'লক্ষীমপুৰ সাহিত্য সভা'উত্তৰ লক্ষীমপুৰ সাহিত্য সভা নামেৰে অসম সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে অৰ্থাৎ ১৯১২ চনত গঠিত হয়। ইয়াৰ প্ৰতিস্থাপক সভাপতি আছিল নীলকণ্ঠ গোহাঞিবৰুৱা আৰু সম্পাদক আছিল ডম্বৰুধৰ গগৈ৷১ পিছত ই “লক্ষীমপুৰ জিলা সাহিত্য সভা’’ নামেৰে পৰিচিত হয়৷ তেতিয়াৰ পৰা অসম সাহিত্য সভাৰ দ্বিতীয় স্তৰৰ শাখা হিচাপে প্ৰায় ৪৫টা শাখাৰে লক্ষীমপুৰ জিলা সাহিত্য সভাই কাম কৰি আছে৷
ইতিবৃত্ত
অসম সাহিত্য সভা গঠন হোৱাৰ পূৰ্বে ১৯১২ চনতেই [পদ্মনাথ গোহাঞিবৰুৱা]]ৰ ভাতৃ নীলকণ্ঠ গোহাঞিবৰুৱা, পানীন্দ্ৰ গগৈ, ডম্বৰুধৰ গগৈৰ আদিৰ নেতৃত্বত “উত্তৰ লক্ষীমপুৰ সাহিত্য সভা’’ গঠিত হৈছিল৷ নীলকণ্ঠ গোহাঞিবৰুৱা আছিল প্ৰতিষ্ঠাপক সভাপতি৷ তেওঁৰ পিছত এই দায়িত্ব বহন কৰিছিল, সৰ্বেশ্বৰ বৰুৱা৷ তাৰপিছত, ১৯১৭ চনত অসম সাহিত্য সভা গঠিত হয়৷ প্ৰথমাৱস্থাত অসম সাহিত্য সভা দুতৰপীয়া আছিল৷ পিছত ই তিনিতৰপীয়া অৰ্থাৎ শাখা, জিলা আৰু কেন্দ্ৰীয় এনেকুৱা স্তৰৰ হৈছেগৈ৷ ১৯৮২ চনত লক্ষীমপুৰ জিলা সাহিত্য পৰিষদ গঠন কৰা হয়৷ ১৯৮৪-৮৫ চনত পৰিষদৰ ঠাইত সভা নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত কৰি “লক্ষীমপুৰ জিলা সাহিত্য সভা’’ কৰা হয়৷ তেতিয়াৰে পৰা লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতিসকল আছিল:১
| ক্ৰমিক নং | সভাপতি | সম্পাদক | কাৰ্যকাল |
|---|---|---|---|
| ১ | হৰেন্দ্ৰনাথ গোস্বামী | হেমচন্দ্ৰ শইকীয়া | ১৯৮২ - |
| ২ | গোলাপ হাজৰিকা | চন্দ্ৰকান্ত শৰ্মা | -১৯৮৫ |
| ৩ | হৰেন্দ্ৰনাথ দেৱগোস্বামী | কৃষ্ণ বৰা | ১৯৮৫- ১৯৮৭ |
| ৪ | মোহন চন্দ্ৰ ভূঞা | চুচেন ভিতৰুৱাল কোঁৱৰ | ১৯৮৭-১৯৮৮ |
| ৫ | বিশ্ব বৰুৱা | ৰমেন শইকীয়া | ১৯৮৮-১৯৯১ |
| ৬ | তাৰিণী চৌধুৰী | নবীন চেতিয়া | ১৯৯১-১৯৯২ |
| ৭ | তাৰিণী চৌধুৰী | যুগল দোলাকাষৰীয়া | ১৯৯২-১৯৯৩ |
| ৮ | হেমচন্দ্ৰ শইকীয়া | যুগল দোলাকাষৰীয়া | ১৯৯৩-১৯৯৫ |
| ৯ | চন্দ্ৰকান্ত শৰ্মা | বিপুল শৰ্মা বৰুৱা | ১৯৯৫-১৯৯৭ |
| ১০ | মাধৱ দত্ত | বিপুল শৰ্মা বৰুৱা | ১৯৯৭-১৯৯৮ |
| ১১ | মাধৱ দত্ত | নিৰন কুমাৰ বৰা | ১৯৯৮-১৯৯৯ |
| ১২ | হেমন্ত কুমাৰ বৰুৱা | ৰঞ্জন কুমাৰ দত্ত | ২০০২-২০০৫ |
| ১৩ | চন্দ্ৰনাথ শইকীয়া | খগেন গগৈ | ২০০৫-২০০৭ |
| ১৪ | স্বপ্না চেতিয়া গগৈ | উপেন কুমাৰ বৰুৱা | ২০০৭-২০০৯ |
| ১৫ | ডা° হৰেন শইকীয়া | হিৰণ্য সভাপণ্ডিত (আব্দুল বছিৰ-ভাৰপ্ৰাপ্ত) | ২০০৯-২০১১ |
| ১৬ | নিত্যানন্দ সেনাপতি | আব্দুল বাছিৰ | ২০১১-২০১৩ |
| ১৭ | নিৰন কুমাৰ বৰা | বিপুল শৰ্মা বৰুৱা | ২০১৩-২০১৫ |
| ১৮ | কৃষ্ণ বৰা | বিপুল শৰ্মা | ২০১৫-২০১৭ |
| ১৯ | সপোন কুমাৰ দত্ত | বীৰেন বৰদলৈ | ২০১৮-২০২০ |
| ২০ | বিপুল শৰ্মা বৰুৱা | নৱ কমল বৰা | ২০২০- |
উত্তৰ লক্ষীমপুৰ সাহিত্য সভা
নীলকণ্ঠ গোহাঞিবৰুৱাই ১৯১২ চনৰ পৰা ১৯৪১ চনলৈ উত্তৰ লক্ষীমপুৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ কাৰ্যকালত দুজন সম্পাদক ক্ৰমে ডম্বৰুধৰ গগৈ আৰু আনন্দৰাম হাজৰিকা৷ দ্বিতীয়জন সভাপতি আছিল, সৰ্বেশ্বৰ বৰুৱা৷ এওঁৰ কাৰ্যকালত চাৰিজন বিশিষ্ট ব্যক্তিয়ে সম্পাদকৰ দায়িত্ব বহন কৰিছিল; বিশ্বনাৰায়ণ শাস্ত্ৰী, যোগানন্দ বৰগোঁহাই, মহেন্দ্ৰ সভাপণ্ডিত আৰু ললিত চন্দ্ৰ বৰুৱাই৷ সৰ্বেশ্বৰ বৰুৱাৰ পিছত, চিৰাজুল হক বৰুৱা, যোগানন্দ বৰগোঁহাই, হেমকান্ত ভট্টাচাৰ্য, লীলাকান্ত দেউৰী ভঁৰালী, হেমচন্দ্ৰ শইকীয়া, দীপাঞ্জলী দত্ত আদিয়ে “উত্তৰ লক্ষীমপুৰ সাহিত্য সভা’’ৰ নেতৃত্ব বহন কৰে৷২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষীমপুৰ সাহিত্য সভা” প্ৰবন্ধৰ সংশোধন ৩৭৯১৮৩ (২৩ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।