নন্দনতত্ত্ব: প্ৰাচ্য আৰু পাশ্চাত্য গ্ৰন্থখনৰ লেখক ত্ৰৈলোক্যনাথ গোস্বামী। মুঠ বাৰটা অধ্যায়ত বিভক্ত বৃহৎ কলেৱৰৰ গ্ৰন্থখনে অসমীয়া সাহিত্যত সততে নোপোৱা এক বিষয় নন্দনতত্ত্বৰ বিষয়ে পুংখানুপুংখকৈ আলোচনা কৰিছে।১
গ্ৰন্থখনৰ অধ্যায়সমূহ
- প্ৰথম অধ্যায়: প্ৰাচীন গ্ৰীক ভাষা আৰু ৰোমান নন্দনতাত্ত্বিক লেখকৰ আদৰ্শ, প্লেটো, এৰিষ্টটল, হোৰেছ, লংগিনায়, নব্য-প্লেটোনিক দৃষ্টিভংগী, প্লটিনাছ
- দ্বিতীয় অধ্যায়: মধ্যযুগ আৰু ষোড়শ, সপ্তদশ আৰু অষ্টাদশ শতাব্দীত নন্দনতাত্ত্বিক ভাবাদৰ্শ, ফিলিপ ছিদানি, ৰ্যনে দেকাৰ্ত, বেন জনচন, জন ড্ৰাইডেন, জন লক, এডিছন, আৰ্ল অব্ ছেপাটিংটিছবাৰী, এডমাণ্ড বাৰ্ক
- তৃতীয় অধ্যায়: সপ্তদশ, অষ্টাদশ আৰু উনবিংশ শতিকাৰ জাৰ্মান লেখকসকল লাইৱনিজ, বম্গাৰ্টেন, ইমানুৱেল কাণ্ট, শ্বিলাৰ, শ্বেলিং, হেগেল, ***শ্বোপেন-হোৱাৰ, জন ফ্ৰেদাৰিক হাৰ্বাট
- চতুৰ্থ অধ্যায়: ইংলণ্ড, ফ্ৰান্স, জাৰ্মেনী, আমেৰিকা আৰু ৰুচ দেশৰ নন্দনতাত্ত্বিক লেখকসকল- ৱৰ্ডছৱৰ্থ, কোলেৰিজ, পি. বি. শ্বেলী, মেথু আৰ্নোল্ড, জন ৰাস্কিন, হিপোলাইট্ টেইন, মাৰ্কছ্ আৰু এংগেলছ, এডগাৰ এলান পো, ওৱাল্টাৰ পেটাৰ, কলাকৈবল্যবাদ, লেৱ তলস্ত’য়, ফ্ৰেডাবিক নীট্ছে
- পঞ্চম অধ্যায়: বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ নন্দনতাত্ত্বিক লেখকসকল বেনেদেটো ক্ৰোচে, এ. চি. ব্ৰেড্লি, ছিগমাণ্ড ফ্ৰয়দ, কাৰ্ল গুষ্টভ ইয়ুঙ, আ. এ. ৰিছাৰ্ডছ, উইলিয়াম এম্পছন, হেনৰী বাৰ্গছ, জন দিউবী, টি. এছ. ইলিয়ট
- ষষ্ঠ অধ্যায়: মধ্য-বিংশ শতিকাৰ চিন্তানায়কসকল- জঁ-পল ছাৰ্ত্ৰ, আলবেৰ কেমু, থিয়োদৰ মেয়াৰ গ্ৰীন, লুই আৰ্নল্ড ৰীড
- সপ্তম অধ্যায়: প্ৰাচ্য নন্দনতাত্ত্বিক আলোচনা- ভৰত (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু তেওঁৰ টীকাকাৰসকল, ভট্টলোল্লট, শ্ৰীশংকুক, ভট্টনায়ক, অভিনব গুপ্ত
- অষ্টম অধ্যায়: কাব্যবিচাৰৰ তত্ত্ব, অলংকাৰবাদ, গুণৰীতিবাদ
- নবম অধ্যায়: ৰসতত্ত্ব, ৰসসংখ্যা, ৰসাভাস আৰু ভাবাভাস, ৰসবিৰোধ
- দশম অধ্যায়: ধ্বনি, ধ্বনি আৰু অনুমান
- একাদশ অধ্যায়: বক্ৰোক্তি, ঔচিত্য-তত্ত্ব
- দ্বাদশ অধ্যায়: প্ৰাচ্য-পাশ্চাত্য চিন্তানায়কসকলৰ কেইটামান প্ৰত্যয়ৰ সাদৃশ্য-বৈসাদৃশ্যৰ চমু আলোচনা, কল্পনা আৰু প্ৰেৰণা, কথাবস্তু আৰু ৰূপ, নন্দনতাত্ত্বিক অভিজ্ঞতা, আৰ্ট আৰু অনুভূতি।
তথ্যসূত্ৰ
- ↑ বাণী প্ৰকাশন, অসম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দনতত্ত্ব : প্ৰাচ্য আৰু পাশ্চাত্য” প্ৰবন্ধৰ সংশোধন ৪৬৫০৬৬ (১৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।