অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শিল্প-সংস্কৃতিৰ ৰণাঙ্গন

শিল্প-সংস্কৃতিৰ ৰণাঙ্গন হৈছে অসমৰ বিশিষ্ট সমালোচক-সাহিত্যিক ড০ হীৰেন গোহাঁইৰ দ্বাৰা লিখিত আৰু ঐকান্তিক প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ ২৬ টা ভিন্নধৰ্মী বিষয়ত আধাৰিত গ্ৰন্থখনৰ লেখাসমূহ মুঠতে ছটা ভাগত বিভক্ত আৰু লেখাসমূহ লেখকৰ দ্বাৰা ভিন ভিন সময়ত লিখা…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫৩১ শব্দ · ৩ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

শিল্প-সংস্কৃতিৰ ৰণাঙ্গন হৈছে অসমৰ বিশিষ্ট সমালোচক-সাহিত্যিক ড০ হীৰেন গোহাঁইৰ দ্বাৰা লিখিত আৰু ঐকান্তিক প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ ২৬ টা ভিন্নধৰ্মী বিষয়ত আধাৰিত গ্ৰন্থখনৰ লেখাসমূহ মুঠতে ছটা ভাগত বিভক্ত আৰু লেখাসমূহ লেখকৰ দ্বাৰা ভিন ভিন সময়ত লিখা হৈছে৷ ১

সমালোচকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হীৰেন গোহাঁই

হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সাহিত্যিক আৰু সমালোচক।২ ইয়াৰ উপৰিও তেওঁ এগৰাকী কবি,৩ সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেওঁ ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। গোহাঁইৰ পিতৃ মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।৪ অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা" শীৰ্ষক গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।৫ উল্লিখিত গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিল।

গ্ৰন্থৰ নেপথ্য

গ্ৰন্থখনৰ আগকথাত লেখক-সমালোচক ড০ হীৰেন গোহাঁয়ে ভ্ৰাতৃপ্ৰতীম শোণিত বিজয় দাসৰ পৰামৰ্শ মতে বিশেষ গ্ৰন্থখন যুগুতাইছে বুলি প্ৰকাশ কৰিছে৷ কিছুমান প্ৰবন্ধ পুৰণি কিতাপৰ পৰা সংগৃহীত৷

ড০ হীৰেন গোহাঁয়ে কৈছে-বিশুদ্ধ ৰাজনীতিৰ বিতৰ্কিত আৰু বিৰক্তিকৰ উচ্চগ্ৰামৰ তথা জনাৱেগমুখী ভাষণধৰ্মী ৰচনাৰ ঠাইত কিছু চিন্তামূলক আৰু ভাবোদ্দীপক লেখাৰ সংকলন হওক বুলি লেখাবোৰ একত্ৰিত কৰিছোঁ৷ তথাপি ইয়াৰ মূল স্বৰ হ'ল প্ৰচলিত আৰু প্ৰথাগত ধ্যান-ধাৰণাৰ প্ৰতি প্ৰত্যাহ্বান৷...৬

গ্ৰন্থখনৰ বিষয়বস্তু

গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা লেখাসমূহ মুঠতে ছটা ভিন্ন অধ্যায়ত বিভক্ত৷ প্ৰথমটো ভাগত থকা বিষয়সমূহ হৈছে:

(১) জ্যোতিপ্ৰসাদৰপৰা ভূপেন হাজৰিকালৈ:প্ৰতিভা আৰু প্ৰেৰণাৰ উৎস সন্ধান,

(এই লেখাটো ২০১৮ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদ স্মাৰক বক্তৃতাত দিয়া বক্তব্যৰ লিখিত ৰূপ)

(২) ঢেকিয়াল ফুকন আৰু অসমৰ নৱজাগৰণৰ ধাৰণা,(এই লেখাটো ২০০৩ চনৰ ২৪ ছেপ্টেম্বৰত দ্বিতীয় আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতাৰ দিয়া বক্তব্যৰ লিখিত ৰূপ)

(৩) সংকট কালত গম্ভীৰ কলা-সংস্কৃতিৰ চৰ্চা (অজিৎ বৰুৱা স্মাৰক বক্তৃতা, ১৯ আগষ্ট, ২০২১ ৰ লিখিত ৰূপ)

দ্বিতীয়টো ভাগত থকা বিষয়সমূহ হৈছে:

(১) অদ্বিতীয় বেজবৰুৱা, (বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে, ২০ অক্টোবৰ ২০১৩, নগাঁৱত দিয়া ভাষণ)

(২) অজিৎ বৰুৱা: কবিসত্তা আৰু ব্যক্তিসত্তা,

(৩) জ্যোতিপ্ৰসাদৰ পথ-পৰিক্ৰমাৰ মানচিত্ৰ

তৃতীয়টো ভাগত থকা বিষয়সমূহ হৈছে:

(১) বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাৱলী:এটি টোকা

(২) অনিল ৰায়চৌধুৰীৰ 'নামনি অসমৰ সামাজিক পটভূমি'

(৩) হীৰেন ভট্টাচাৰ্যৰ ৰংশিঙা খংশিঙা

(৪) হীৰেন ভট্টাচাৰ্যৰ কবিতা

(৫) 'যাত্ৰা': হৰেকৃষ্ণ ডেকাৰ অনবদ্য সৃষ্টি

(৬) 'আধুনিকোত্তৰ' মৰীচিকাৰ অণুসৰণত

(৭) প্ৰসঙ্গ: বিষ্ণুপ্ৰসাদ ৰাভা-চৰ্চা

চতুৰ্থটো ভাগত থকা বিষয়সমূহ হৈছে:

