অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শৰীৰ আৰু হৃদয়

শৰীৰ আৰু হৃদয়(Harir Aaru Hriday) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৩০ টা প্ৰবন্ধ আছে।

হালনাগাদ: ৮ মে’ ২০২৫ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শৰীৰ আৰু হৃদয়(Harir Aaru Hriday) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৩০ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ২০১০ চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে ডাঃ জয়ন্তবিশ্ব শৰ্মা আৰু কুন্তলমণি শৰ্মা বৰদলৈলৈ আগবঢ়াইছে।১

বিৱৰণ

'শ্ৰুতলিপি' শীৰ্ষক অধ্যায়ৰ পিছতে কিতাপখনত থকা অন্যান্য প্ৰবন্ধসমূহ হৈছে:- 'শৰীৰ আৰু হৃদয়', 'টলষ্টয় আৰু ঈশ্বৰ', 'লেখক', 'সাংবাদিক', 'কিতাপ', 'কলেজ', 'মাদাৰ টেৰেছা আৰু ঈশ্বৰ', 'মই যদি জানিলোহেঁতেন', 'পিতৃ-মাতৃ', 'জেইমছ্‌ ফ্ৰেজাৰ যিদিনা অন্ধ হৈছিল', 'হেনৰি লুই মেনকন আৰু ঈশ্বৰ', 'বিশ্বাস আৰু অবিশ্বাস', 'জীৱনলৈ মৃত্যুৰ উপহাৰ', 'কিতাপৰ সৈতে কথা-বাৰ্তা', 'মানুহৰ মূৰৰ দাম','যিবোৰ বস্তু আমাৰ জীৱনৰ পৰা চিৰকাললৈ হেৰাই গ'ল', 'দুৰাৰোগ্য ৰোগীসকলৰ কাৰণে এটা কাহিনী', 'এটা প্ৰশ্ন', 'তিনিটা প্ৰশ্ন', 'টেৰেৰাই ট্ৰেণ্ট', 'ৰবিনছন ক্ৰুছো', 'জৰ্জ ফাৰ্নাণ্ডেজ', 'চম্পাৱতী দলে', 'গোলাপ বৰবৰাক মই যেনেকৈ জানিছিলো', 'কেনেকৈ মৰিব লাগে', 'উপনিষদৰ শান্তিবচন', 'কেন উপনিষদৰ ব্ৰহ্মবিদ্যা', 'অথবা তেৱোঁ নাজানে' আৰু 'বৃক্ষৰোপণ'।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (জুন,২০১৫). শৰীৰ আৰু হৃদয়. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰীৰ আৰু হৃদয়” প্ৰবন্ধৰ সংশোধন ৫০৬৬১৫ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।