অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য লিটল হোৱাইট হৰ্ছ

দ্য লিটল হোৱাইট হৰ্ছ (ইংৰাজী: The Little White Horse) হ'ল এলিজাবেথ গৌডজৰদ্বাৰা ৰচিত এখন ফেণ্টাছী ধৰ্মী শিশু উপন্যাস। এইখন পোনপ্ৰথমবাৰৰ বাবে ১৯৪৬ চনত ইউনিভাৰ্ছিটি অৱ লণ্ডন প্ৰেছৰদ্বাৰা প্ৰকাশিত হৈছিল আৰু ইয়াত চি. ৱাল্টাৰ হজেছৰ চিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল।

হালনাগাদ: ১১ এপ্ৰিল ২০২৬ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দ্য লিটল হোৱাইট হৰ্ছ (ইংৰাজী ভাষা: The Little White Horse) হ'ল এলিজাবেথ গৌডজৰদ্বাৰা ৰচিত এখন ফেণ্টাছী ধৰ্মী শিশু উপন্যাস। এইখন পোনপ্ৰথমবাৰৰ বাবে ১৯৪৬ চনত ইউনিভাৰ্ছিটি অৱ লণ্ডন প্ৰেছৰদ্বাৰা প্ৰকাশিত হৈছিল আৰু ইয়াত চি. ৱাল্টাৰ হজেছৰ চিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল।১ ১৮৪২ চনৰ পটভূমিত ৰচিত এই উপন্যাসখনত এগাৰাকী মাউৰা কিশোৰীৰ কাহিনী বৰ্ণনা কৰা হৈছে, যাক ইংলেণ্ডৰ 'ৱেষ্ট কাণ্ট্ৰী'ত থকা তেওঁৰ খুৰাক তথা অভিভাৱকৰ ঘৰলৈ পঠিওৱা হয়। সেই অঞ্চলটো ৰহস্য আৰু যাদুৰে আৱৰি আছে; কিতাপখনৰ শীৰ্ষকৰ "সৰু বগা ঘোঁৰাটো" আচলতে এটা ইউনিকৰ্ণ।

গৌডজে এই কিতাপখনৰ বাবে ১৯৪৬ চনৰ শ্ৰেষ্ঠ ব্ৰিটিছ শিশু গ্ৰন্থ হিচাপে 'কাৰ্নেগী মেডেল' লাভ কৰিছিল।২ হৰী পটাৰৰ লেখিকা জে. কে. ৰাউলিঙে উল্লেখ কৰিছে যে 'দ্য লিটল হোৱাইট হৰ্ছ' তেওঁৰ শৈশৱৰ আটাইতকৈ প্ৰিয় কিতাপ আছিল।৩ ৱৰ্ল্ডকেটৰ তথ্য অনুসৰি এই কিতাপখন ১১টা ভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে।৪

কাহিনীৰ সাৰাংশ

১৮৪২ চনত পিতৃৰ মৃত্যুৰ পাছত ১৩বছৰীয়া মাৰিয়া মেৰীৱেদাৰ মাউৰা হৈ পৰে। তেওঁক তেওঁৰ শিক্ষয়িত্ৰী মিছ হেলিঅ'ট্ৰোপ আৰু কুকুৰ উইগিন্সৰ সৈতে ইংলেণ্ডৰ মুনাকৰ মেনৰলৈ পঠিওৱা হয়। তাত তেওঁ নিজকে এক আচৰিত পৃথিৱীত আৱিষ্কাৰ কৰে। তেওঁৰ খুৰাক তথা অভিভাৱক চাৰ বেঞ্জামিন মেৰীৱেদাৰ এজন অতি অমায়িক ব্যক্তি। মাৰিয়াই জানিব পাৰে যে সেই সম্পত্তিটোক লৈ এটা প্ৰাচীন ৰহস্য লুকাই আছে। মাৰিয়াই নিজৰ আত্মত্যাগ আৰু ধৈৰ্যৰ জৰিয়তে মুনাকৰক ৰক্ষা কৰিবলৈ চেষ্টা কৰে আৰু অৱশেষত সেই উপত্যকালৈ শান্তি ঘূৰাই আনে।

চৰিত্ৰসমূহ

  • মাৰিয়া মেৰীৱেদাৰ – এগাৰাকী বুদ্ধিমান ১৩বছৰীয়া কিশোৰী।
  • মিছ জেন হেলিঅ'ট্ৰোপ – মাৰিয়াৰ শিক্ষয়িত্ৰী।
  • চাৰ বেঞ্জামিন মেৰীৱেদাৰ – মাৰিয়াৰ খুৰাক আৰু অভিভাৱক।
  • মাৰ্মাডুক স্কাৰলেট – চাৰ বেঞ্জামিনৰ ৰান্ধনী।
  • ৰবিন – লাভডে মিনেটৰ পুত্ৰ আৰু মাৰিয়াৰ বন্ধু।
  • ৰোল্ফ – এটা ক'লা সিংহ যিয়ে মাৰিয়াক সুৰক্ষা দিয়ে।
  • বগা ইউনিকৰ্ণ – মাৰিয়াৰ ইউনিকৰ্ণ, যি কেৱল "চন্দ্ৰ ৰাজকুমাৰী"ৰ ওচৰতহে দৃশ্যমান হয়।

অভিযোজন

১৯৯৪ চনৰ টেলিভিছন মিনি-ছিৰিজ 'মুনাকৰ' 'দ্য লিটল হোৱাইট হৰ্ছ'ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল।৫

২০০৮ চনত এই কিতাপখনৰ আধাৰত 'দ্য ছিক্ৰেট অৱ মুনাকৰ' নামৰ বোলছবিখন নিৰ্মাণ কৰা হয়। লুচি শ্বাটলৱৰ্থ আৰু গ্ৰাহাম অলবৰোৱে লিখা এই ছবিখন পৰিচালনা কৰিছিল গাবোৰ চুপোৱে। মাৰিয়াৰ চৰিত্ৰত ডেকোটা ব্লু ৰিচাৰ্ডছ অভিনীত এই ছবিখনৰ বেছিভাগ চিত্ৰগ্ৰহণহাংগেৰীত কৰা হৈছিল আৰু ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি দিয়া হৈছিল।৬

'হেৰী পটাৰ'ৰ লেখিকা জে. কে. ৰাউলিং এ উল্লেখ কৰিছে যে 'দ্য লিটল হোৱাইট হৰ্ছ' তেওঁৰ শৈশৱৰ আটাইতকৈ প্ৰিয় কিতাপ আছিল।৭

তথ্যসূত্ৰ

  1. ↑ "The little white horse" (first edition). Library of Congress Catalog Record. Retrieved 2012-09-14
  2. ↑ Carnegie Winner 1946. Living Archive: Celebrating the Carnegie and Greenaway Winners. CILIP. Retrieved 27 February 2018
  3. ↑ "Tea and Cake with J. K. Rowling" in Words With Jam, June 2011
  4. ↑ "Formats and Editions of The little white horse". WorldCat. Retrieved 14 September 2012
  5. ↑ Moonacre
  6. ↑ (3 December 2007). Richards Returns in Moonacre. SciFi Wire
  7. ↑ "Tea and Cake with J. K. Rowling" in Words With Jam, June 2011

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য লিটল হোৱাইট হৰ্ছ” প্ৰবন্ধৰ সংশোধন ৬০০২১১ (১১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।