অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

লিহাফ

লিহাফ হৈছে ইস্মত চুগতাইয়ে লিখা ১৯৪২ চনৰ উৰ্দু ভাষাৰ চুটিগল্প। উৰ্দু সাহিত্যিক আলোচনী অদব-ই-লতিফত প্ৰকাশিত এই গল্পটোৰ ফলত বহু বিতৰ্ক, উৎকট আৰু এক অশ্ৰাব্য অশ্লীলতাৰ মুকদ্দমাৰ বিচাৰ হৈছিল, য'ত ইস্মতে নিজকে পাকিস্তানৰ লাহোৰ চহৰৰ আদালতত এই কামৰ বাবে ৰক্ষা কৰিব লগা হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

লিহাফ হৈছে ইস্মত চুগতাইয়ে লিখা ১৯৪২ চনৰ উৰ্দু ভাষাৰ চুটিগল্প। উৰ্দু সাহিত্যিক আলোচনী অদব-ই-লতিফত প্ৰকাশিত এই গল্পটোৰ ফলত বহু বিতৰ্ক, উৎকট আৰু এক অশ্ৰাব্য অশ্লীলতাৰ মুকদ্দমাৰ বিচাৰ হৈছিল, য'ত ইস্মতে নিজকে পাকিস্তানৰ লাহোৰ চহৰৰ আদালতত এই কামৰ বাবে ৰক্ষা কৰিব লগা হৈছিল। তেওঁক এই গল্পটো লিখাৰ বাবেও ৰাজহুৱাকৈ ক্ষমা বিচাৰিবলৈ কোৱা হৈছিল কিন্তু তেওঁ যিটো কৰিবলৈ কোনো পধ্যেই সাজু নাছিল আৰু লগতে মুকদ্দমাও জিকিছিল। কাৰণ তেওঁৰ উকীলে এইটো সাব্যস্ত কৰি দেখুৱালে যে এই গল্পটোত কোনো ধৰণৰ যৌন কৰ্মৰ পৰামৰ্শ বা বিৱৰণ বিচাৰি পোৱা নাযায় আৰু লগতে প্ৰসিকিউচন সাক্ষীসকলেও কোনোধৰণৰ অশ্লীল শব্দৰ ব্যৱহাৰ গল্পটোত দেখুৱাব নোৱাৰিলে। অৱশেষত ৰায় শুনোৱা হয় যে গল্পটো এটা পৰামৰ্শমূলক গল্পহে যিটো এজনী সাত-আঠ বছৰীয়া সৰু ছোৱালীৰ দৃষ্টিকোণৰ ফালৰ পৰাহে কোৱা হৈছে।১

"লিহাফ" নামৰ চুটিগল্পটোত চুগতাইয়ে তেওঁৰ কথাকাৰ বা বাচক হিচাপে এগৰাকী আঠ বছৰীয়া শিশুক বাছি লৈছে, আৰু তেওঁ এই কাহিনীটো বা গল্পটো বিভাজনৰ আগতে থকা উপনিৱেশিক ভাৰতৰ পৃষ্ঠভূমিত স্থাপন কৰিছে, অৰ্থাৎ যেতিয়া ভাৰত, পাকিস্তান আৰু বাংলাদেশ – সকলো একেখন দেশৰে মাথোঁ এক অভিন্ন অংশ আছিল। বেগম জানৰ (মহাৰাণী জান) পৃথিৱীখনো সম্ভৱতঃ সেই 'বিভাজন'ৰ ফলস্বৰূপে সৃষ্টি হোৱা বিপত্তিজনক পৰিস্থিতি আৰু দুৰ্যোগৰ সৈতে হেৰাই গৈছিল – আধুনিক মানৱ জাতিৰ ইতিহাসৰ পৃষ্ঠাত লিখিত সৰ্ববৃহৎ গণ প্ৰব্ৰজনৰ বাবে ব্যৱহিত এক ৰক্তহীন শব্দ, আৰু হয়তো এইটোয়েই সেই কালিকা লগোৱা যুগ, যেতিয়া লাখ-লাখ নিৰীহ আৰু নিষ্পাপ লোকে নিজৰ আপোন ঘৰখনৰ লগতে আপুৰুগীয়া জীৱনটোও হেৰুৱাবলৈ বাধ্য হৈছিল।

গ্ৰন্থসূচী

  • The Quilt and Other Stories, New Delhi, Kali for Women, 1996.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Priyamvada Gopal. (2012). Literary Radicalism in India: Gender, Nation and the Transition to Independence. Routledge. পৃ. 83–84. ISBN 978-1-134-33253-3

সম্পৰ্কিত শ্ৰেণী

সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিহাফ” প্ৰবন্ধৰ সংশোধন ৩৮৫৮২৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।