নিৰ্বাচিত সমালোচনা (Nirbachit Samalochana) হৈছে অসমৰ সমালোচক-সাহিত্যিক ড০ হীৰেন গোহাঁইৰ দ্বাৰা লিখিত আৰু অসম প্ৰকাশন পৰিষদৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ ২১ টা ভিন্নধৰ্মী বিষয়ত আলোকপাত কৰা গ্ৰন্থখনত লেখকে অসমৰ কলা-সাহিত্য আৰু সাংস্কৃতিক জগতৰ বহুকেইগৰাকী লেখত ল'বলগীয়া ব্যক্তিৰ কৰ্মৰাজিৰ আলোচনা আগবঢ়াইছে৷ গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল ২০০৭ চনৰ ডিচেম্বৰত৷ ১
সমালোচকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হীৰেন গোহাঁই'হীৰেন গোহাঁই' (Hiren Gohain; জন্ম: ১৯৩৯) অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সাহিত্যিক আৰু সমালোচক।২ ইয়াৰ উপৰিও তেওঁ এগৰাকী কবি,৩ সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেওঁ ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। গোহাঁইৰ পিতৃ মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।৪ অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা" শীৰ্ষক গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।৫ উল্লিখিত গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিল।
গ্ৰন্থৰ বিষয়বস্তু
বিশেষ গ্ৰন্থখনত লেখক-সমালোচক ড০ হীৰেন গোহাঁয়ে জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, ৰবীন্দ্ৰনাথ ঠাকুৰ, দেৱকান্ত বৰুৱা, অজিৎ বৰুৱা, বিষ্ণু ৰাভাৰ সাহিত্য আৰু কৰ্মৰাজিৰ অৱলোকন কৰাৰ উপৰি অসমৰ প্ৰেক্ষাপটত বুৰঞ্জী-লিখনৰ সমস্যা, সমালোচনাৰ নতুন পৰিসৰ আদিৰ দৰে বহুমাত্ৰিক বিষয়তো নিজৰ চিন্তা ব্যক্ত কৰিছে৷ গ্ৰন্থৰ শেষৰখন ৰচনা কিয় লিখোঁত লেখকগৰাকীয়ে কৈছে যে-'...মই মোৰ লেখাৰ উপযুক্ত পাঠক বিচাৰিয়েই লিখোঁ৷ তেনে পাঠকেই জীয়াই ৰাখে মোৰ লেখকসত্তা৷ ৬ গ্ৰন্থখনত সন্নিৱিষ্ট আলোচনাসমূহ লেখকৰ দ্বাৰা ইতিপূৰ্বে অসমৰ একাংশ কাকত-আলোচনীত প্ৰকাশিত৷ কিছুমান আলোচনা প্ৰকাশ-কাল চল্লিছ-পঞ্চাছ বছৰ পুৰণি৷ পাতনিৰ আৰম্ভণিতে সমালোচকগৰাকীয়ে মন্তব্য কৰিছে যে-নিৰ্বাচিত বিশেষ কোনো ৰীতি অনুসৰণ কৰা হোৱা নাই৷ আমাৰ পৰিচিত-অপৰিচিত ৰচনা মিহলাই পাঠকক আমাৰ চিন্তা আৰু সমালোচনা পদ্ধতিৰ এটা স্পষ্ট আভাস দিবলৈ বিচৰা হৈছে৷ বিভিন্ন সময়ত লিখা ৰচনাসমূহৰ মাজত কিছু পাৰ্থক্য আৰু আনকি মতভেদো আছে৷ দুখনমান ৰচনাৰ মাজত সময়ৰ ব্যৱধান চল্লিছ বছৰ৷১
গ্ৰন্থখন লেখকে শোণিত বিজয় দাসলৈ উছৰ্গা কৰিছে৷
গ্ৰন্থত সন্নিৱিষ্ট হোৱা লেখাসমূহ হৈছে-
(১) জ্যোতিপ্ৰসাদ, শিল্পী আৰু সংস্কৃতি
(২) জ্যোতিপ্ৰসাদ,জীৱন আৰু জগৎ
(৩) জ্যোতিপ্ৰসাদৰ এটা কবিতাৰ সন্দৰ্ভত
(৪) উপন্যাসত ৰবীন্দ্ৰনাথৰ মানৱদৰ্শন
(৫) ৰবীন্দ্ৰনাথ আৰু জনগণ
(৬) ৰবীন্দ্ৰমানসত বিজ্ঞান আৰু মানৱতা
(৭) ঐতিহ্য আৰু 'জীৱনৰ বাটত'
(৮) অসমীয়া কবিতাৰ বিকাশৰ বেজবৰুৱাৰ স্থান
(৯) ৰঘুনাথ চৌধুৰীৰ স্মৃতি দিৱস
(১০) দেৱকান্ত বৰুৱাৰ কাব্যৰ বিষয়ে দুআষাৰ
(১১) অজিৎ বৰুৱা: কবিসত্তা আৰু ব্যক্তিসত্তা
(১২) মহিম বৰাৰ গল্প
(১৩) হেম বৰুৱাৰ কবিতা
(১৪) বিষ্ণুৰাভা ৰচনাৱলী
(১৫) আদি ঊনবিংশ শতাব্দীৰ অসমৰ নৱযুগৰ ওপৰত বঙালী প্ৰভাৱ
(১৬) অসমৰ বুৰঞ্জী ৰচনাৰ কেতবোৰ সমস্যা
(১৭) প্ৰকৃতি, জীৱনানন্দ আৰু বিভূতিভূষণ
(১৮) সমালোচনাৰ নতুন কক্ষপথ আৰু ভাৰত
(১৯) শংকৰী ঐতিহ্য আৰু গণতন্ত্ৰ: এটি সমালোচনামূলক বিচাৰ
(২০) অংকীয়া নাট আৰু শংকৰদেৱৰ মৌলিকতা
(২১) কিয় লিখোঁ
তথ্যসূত্ৰ
- ↑ গোহাঁই, ড০ হীৰেন. (২০০৭). নিৰ্বাচিত সমালোচনা. অসম প্ৰকাশন পৰিষদ
- ↑ (23 February 2010). Assamese Intellectuals Angry Over 'Injustice' to Gohain. Outlook (magazine)
- ↑ Jotwani, Motilal Wadhumal. (1979). Contemporary Indian literature and society. Heritage. পৃ. 6
- ↑ সমীন কলিতা. (২০০৮). সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া. পৃ. ১৩৭
- ↑ শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কথা বৰেন্য. কথা প্ৰকাশন. পৃ. ৯৯
- ↑ গোহাঁই, ড০ হীৰেন. (২০০৭). নিৰ্বাচিত সমালোচনা. অসম প্ৰকাশন পৰিষদ. পৃ. ৩৩০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্বাচিত সমালোচনা” প্ৰবন্ধৰ সংশোধন ৩৮১৫৬৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।