দ্য ছিক্সথ্ এক্সটিংছন: এন আননেচাৰেল হিষ্ট্ৰী (The Sixth Extinction: An Unnatural History) এলিজাবেথ কলবাৰ্টৰ দ্বাৰা লিখিত আৰু হেনৰী হোল্ট এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা ২০১৪ চনৰ এখন অ-কাহিনীমূলক গ্ৰন্থ। গ্ৰন্থখনত যুক্তি দিয়া হৈছে যে পৃথিৱীখন এতিয়া আধুনিক আৰু মানৱসৃষ্ট ষষ্ঠ বিলুপ্তিৰ মাজত আছে। কিতাপখনত কলবাৰ্টে পূৰ্বৰ গণ বিলুপ্তিৰ বুৰঞ্জী ব্যাখ্যা কৰিছে আৰু আমাৰ বৰ্তমান সময়ত হোৱা ত্বৰান্বিত, ব্যাপক বিলুপ্তিৰ সৈতে সেই বিলুপ্তিক তুলনা কৰিছে৷ মানুহে নিৰ্বাপিত কৰা নিৰ্দিষ্ট প্ৰজাতিৰ লগতে প্ৰাগঐতিহাসিক আৰু বৰ্তমানৰ প্ৰায় বিলুপ্তিৰ পৰিঘটনাক আগুৰি থকা পৰিৱেশ বিজ্ঞানৰ বিষয়েও তেওঁ গ্ৰন্থখনত বৰ্ণনা কৰিছে। লেখকে ২০১৫ চনত এই গ্ৰন্থখনৰ বাবে সাধাৰণ অ-কাহিনীমূলক শাখাৰ পুলিৎজাৰ বঁটা লাভ কৰে।
কিতাপখনৰ মূল লক্ষ্য হৈছে সাধাৰণ পাঠক৷ বৈজ্ঞানিক বৰ্ণনাসমূহ বুজিব পৰা গদ্যত লিখা হৈছে। লেখাসমূহে বস্তুনিষ্ঠতাৰ সন্ধানত কোনো স্থিতিৰ পোষকতা নকৰাকৈয়ে বিজ্ঞানী, গৱেষক আৰু গাইডৰ সাক্ষাৎকাৰৰ সৈতে তেওঁৰ দুৰ্গম অঞ্চললৈ ভ্ৰমণৰ ব্যাখ্যাৰ মিশ্ৰণ ঘটাইছে। সেয়েহে ষষ্ঠ গণ বিলুপ্তিৰ বিষয়বস্তুটো পানামাৰ বৰ্ষাৰণ্য, গ্ৰেট বেৰিয়াৰ ৰিফ, এণ্ডিজ, বিকিনি এটল, চহৰৰ চিৰিয়াখানা, আৰু লেখকৰ নিজৰ পিছফালৰ চোতাল আদি বিভিন্ন বাসস্থানত বিদ্যমান উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। গ্ৰন্থখনে এই বিষয়বস্তু সমগ্ৰ বিশ্বৰ আন কেইবাটাও বাসস্থান আৰু জীৱৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিছে। সতীৰ্থৰ দ্বাৰা পৰ্যালোচিত বিজ্ঞানৰ বৰ্তমানৰ মূলসুঁতিৰ দৃষ্টিভংগী সম্বন্ধীয় গৱেষণা কৰাৰ পিছত কলবাৰ্টে অনুমান কৰিছে যে একবিংশ শতিকাৰ শেষৰ ফালে উদ্ভিদ আৰু প্ৰাণীজগতৰ ক্ষতি "পৃথিৱীৰ সকলো জীৱিত প্ৰজাতিৰ" ২০ৰ পৰা ৫০ শতাংশৰ ভিতৰত হ'ব।১২ ৩৪২৫৬৭
লেখকৰ চমু পৰিচয়
এলিজাবেথ ক'লবাৰ্ট (ইংৰাজী: Elizabeth Kolbert; জন্ম: ৬ জুলাই, ১৯৬১) এগৰাকী আমেৰিকান সাংবাদিক, লেখিকা আৰু উইলিয়ামছ কলেজৰ অতিথি সভ্য। তেওঁৰ পুলিৎজাৰ বঁটা বিজয়ী গ্ৰন্থ দ্য ছিক্সথ এক্সটিংকচন: এন আননেচাৰেল হিষ্ট্ৰী, আৰু দ্য নিউয়ৰ্কাৰ আলোচনীত আগবঢ়াই থকা পৰিৱেশ-সম্পৰ্কীয় পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ বাবে অধিক পৰিচিত। নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ দ্য ছিক্সথ এক্সটিংকচনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে লছ এঞ্জেলছ টাইমছৰ কিতাপৰ বঁটা লাভ কৰিছিল। তেওঁৰ কিতাপ আণ্ডাৰ এ হোৱাইট স্কাই-এ ২০২১ চনৰ দ্য ৱাশ্বিংটন পোষ্টৰ দহখন শ্ৰেষ্ঠ গ্ৰন্থৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছিল। ক'লবাৰ্ট দুবাৰৰ নেচনেল মেগাজিন বঁটা বিজয়ী, আৰু ২০২২ চনত পৰিৱেশ যোগাযোগৰ বাবে তেওঁ বিবিভিএ বায়’ফিলিয়া বঁটা লাভ কৰে৷
গ্ৰন্থৰ চমু পৰিচয়
