অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য জিন : এন ইণ্টিমেট হিষ্ট্ৰী (গ্ৰন্থ)

দ্য জিন: এন ইণ্টিমেট হিষ্ট্ৰী (The Gene: An Intimate History) ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান চিকিৎসক আৰু কৰ্কট ৰোগ বিশেষজ্ঞ সিদ্ধাৰ্থ মুখাৰ্জীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ ৷ গ্ৰন্থখন ২০১৬ চনৰ ১৭ মে'ত স্ক্ৰিবনাৰে প্ৰকাশ কৰে।গ্ৰন্থখনত এৰিষ্টটলৰ পৰা আৰম্ভ কৰি ক্ৰিক, ৱাটছন আৰু ফ্ৰেংকলিনলৈকে আৰু তাৰ পিছত মানৱ…

হালনাগাদ: ৩ মে’ ২০২৬ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

দ্য জিন: এন ইণ্টিমেট হিষ্ট্ৰী (The Gene: An Intimate History) ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান চিকিৎসক আৰু কৰ্কট ৰোগ বিশেষজ্ঞ সিদ্ধাৰ্থ মুখাৰ্জীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ ৷ গ্ৰন্থখন ২০১৬ চনৰ ১৭ মে'ত স্ক্ৰিবনাৰে প্ৰকাশ কৰে।১গ্ৰন্থখনত এৰিষ্টটলৰ পৰা আৰম্ভ কৰি ক্ৰিক, ৱাটছন আৰু ফ্ৰেংকলিনলৈকে আৰু তাৰ পিছত মানৱ জিনৰ ৰেখাচিত্ৰ অংকন কৰা একবিংশ শতিকাৰ বিজ্ঞানীসকলৰ ইতিহাসৰ বিষয়ে লেখা হৈছে। গ্ৰন্থখনত মানুহৰ মংগল আৰু বৈশিষ্ট্য নিৰ্ণয় কৰাত জিনীয় বিজ্ঞানৰ শক্তিৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত মানসিক ৰোগকে ধৰি সিদ্ধাৰ্থ মুখাৰ্জীৰ পৰিয়ালৰ ব্যক্তিগত জিনীয় ইতিহাসৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হৈছে। কিন্তু জিনীয় প্ৰৱণতাই ব্যক্তি বা তেওঁলোকৰ ভাগ্যৰ সংজ্ঞা নিৰূপণ কৰিবলৈ নিদিয়াৰ দিশতো ই এক সতৰ্কবাণী প্ৰকাশিত কৰিছে, যি মানসিকতাই ইতিহাসত ইউজেনিক্সৰ উত্থানৰ সূচনা কৰিছিল বুলি লেখকে কয়।

বঁটা আৰু সন্মান

  • ২০১৬: ৰয়েল ছ’চাইটি প্ৰাইজ ফৰ চাইন্স বুকছৰ চৰ্টলিষ্ট,২
  • ২০১৬: নন-ফিকচন লংলিষ্টৰ বাবে বেইলী গিফৰ্ড বঁটা,৩
  • ২০১৬: ৱাশ্বিংটন পোষ্টৰ ২০১৬ চনৰ ১০ খন শ্ৰেষ্ঠ কিতাপ,৪
  • ২০১৬: বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে গুডৰিডছ চয়ছ এৱাৰ্ডৰ মনোনীত,৫
  • ২০১৭: ৱেলকাম বুক প্ৰাইজৰ চৰ্টলিষ্ট,৬
  • ২০১৭: পেন/ই.অ. সাহিত্য বিজ্ঞানৰ বাবে উইলছন বঁটা ৰাইটিং লংলিষ্টৰ বাবে মনোনীত,৭
  • ২০১৭: বিজ্ঞানত ফাই বিটা কাপ্পা ছ’চাইটিৰ গ্ৰন্থ বঁটা৮৷

সমালোচনা

দ্য চানডে টাইমছৰ ব্ৰাইয়ান এপলয়াৰ্ডে গ্ৰন্থখনক "নাটকীয় আৰু নিখুঁত... আটাইতকৈ আমূল, বিতৰ্কিত আৰু উপশিৰোনামাৰ পৰা ধাৰ ল'লে আমাৰ সময়ৰ অন্তৰংগ বিজ্ঞান বুলি নিশ্চিত যেন লগা ৰোমাঞ্চকৰ আৰু ব্যাপক বিৱৰণী। তেওঁ এজন স্বাভাৱিক গল্পকাৰ।"৯

এণ্ড্ৰু ছলমনে ৱাশ্বিংটন পোষ্টত লিখিছে: "স্থাপত্যৰ নিখুঁত আৰু ৰসাল আখ্যানৰ সংযোগ ৷ বিৰোধাভাষ যুক্ত বিৱৰণ, অস্থিৰতা আৰু বিদ্ৰুপ সকলোৰে প্ৰতি সমদৃষ্টি ৷ ৰাসায়নিক বিমূৰ্ততাত প্ৰোথিত আৱেগিক সত্যবোৰ বিচাৰি উলিওৱাৰ প্ৰভাৱেৰে মুখাৰ্জীয়ে আপোনাক সমৃদ্ধ কৰে।"১০

তথ্যসূত্ৰ

  1. ↑ The Gene. The Gene: An Intimate History
  2. ↑ "Shortlist for The Royal Society Insight Investment Science Book Prize 2016 unveiled". The Royal Society. 6 August 2016
  3. ↑ "Nobel laureate Svetlana Alexievich heads longlist for UK's top nonfiction award". 20 September 2016
  4. ↑ "10 Best Books of 2016". The Washington Post. 17 November 2016
  5. ↑ Goodreads Choice Award. Goodreads
  6. ↑ Danuta Kean. (14 March 2017). Wellcome prize shortlist announced: books that 'will change lives'. The Guardian
  7. ↑ PEN/E.O. Wilson Prize for Literary Science Writing. Goodreads
  8. ↑ DeSimone, Bailey (1 December 2017). "The Key Reporter - Siddhartha Mukherjee". keyreporter.org. The Phi Beta Kappa Society. The Key Reporter
  9. ↑ Appleyard, Bryan. (22 May 2016). Books: The Gene: An Intimate History by Siddhartha Mukherjee. The Times. The Times & The Sunday Times
  10. ↑ Solomon, Andrew. When we unlock the secrets of our genes, what do we do with that knowledge?. 12 May 2016

সম্পৰ্কিত শ্ৰেণী

অ-কাহিনীমূলক গ্ৰন্থগ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য জিন : এন ইণ্টিমেট হিষ্ট্ৰী (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৬০৪১৮৮ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।