অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সমাজভাষাবিজ্ঞান পৰিচয় (গ্ৰন্থ)

সমাজভাষাবিজ্ঞান পৰিচয় গ্ৰন্থখনৰ লিখক অনুৰাধা শৰ্মা। গ্ৰন্থখনত আধুনিক ভাষাবিজ্ঞানৰ এটা প্ৰধান শাখা সমাজভাষাবিজ্ঞান (Sociolinguistics)ৰ বিষয়ে আলোচনা কৰা হৈছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সমাজভাষাবিজ্ঞান পৰিচয় গ্ৰন্থখনৰ লিখক অনুৰাধা শৰ্মা। গ্ৰন্থখনত আধুনিক ভাষাবিজ্ঞানৰ এটা প্ৰধান শাখা সমাজভাষাবিজ্ঞান (Sociolinguistics)ৰ বিষয়ে আলোচনা কৰা হৈছে। সমাজভাষাবিজ্ঞানে মূলতঃ সমাজত ভাষাৰ স্থান, ভাষিক ভিন্নতা, সম্বোধনগত পাৰ্থক্য, ভাষাৰ সামাজিক আৰু সাংস্কৃতিক ভিত্তি, ভাষা আৰু লিংগভেদ, নৃগোষ্ঠী আদি সম্পৰ্কে আলোচনা কৰে। গ্ৰন্থখনত এই সামগ্ৰিক বিষয়বস্তুসম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়োৱা হৈছে।১

লিখকৰ পৰিচয়

অনুৰাধা শৰ্মা (Anuradha Sarma) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু সাহিত্যিক। তেখেতে ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। পৰৱৰ্তী সময়ত ২০০৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত যোগদান কৰে। তেখেতৰ বৰ্তমানলৈকে ১৪খন প্ৰবন্ধ সংকলন, ৭খন সম্পাদিত গ্ৰন্থ, ৭খন উপন্যাস, ১খন উপন্যাসিকাৰ সংকলন, ৪খন নাটক প্ৰকাশ পাইছে। ৰুদ্ৰাণী শৰ্মা তেখেতৰ ছদ্মনাম। নতুন নিনাদ আলোচনীখনৰো তেওঁ সম্পাদক।২

গ্ৰন্থ বিৱৰণ

গ্ৰন্থখনত সৰ্বমুঠ চাৰিটা অধ্যায় আছে। এই অধ্যায়কেইটাত সন্নিৱিষ্ট বিষয়বস্তুসমূহ হৈছে-

প্ৰথম অধ্যায়: সমাজভাষাবিজ্ঞান: সংজ্ঞা আৰু পৰিসৰ

  • সমাজভাষাবিজ্ঞান সম্পৰ্কীয় চিন্তা-চৰ্চা সমাজভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষা আৰু সমাজ, সমাজভাষাবিজ্ঞানৰ পৰিসৰ, সমাজভাষাবিজ্ঞানৰ প্ৰকাৰ, ভাষিক দক্ষতা আৰু যোগাযোগ দক্ষতা

দ্বিতীয় অধ্যায়: সামাজিক ভাষাৰূপ

  • সামাজিক-সাংস্কৃতিক প্ৰক্ৰিয়া হিচাপে ভাষা ভাষা আৰু ধৰ্ম, ভাষা আৰু সামাজিক শ্ৰেণী, ভাষা আৰু লিংগভেদ, ভাষা আৰু নৃগোষ্ঠী

তৃতীয় অধ্যায়: ভাষাৰূপৰ বিভিন্নতা

  • ভাষিক সংযোগ, উপভাষা, মান্য ভাষা আৰু ভাষাৰ মানকৰণ, পৰিস্থিতি নিৰ্ধাৰক ভাষা বা ৰেজিষ্টাৰ, কোড সঞ্চৰণ, কোড সঞ্চৰণ এক যোগাযোগ কৌশল, দ্বিভাষিকতা আৰু বহুভাষিকতা, ডাইাছিয়া, পিজিন আৰু ক্ৰেওল

চতুৰ্থ অধ্যায়: ভাষা আৰু ৰাজনীতি

  • ভাষা আৰু ক্ষমতা, ভাষা আৰু জাতি-ৰাষ্ট্ৰৰ ধাৰণা

তথ্যসূত্ৰ

  1. ↑ অনুৰাধা শৰ্মা. (২০১৬). সমাজভাষাবিজ্ঞান পৰিচয়. বান্ধৱ. পৃ. আগকথা
  2. ↑ মুক্তি দেউলৰ ৰূপকাৰ, সম্পাদক-অনুৰাধা শৰ্মা, দিলীপ বৰা, জ্যোতি প্ৰকাশন, ২০০৯, পৃষ্ঠা-১৭৫

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমাজভাষাবিজ্ঞান পৰিচয় (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৮৩৭৫৩ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।