৰণ
আনুষ্ঠানিক স্থিতি
এই ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। কোনো কোনোৱে এই ভাষাক পাঞ্জাবী বা ডোগ্ৰীৰ উপভাষাও জ্ঞান কৰে। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই।২ ইউনেস্ক'ৰ মতে এই ভাষা নিশ্চিতভাৱে লুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল চম্বয়ালী শিশুৱে চম্বয়ালী ভাষা মাতৃভাষা হিচাপে নিশিকা হৈছে।৩ ভাৰতৰ স্বাধীনতাৰ পূৰ্বে এই ভাষাই ভালেমান ৰাজ্যিক সহাৰী লাভ কৰিছিল। কিন্তু স্বাধীনতাৰ পাছত হিন্দী ভাষাকহে প্ৰাধান্য দিয়া হৈছে।
২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাত 'পাহাড়ী (হিমাচলী)'ক ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি ধৰা হৈছিল।৪ তেতিয়াৰে পৰা এই বিষয়ত কোনো ইতিবাচক অগ্ৰগতি হোৱা নাই, যদিও অনেক ক্ষুদ্ৰ সংগঠনে ভাষাটো ৰক্ষা কৰিবলৈ চেষ্টা কৰি আহিছে।৫ ৰাজনৈতিক কাৰণত এই ভাষাক হিন্দী ভাষাৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়, যদিও হিন্দীতকৈ এই ভাষা অন্য স্বীকৃত ভাষা যেনে ডোগ্ৰীৰ সৈতেহে মিলে। এজন হিন্দীভাষী আৰু এজন চম্বয়ালীভাষী লোকে ইজনে সিজনক সহজে বুজি নাপায়।
ভাষা
এই ভাষাৰ তিনিটা উপভাষা আছে:৬
- বন্স্যাৰী
- বন্সবাৰী
- গড়ী চম্বয়ালী
লিপি
এই ভাষা টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হয়। টাকৰী লিপিৰ চম্বয়ালী সংস্কৰণকে ইউনিকোডত মানক ৰূপ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।৭

শব্দ সম্ভাৰ
মাহৰ নাম
হিন্দু পঞ্জিকাৰ ১২টা মাহৰ চম্বয়ালী নাম তলত চম্বয়ালী ভাষাৰ শব্দৰ উদাহৰণ হিচাপে দিয়া হৈছে।
| +চম্বয়ালীত মাহৰ নাম | 𑚏𑚢𑚶𑚠𑚣𑚭𑚥𑚯 | चम्बयाली | অসমীয়া লিপিত (সংস্কৃতৰ সমতুল্য বৰ্ণ ব্যৱহাৰ কৰি) | অসমীয়া নাম |
| 𑚏𑚳𑚙𑚤 | चैतर | চৈতৰ | চ'ত | |
| 𑚠𑚨𑚭𑚸 | बसाख | বসাখ | ব'হাগ | |
| 𑚑𑚳𑚕 | जैठ | জৈঠ | জেঠ | |
| 𑚩𑚭𑚖 | हाड | হাড | আহাড় | |
| 𑚨𑚵𑚘 | सौण | সৌণ | শাওন | |
| 𑚡𑚭𑚛𑚶𑚤𑚴 | भाद्रो | ভাদ্ৰো | ভাদ | |
| 𑚨𑚱𑚑 | सूज | সূজ | আহিন | |
| 𑚊𑚭𑚙𑚮 | काति | কাতি | কাতি | |
| 𑚢𑚍𑚳𑚤 | मघैर | মঘৈৰ | আঘোণ | |
| 𑚞𑚴𑚩 | पोह | পোহ | পুহ | |
| 𑚢𑚭𑚍 | माघ | মাঘ | মাঘ | |
| 𑚟𑚵𑚌𑚘 | फौगण | ফৌগণ | ফাগুন |
তথ্যসূত্ৰ
- ↑ intelligibility
- ↑ Indian Language Census
- ↑ Endangered languages
- ↑ Pahari Inclusion. Zee News
- ↑ Pahari Inclusion. The Statesman
- ↑ Chambeali
- ↑ Anshuman Pandey. (6 April 2009). Proposal to Encode the Takri Script in ISO/IEC 10646
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চম্বয়ালী” প্ৰবন্ধৰ সংশোধন ৫৪০৪৭০ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।