সংস্কৃতিৰ দাপোণ (Sanskritir Dapoon) বৰ্তমান সময়ত প্ৰকাশিত একমাত্ৰ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) মাহেকীয়া সাংস্কৃতিক বাতৰিকাকত। ২০২৪ চনৰ ৭ জানুৱাৰীত প্ৰথমবাৰৰ বাবে প্ৰকাশিত কাকতখনৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। নবীন-প্ৰবীণ লেখকৰ দ্বাৰা অসমীয়া নাটক, চলচ্চিত্ৰ, সংগীত আদি বিষয়ৰ প্ৰবন্ধ, নিবন্ধ, নাটক- চলচ্চিত্ৰৰ সমালোচনা, শিল্পী পৰিচয়, সাক্ষাৎকাৰ, অসমৰ বৈচিত্ৰময় সাংস্কৃতিৰ বা- বাতৰি আদিৰ লগতে বিশ্বৰ চলচ্চিত্ৰ, নাট্যকলা, সংগীত আদি বিবিধ লেখাক কাকতখনে অগ্ৰাধিকাৰ দি আহিছে। সংস্কৃতিৰ দাপোণ কাকতখনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ আৰু সম্পাদক মনোৰঞ্জন কলিতা।১
সমল
অসমৰ সংস্কৃতি তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ অতীত অন্বেষণ, বৰ্তমান বিশ্লেষণ আৰু ভৱিষ্যতৰ দিকদৰ্শী চিন্তাৰে স্বনামধন্য লেখকৰ লগতে নতুনসকলৰ বিবিধ লেখা সংস্কৃতিৰ দাপোণ কাকতখনত নিয়মীয়াকৈ প্ৰকাশ হৈ আহিছে। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক বা- বাতৰি সঠিক আৰু সবিশেষৰূপত প্ৰকাশ হৈ আহিছে। অসমৰ বৈচিত্ৰময় সংস্কৃতিৰ সঠিক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আগবাঢ়ি যোৱা সংস্কৃতিৰ দাপোণ কাকতখনে ইতিমধ্যে ভাৰত চৰকাৰৰ পঞ্জীয়ন লাভ কৰিছে।২ দাপোণ প্ৰকাশন গোষ্ঠীয়ে মাহেকীয়া সাংস্কৃতিক কাকত সংস্কৃতিৰ দাপোণ ৰ লগতে ছমহীয়া সাংস্কৃতিক আলোচনী দাপোণ প্ৰকাশ কৰি আহিছে।৩
তথ্যসূত্ৰ
- ↑ সাংস্কৃতিক কাকত “সংস্কৃতিৰ দাপোণ”ৰ বৰ্ষপূৰ্তি উদ্যাপন. ইউটিউব
- ↑ Sanskritir Dapoon. Press Registrar General of India. Government of India
- ↑ অসমীয়া সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে শাৰদীয় সাংস্কৃতিক আলোচনী ‘দাপোণ’ উন্মোচন. দৈনন্দিন বাৰ্তা গ্ৰুপ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংস্কৃতিৰ দাপোণ” প্ৰবন্ধৰ সংশোধন ৬০৩২৬৪ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।