অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পাঠকৰ টোকাবহী

পাঠকৰ টোকাবহী(Pathokor Tokabohi) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৪৭ টা প্ৰবন্ধ আছে।

হালনাগাদ: ১৮ এপ্ৰিল ২০২৫ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পাঠকৰ টোকাবহী(Pathokor Tokabohi) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৪৭ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ১৯৯৩ চনৰ জানুৱাৰী মাহত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে শ্ৰীদেৱ বৰা আৰু শ্ৰীমতী অণিমা বৰালৈ আগবঢ়াই এনেদৰে লিখিছে,"আপোনালোকে মোৰ প্ৰতি দেখুৱাই অহা অকৃত্ৰিম স্নেহৰ প্ৰতিদান দিয়াৰ স্পৰ্ধা মোৰ নাই। তথাপি কৃতজ্ঞতাৰ চিন স্বৰূপে মোৰ এই কিতাপখন আপোনালোক দুয়োৰে নামত উছৰ্গা কৰিলো।"১

বিৱৰণ

পাঠকৰ টোকাবহীত সন্নিৱিষ্ট প্ৰবন্ধসমূহ হৈছে, ৰাছেলৰ স্মৰণত; কেনেকৈ লিখা উচিত; স্পষ্টতা; গদ্যৰ সাধনা; লেখকে নিলিখে কিয়; কিতাপৰ দোকানী আৰু সম্পাদক; জোছেফ কনৰাড; মানুহৰ মুখ; দেনিছ দিদেৰো আৰু ফৰাচী বিশ্বকোষ; খনি-শ্ৰমিক আৰু কাৰ্লাইল; যিবোৰ কিতাপ নপঢ়াকৈয়ে মই মৰিম; যিকেইটা আদৰ্শই মোক জীৱনত বাট দেখুৱাইছে; মানুহৰ মহত্ত্ব; সাহসৰ অবিহনে সকলো অসাৰ; মই কেতিয়াও মিছা কথা ক'ব নোৱাৰো; পুৰস্কাৰ; সময়ৰ সদ্ব্যৱহাৰ; প্ৰকৃতিৰ ভুল; আটাইতকৈ প্ৰয়োজনীয় বস্তু; মৃত্যু ভয়; বন্দুক আৰু কলম; জীৱনৰ লালসা; ৰোছোৱে মোৰ চকু মুকলি কৰি দিলে; পুৰুষ আৰু নাৰী; গ্ৰেটা গাৰ্বো; কেথেৰিন ডি গ্ৰেট্‌; ১৮৪৮; ১৯৮৯; জীৱনৰ ভৱিষ্যত; মানুহ আৰু ৰাষ্ট্ৰ; নীৰৱতাৰ বাণী; সত্য আৰু বিশ্ৰাম; 'নাগৰিক'ৰ প্ৰথম সম্পাদকীয়; দুখন কিতাপৰ কথা; ঘোঁৰা আৰু মাখি; ধূমপান ত্যাগ কৰা নিচেই সহজ; জীৱনৰ জয়োৎসৱ; মাফিয়া; মোচাহেব; আগাথা ক্ৰিষ্তি; ৰবাৰ্ট ওপেনহাইমাৰ; কবি অমলেন্দু গুহ; জন কনষ্টেবল; কমেডিতকৈ ট্ৰেজেডি কিয় শ্ৰেষ্ঠ?; ভেকুলী; ছেমুৱেল স্মাইলছ; আৰু জীৱন সদায় জয়ী হয়।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (আগষ্ট,২০১৬). পাঠকৰ টোকাবহী. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাঠকৰ টোকাবহী” প্ৰবন্ধৰ সংশোধন ৫০৩৮৫৬ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।