(১) আইনষ্টাইনৰ ৰাজনৈতিক জীৱন

(২) এ'ৰিক হবছবওম আৰু ইতিহাসৰ পৰিহাস

পঞ্চমটো ভাগত থকা বিষয়সমূহ হৈছে:

(১) মানুহ শংকৰদেৱ

(২) গণতন্ত্ৰ আৰু জনগণৰ অধিকাৰ

(৩) বিজ্ঞানমনস্কতা আৰু আমাৰ সমাজ

(৪) ধৰ্ম আৰু ৰাজনীতি

ষষ্ঠ ভাগত থকা বিষয়সমূহ হৈছে:

(১) ভূপেন হাজৰিকাৰ সত্তা: চমুটোকা

(২) ভূপেন হাজৰিকাক লৈ প্ৰশ্ন

(৩) সাম্প্ৰতিক অসমীয়া গান

(৪) ইতিহাসৰ পৰিহাস

(৫) আধুনিকতাবাদৰ উৎস আৰু চৰিত্ৰ: এটি প্ৰশ্ন

(৬) ঢেকিয়াল ফুকন বিতৰ্ক

(৭) সমাগত প্ৰলয় আৰু অন্যান্য

আলোচনা

লেখক-সমালোচক ড০ হীৰেন গোহাঁয়ে গ্ৰন্থখনিত অসমীয়া সাহিত্য-সংস্কৃতি আৰু কলাজগতৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে বৰ্ণনা কৰিছে৷ ১৯৮৫ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে বৃহত্তৰ খাৰঘূলি শঙ্কৰ জন্মোৎসৱৰ আলোচনা সভাত আগবঢ়োৱা এটা বক্তৃতাৰ পৰিৱৰ্ধিত ৰূপক এই গ্ৰন্থখনত মানুহ শঙ্কৰদেৱ শিৰোনামেৰে ঠাই দিয়া হৈছে৷ সমালোচকগৰাকীয়ে শঙ্কৰদেৱৰ৭ প্ৰসংগত উল্লেখ কৰিছে

জীৱনত তেওঁ তেওঁৰ আদৰ্শ তথা ভাবধাৰাৰ বাবে অহৰহ সংগ্ৰাম কৰিবলগীয়া হৈছিল, হতাশা আৰু ব্যৰ্থতাৰ লগত প্ৰায়েই তেওঁৰ পৰিচয় হৈছিল, অসন্মান আৰু অপমান, তিক্ততা আৰু নিৰাশাৰ অন্ধকাৰে তেওঁৰ প্ৰতিভাও মাজে-মাজে আৱৰি ধৰিছিল৷ আৰু সেই সকলো বাধা-বিঘিনি, গ্লানি-হতাশা তেওঁ জয় কৰিব পাৰিছিল ঐকান্তিক আদৰ্শনিষ্ঠা আৰু অপৰাজেয় মনোবলেৰে৷

একেদৰে সাম্প্ৰতিক অসমীয়া গান৮ শীৰ্ষক প্ৰবন্ধটোত সমালোচকগৰাকীয়ে নিজৰ মত পোষণ কৰিছে এইদৰে-

.... আজিকালিৰ গায়কে পুৰণা আধুনিক গীতবোৰ গাওঁতেও স্বৰৰ সৃষ্টিশীল প্ৰয়োগৰ অভাৱত সেইবোৰে প্ৰাণস্পন্দন হেৰুৱায়৷ নিৰ্জীৱ অনুকৰণ যেনহে লাগে৷

তথ্যসূত্ৰ

  1. ↑ গোহাঁই, ড০ হীৰেন. (২০২১). শিল্প-সংস্কৃতিৰ ৰণাঙ্গন. ঐকান্তিক. ISBN ৯-৭৮৮১৯৫-১৪৪৮৪৬
  2. ↑ (23 February 2010). Assamese Intellectuals Angry Over 'Injustice' to Gohain. Outlook (magazine)
  3. ↑ Jotwani, Motilal Wadhumal. (1979). Contemporary Indian literature and society. Heritage. পৃ. 6
  4. ↑ সমীন কলিতা. (২০০৮). সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া. পৃ. ১৩৭
  5. ↑ শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কথা বৰেন্য. কথা প্ৰকাশন. পৃ. ৯৯
  6. ↑ গোহাঁই, ড০ হীৰেন. (২০২১). শিল্প-সংস্কৃতিৰ ৰণাঙ্গন. ঐকান্তিক. পৃ. ৪-৫. ISBN ৯৭৮-৮১-৯৫১৪৪৮-৪-৬
  7. ↑ গোহাঁই, ড০ হীৰেন. (২০২১). শিল্প-সংস্কৃতিৰ ৰণাঙ্গন. ঐকান্তিক. পৃ. ২৪২. ISBN ৯৭৮-৮১-৯৫১৪৪৮-৪-৬
  8. ↑ গোহাঁই, ড০ হীৰেন. (২০২১). শিল্প-সংস্কৃতিৰ ৰণাঙ্গন. ঐকান্তিক. পৃ. ৩০৮. ISBN ৯৭৮-৮১-৯৫১৪৪৮-৪-৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসমালোচনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল্প-সংস্কৃতিৰ ৰণাঙ্গন” প্ৰবন্ধৰ সংশোধন ৩৮২৯৩২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।