যোগীৰ শাস্তি (ইংৰাজী ভাষা: The Jogi's Punishment) হ'ল এটা ভাৰতীয় সাধুকথা, যিটো ফেৰোচপুৰৰ পৰা মেজৰ কেম্পবেলৰ দ্বাৰা সংগৃহীত এটা পঞ্জাবী সাধু। এণ্ড্ৰু লেংঙে তেওঁৰ দ্য লিলাক ফেয়াৰী বুকত এইটো অন্তৰ্ভুক্ত কৰিছে।১২৩ এই ভাৰতীয় লোককথাটোৰ নীতিশিক্ষা হ'ল যে— বেয়াই সদায় তাৰ প্ৰাপ্য শাস্তি পায়। এই সাধুটোত এজন বিখ্যাত পবিত্ৰ মানুহ আছে যি আচলতে সিমান পবিত্ৰ নহয়, এজন স্বাৰ্থপৰ আৰু অতি সৰল ৰজা আছে যিয়ে পবিত্ৰ মানুহজনৰ প্ৰতিভা আৰু আশীৰ্বাদসমূহ কেৱল নিজৰ বাবেহে ৰাখিব বিচাৰে আৰু এগৰাকী অতি কৌতুহলী ৰাজকুমাৰী আছে, যিয়ে ৰাজপ্ৰসাদৰ চৌহদ ত্যাগ নকৰিবলৈ দিয়া দেউতাকৰ আদেশ অমান্য কৰে। যদিও "দিলাৰামৰ সাহসী যুৱৰাজ"ৰ বিষয়ে বৰ বেছি একো কোৱা হোৱা নাই, কিন্তু তেৱোঁ নিশ্চয় কিবা ভুল কৰিছে, যাৰ বাবে পত্নী হিচাপে এগৰাকী অবাধ্য ৰাজকুমাৰীক পাইছে।২
সাৰমৰ্ম
এজন ৰজাই নিজৰ চহৰত এজন যোগীক আদৰণি জনাইছিল। তেওঁ এটা ঘৰ সাজিছিল য'ত তেওঁ অতিথি আদৰিব পাৰে। ৰজাৰ একমাত্ৰ সন্তান আছিল এগৰাকী সুন্দৰী কন্যা, যি চুবুৰীয়া দেশৰ এজন ৰজা দিলাৰামৰ পুত্ৰৰ বাগদত্তা আছিল।১ এদিন এই কন্যাগৰাকী যোগীক দেখা কৰিবলৈ গৈছিল। যোগীজন লগে লগে ৰাজকুমাৰীৰ প্ৰতি আসক্ত হৈ পৰে। ৰাজকুমাৰীয়ে তেওঁৰ উদ্দেশ্য ধৰিব পাৰি প্ৰাণ ৰক্ষাৰ বাবে তাৰ পৰা পলায়ন কৰে। যোগীয়ে তেওঁলৈ লক্ষ্য কৰি এপাট বৰ্শা নিক্ষেপ কৰে। বৰ্শা পাত ৰাজকুমাৰীৰ ভৰিত লাগে আৰু তেওঁ আঘাতপ্ৰাপ্ত হয়।
পিছদিনা, যোগীয়ে দাবী কৰে যে এজন ৰাক্ষস তেওঁক দেখা কৰিবলৈ আহিছিল। ৰাক্ষসটো এগৰাকী সুন্দৰী যুৱতীৰ ছদ্মবেশত আহিছিল, কিন্তু তাৰ পিছত এটা ভয়ংকৰ দৈত্যলৈ ৰূপান্তৰিত হৈছিল। ৰজাই তেতিয়া সেই সুন্দৰী যুৱতীগৰাকীক বিচাৰি চলাথ কৰে, যাৰ ভৰিত বৰ্শাৰ আঘাতৰ চিন আছে। তেওঁ সেই সুন্দৰী ছোৱালীজনীক বিচাৰি পায় আৰু উপলব্ধি কৰে যে এইগৰাকী তেওঁৰেই কন্যা। তেতিয়া যোগীয়ে ঘোষণা কৰে যে ৰজাৰ প্ৰকৃত কন্যাক শৈশৱতে দুষ্ট আত্মাই চুৰি কৰি লৈ গৈছিল আৰু এতিয়া এইগৰাকীয়ে ৰাজকুমাৰীৰ ভেশ ধৰি বহি আছে। ৰজাই এটা চন্দুক তৈয়াৰ কৰাই তেওঁৰ কন্যাক তাত বন্দী কৰি নদীত উটুৱাই দিয়ে।
পিছদিনা ৰাতিপুৱা, তেওৰ বাগদত্ত ৰাজকুমাৰে নদীৰ পাৰত চিকাৰ কৰিবলৈ গৈ চন্দুকটো বিচাৰি পায়। তেওঁ তাৰ ভিতৰৰ পৰা ৰাজকুমাৰীক মুক্ত কৰে আৰু দেখে যে তেওঁ তেওঁৰেই বাগদত্তা। ৰাজকুমাৰীয়ে তেওঁক সকলো কথা বিৱৰি কয়।১ সেই স্থানতে তেওঁলোকৰ বিবাহ সম্পন্ন হয়। ৰাজকুমাৰে এটা বিয়াগোম বান্দৰক ৰাজকুমাৰীৰ সেই চন্দুকটোত ভৰাই পুনৰ নদীত উটুৱাই দিয়ে। যোগীয়ে তেওঁৰ শিষ্যসকলক সেই চন্দুকটো উদ্ধাৰ কৰি আনিবলৈ বাধ্য কৰে আৰু তাৰ পিছত তেওঁলোকক ঘৰৰ ভিতৰত নোসোমাবলৈ নিৰ্দেশ দিয়ে, তেওঁলোকে যিয়েই চিঞৰ নুশুনক কিয়। ৰাজকুমাৰীক ডিঙি চেপি হত্যা কৰিবলৈ তেওঁ এডাল ৰেচমী জৰী উলিয়াই লয়। ইয়াৰ কিছু সময়ৰ পিছত যোগীৰ শিষ্যসকলে যোগীৰ কণ্ঠত সহায় বিচাৰি কৰা চিঞৰ শুনে, কিন্তু নিৰ্দেশ নথকাত তেওঁলোক ঘৰত প্ৰৱেশ নকৰিলে।১ অৱশেষত তেওঁলোকে যোগীৰ কোঠাত সোমাই তাত তেওঁৰ মৃতদেহ দেখা পায়।
অতি সোনকালেই যোগীৰ মৃত্যুৰ খবৰ বিয়পি পৰে। যেতিয়া ৰাজকুমাৰীয়ে যোগীৰ মৃত্যুৰ খবৰ পায়, তেতিয়া তেওঁ দেউতাকৰ সৈতে সকলো সমস্যা সমাধান কৰি লয়।১
তথ্যসূত্ৰ
- ↑ The Jogi’s Punishment. thestoryhut.com
- ↑ The Jogi’s Punishment. shortsonline
- ↑ Publication: The Lilac Fairy Book. The Internet Speculative Fiction Database
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগীৰ শাস্তি” প্ৰবন্ধৰ সংশোধন ৬০২৬৭০ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।