শুকুলা ঘোঁৰা অসমীয়া লেখক প্ৰবীণা শইকীয়াৰ এখন সামাজিক উপন্যাস। শুকুলা ঘোঁৰা উপন্যাসখন মূলতঃ অসমৰ গ্ৰাম্য সমাজৰ পটভূমিত ৰচিত। উপন্যাসখনত চহা জীৱনৰ ছবি প্ৰতিফলিত হৈছে। উপন্যাসখনত সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ প্ৰভাৱ পৰিছে। মানুহৰ দেহৰ অংগৰ বিচাৰ কৰা, ভূত-প্ৰেত বিশ্বাস, জৰা-ফুকা, ক'লা যাদু, মন্ত্ৰ, তাবিজ আদিৰ বিশ্বাস উপন্যাসখনত প্ৰতিফলিত হৈছে। ঔপন্যাসিকৰ মৃত্যুৰ পাছত উপন্যাসখন প্ৰকাশ পাইছে।
ঔপন্যাসিকৰ চমু পৰিচয়
প্ৰবীণা শইকীয়া অসমীয়া সাহিত্যৰ স্বৰাজোত্তৰ কালৰ এগৰাকী বিশিষ্ট লেখক। ১৯৩৬ চনৰ তিনিচুকীয়াত তেখেতৰ জন্ম হয়। ৰামধেনু লগতে তেখেতে মনিদীপ, প্ৰকাশ (আলোচনী) আলোচনীত সাহিত্য চৰ্চা কৰে। তেখেতে ৰচনা কৰা উপন্যাস সমূহ হ'ল- উত্তৰায়ণ (১৯৬৭), সিংহদুৱাৰ(১৯৮২) আৰু শুকুলা ঘোঁৰা (২০০৫)। তেখেতৰ গল্প সংকলন কেইখনৰ নাম হ'ল- চিত্ৰ তুৰগ (১৯৭৯), অবিনাশী স্বপ্ন (১৯৯০)। অনুবাদ কৰ্ম- অজান দেশত এলিচ (১৯৬৩), দাপোন দেশত (এলিচ), স্নাৰ্ক চিকাৰ (১৯৮২), অমূল্য ৰত্নৰ দ্বীপ, কলামণি। এইগৰাকী লেখিকাই অতি কম বয়সত ১৯৯৯ চনত মৃত্যুবৰণ কৰে।১
চৰিত্ৰ
উপন্যাসখনত সন্নিৱিষ্ট চৰিতসমূহ হ'ল; হেমধৰ, সাৱিত্ৰী, হেমধৰৰ মাক, যশোদা বুঢ়ী, সোণকণ, মাধৱ, সোণেশ্বৰ, যদু, ফেচুঁ, প্ৰেমকান্ত বায়ন, অপেছৰী (তিলোত্তমা), সপোন ককাইদেউ, গোপাল, ইলাহী, কৰিম, বায়ননী, মাধৱ, হাইঠা, থানু ইত্যাদি।
উপন্যাসখনৰ চমু কাহিনী
এই উপন্যাসখন মূলতঃ চৰিত্ৰ প্ৰধান উপন্যাস। উপন্যাসখনত প্ৰতিটো চৰিত্ৰৰ লগত একোটা কাহিনী উপস্থাপন কৰিছে। উপন্যাসখনত সাৱিত্ৰী চৰিত্ৰটোক এটা শোষিত চৰিত্ৰ হিচাপে দেখুওৱা হৈছে। সাৱিত্ৰী কিদৰে অন্ধবিশ্বাসৰ বলি হৈ শাহুৱেকৰ দ্বাৰা শোষিত হ'ব লগা হয়, যাৰ বাবে আত্মহত্যাৰ দৰে পথ বাচিব লগা হয়, সেইকথা উপন্যাসখনৰ মাজেৰে প্ৰতিফলিত হৈছে। সাবিত্ৰী হেমধৰৰ ঘৈণীয়েক। হেমধৰ শিক্ষিত যদিও অন্ধবিশ্বাসৰ বিৰোধিতা কৰিব পৰা নাই। যশোদা এটা সাহসী আৰু প্ৰতিবাদী চৰিত্ৰ। তেওঁ সমাজৰ কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতিছে। যশোদাৰ মাজত এটা ক্ষীণ নাৰীবাদ প্ৰকাশ পাইছে। সমাজত নাৰীক পুৰুষৰ সমানে বহিব দিয়া হোৱা নাছিল। যাৰ বাবে যশোদাই প্ৰতিবাদ কৰিছে। কিন্তু অৱশেষত হাৰ মানি মৃত্যুবৰণ কৰিছে। উপন্যাসখনত এটা বগা ঘোঁৰাৰ কথা কোৱা হৈছে। সকলোৱে ঘোঁৰাটোক দেৱতা বা ঐশ্বৰিক শক্তি বুলি ভাৱিছিল। কিন্তু ঘোঁৰাটো ইলাহীৰহে আছিল। অপেছৰীক ইচ্ছাৰ বিৰুদ্ধে প্ৰেমকান্তই বিয়া দিব লয়, কিন্তু তাই বিয়াৰদিনাই পলাই যায়। উপন্যাসখনত বাস্তৱ জীৱনৰ কিছুমান ঘটনা প্ৰকাশ পাইছে।২
তথ্যসূত্ৰ
- ↑ প্ৰবীণা শইকীয়া
- ↑ প্ৰবাণা শইকীয়া. (২০০৫). শুকুলা ঘোঁৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুকুলা ঘোঁৰা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫০৪৪৪৪ (২৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।