লেখিকা ক'লবাৰ্টে এই বিষয়টোৰ প্ৰতি বৰ্তমানৰ, সাধাৰণ অজ্ঞানতাক ১৭০০ চনৰ শেষৰ শতিকাবোৰত ইয়াৰ প্ৰতি পূৰ্বৰ ব্যাপক অবিশ্বাসৰ সৈতে সমতুল্য বুলি গণ্য কৰিছে৷ সেই সময়ত প্ৰাগঐতিহাসিক গণ বিলুপ্তি কেতিয়াও হোৱা নাছিল বুলি বিশ্বাস কৰা হৈছিল। ইয়াৰ উপৰিও বিশ্বাস কৰা হৈছিল যে প্ৰজাতিসমূহক সামূহিকভাৱে নিৰ্বাপিত কৰিব পৰাকৈ শক্তিশালী কোনো প্ৰাকৃতিক শক্তি নাছিল—যাৰ ভিতৰত জৈৱিক শক্তিও অন্যতম৷ ঠিক তেনেদৰে আমাৰ নিজৰ সময়ত এই সংখ্যাই উপস্থাপন কৰা সম্ভাৱ্য চূড়ান্ত দৰ্শনৰ ফলত অস্বীকাৰৰ সৃষ্টি হৈছে। কিন্তু বৈজ্ঞানিক অধ্যয়নত দেখা গৈছে যে মানুহৰ আচৰণে পৃথিৱীৰ সুষম আৰু আন্তঃসংযোগী ব্যৱস্থাটোক বিঘ্নিত কৰি আহিছে, যাৰ ফলত "আমাৰ নিজৰ অস্তিত্ব বিপদত পৰিছে।" ইয়াৰ দ্বাৰা বৰ্তমান পৃথিৱীৰ প্ৰভাৱিত ব্যৱস্থাসমূহ হ’ল-গোলকীয় বায়ুমণ্ডল, জলচক্ৰ, সাগৰৰ তাপ শোষণ, সাগৰৰ অম্লতা (আৰু ইয়াৰ প্ৰভাৱ প্ৰবাল প্ৰাচীৰৰ ওপৰত), মাটিৰ আৰ্দ্ৰতা আৰু খৰাং পৰিস্থিতি, কীট-পতংগ/অথলুৱা প্ৰাণীৰ দ্বাৰা উদ্ভিদ ধ্বংস বা তাপৰ চাপ, পৃথিৱীৰ বৰফৰ দ্বাৰা তাপ নিয়ন্ত্ৰণ ইত্যাদি।
আমাৰ সাংস্কৃতিক বিৱৰ্তনৰ এই পৰ্যায়ত গ্ৰহটোক সলনি কৰাৰ আমাৰ জন্মগত ক্ষমতাৰ বাবেই মানৱ প্ৰজাতিয়ে এই বিঘিনিত অৰিহণা যোগায়৷ উদাহৰণস্বৰূপে, আমি এতিয়া পৃথিৱীৰ পৃষ্ঠৰ তলৰ পৰা শক্তি আহৰণ কৰিব পাৰোঁ। এই গ্ৰহৰ পৃষ্ঠৰ প্ৰায় যিকোনো পৰিৱেশৰ লগতো হোমো চেপিয়েন্স তুলনামূলকভাৱে দ্ৰুতভাৱে খাপ খাব পাৰে। আন প্ৰজাতিবোৰে অৱশ্যে নতুন, উপযুক্ত বাসস্থানলৈ স্থানান্তৰিত হোৱাত অসুবিধা পায়। বৰ্তমানৰ দ্ৰুত পৰিৱেশ পৰিৱৰ্তনৰ আগতে প্ৰব্ৰজন কৰিব নোৱাৰে বা পথ, চহৰৰ দৃশ্য আৰু উপনগৰৰ বিস্তাৰৰ দৰে কৃত্ৰিম বাধাৰ দ্বাৰা বাধাগ্ৰস্ত হয়, যিয়ে সমগ্ৰ বিশ্বতে জীৱন ধাৰণযোগ্য বাসস্থানৰ মাজত বিচ্ছিন্নতা বৃদ্ধি কৰে।১৪২৫৬
তথ্যসূত্ৰ
- ↑ Gore, Al (vice president of the United States from 1993 to 2001). (February 10, 2014). Without a Trace. 'The Sixth Extinction,' by Elizabeth Kolbert. New York Times Sunday Book Review
- ↑ Kakutani, Michiko. (February 2, 2014). Cataclysm Has Arrived: Man's Inhumanity to Nature. The New York Times
- ↑ Elizabeth Kolbert. Henry Holt & Co
- ↑ Schulz, Kathryn. (February 9, 2014). The Sixth Extinction Examines Human Overkillers and the Next Great Die-Off. New York Magazine. New York Media
- ↑ Hannibal, Mary Ellen. (February 9, 2014). Sixth Extinction. HuffPost
- ↑ Darwall, Rupert. (February 14, 2014). Book Review: 'The Sixth Extinction' by Elizabeth Kolbert. The Wall Street Journal. Dow Jones & Company
- ↑ Anthony, Andrew. (March 3, 2014). Elizabeth Kolbert: 'The whole world is becoming a kind of zoo'. The Guardian – Green. Guardian News and Media Limited
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ছিক্সথ্ এক্সটিংছন : এন আননেচাৰেল হিষ্ট্ৰী (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪২৬১৭০ (১৮ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।