নেক্সাছ (এ ব্ৰিফ হিষ্ট্ৰি অৱ ইনফৰমেছন নেটৱৰ্কছ ফ্ৰম দ্য ষ্টন এজ টু এ আই) (NEXUS: A Brief History of Information Networks from the Stone Age to AI) হৈছে লেখক-ইতিহাসবিদ য়ুভাল নোৱা হাৰাৰিৰ এখন গ্ৰন্থ। ২০২৪ চনৰ ১০ ছেপ্টেম্বৰত ইংৰাজী ভাষাত ৰেণ্ডম হাউছৰ দ্বাৰা গ্ৰন্থখন প্ৰকাশিত হয়৷ কিতাপখনত হাৰাৰীয়ে প্ৰস্তৰ যুগৰ পৰা আৰম্ভ কৰি একবিংশ শতিকাৰ কৃত্ৰিম বুদ্ধিমত্তা-নিৰ্ভৰ তথ্যৰ পৃথিৱীখনক ঐতিহাসিক দৃষ্টিৰে আলোকপাত কৰিছে৷ ১২৩
লেখকৰ বিষয়ে
য়ুভাল নোৱা হাৰাৰি (হিব্ৰু: יובל נח הררי}}; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক।[1] তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক। তেওঁৰ তিনিখন গ্ৰন্থৰ নাম হৈছে চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (২০১৪), হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুম'ৰ' (২০১৬), আৰু টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী(২০১৮)। নেক্সাছ তেওঁৰ শেহতীয়া গ্ৰন্থ৷ তেওঁৰ ৰচনাসমূহে মুক্ত মন, তথ্য-প্ৰযুক্তি, সচেতনতা, বুদ্ধিমত্তা আৰু সুখক সামৰি লয়।
গ্ৰন্থখনৰ চমু পৰিচয়
আমি মানৱ ইতিহাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ তথ্য-বিপ্লৱৰ মধ্যবিন্দুত আছোঁ। ইয়াৰ বিষয়ে অধিক জানিবলৈ হ’লে আমি আমাৰ অতীত সম্পৰ্কে জানি ল'ব লাগিব৷ সহযোগিতাৰ বৃহৎ নেটৱৰ্ক গঢ়ি মানৱতাই ক্ষমতা লাভ কৰে, কিন্তু এই নেটৱৰ্ক গঢ়ি তোলা আৰু ৰক্ষণাবেক্ষণ কৰাৰ আটাইতকৈ সহজ উপায় হ’ল কল্পকাহিনী, কল্পনা, গণ ভ্ৰম বিয়পাই দিয়া। একবিংশ শতিকাত কৃত্ৰিম বুদ্ধিমত্তাই হয়তো নতুন নেটৱৰ্কৰ সংযোগ গঠন কৰিব পাৰে৷ যাৰ জৰিয়তে হয়তো ভৱিষ্যত প্ৰজন্মক অসত্য আৰু কল্প-কাহিনীক উন্মোচন কৰাৰ চেষ্টাতো বাধা দিব পৰা যাব৷ যোৱা এক লাখ বছৰ ধৰি আমি চেপিয়েনসকলে বিশাল শক্তি গোটাই ইয়াৰ অধিকাৰী হৈ পৰিছোঁ। কিন্তু আমাৰ সকলো আৱিষ্কাৰ, উদ্ভাৱন আৰু বিজয়ৰ পিছতো আমি এতিয়া নিজকে অস্তিত্বৰ সংকটৰ মুখামুখি হৈছোঁ। পৃথিৱীখন পৰিৱেশ পতনৰ দিশে আগবাঢ়িছে। ভুল তথ্যৰ প্ৰাচুৰ্য আছে। আমাৰ প্ৰজাতিটোৰ নাম ৰাখিছোঁ Homo Sapiens, অৰ্থাৎ জ্ঞানী মানুহ৷ মানুহ যদি ইমানেই জ্ঞানী, তেন্তে আমি ইমানবোৰ আত্মধ্বংসকাৰী কাম কিয় কৰি আছোঁ? বিশেষকৈ আমি পৰিৱেশ আৰু প্ৰযুক্তিগত আত্মহত্যাৰ পথত কিয় ধীৰে ধীৰে আগবাঢ়িছোঁ? ১৩
তথ্যৰ প্ৰৱাহে আমাক আৰু আমাৰ পৃথিৱীখনক কেনেদৰে গঢ় দিছে-সেই ঘটনাৱলী নেক্সাছে ব্যাখ্যা কৰিছে। প্ৰস্তৰ যুগৰ পৰা বাইবেল, আৰম্ভণিৰ আধুনিক ডাইনী-চিকাৰ, ষ্টেলিনবাদ, নাজীবাদ আৰু আজিৰ জনপ্ৰিয়তাবাদৰ পুনৰুত্থানৰ মাজেৰে গ্ৰন্থখনে পাঠকক তথ্য আৰু সত্য, আমোলাতন্ত্ৰ আৰু পৌৰাণিক কাহিনী, প্ৰজ্ঞা আৰু ক্ষমতাৰ মাজৰ জটিল সম্পৰ্ক বিবেচনা কৰিবলৈ কয়। বিভিন্ন সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাই কেনেকৈ নিজৰ লক্ষ্যত উপনীত হ’বলৈ তথ্য ব্যৱহাৰ কৰিছে-সেই কথা লেখকে বিশ্লেষণ কৰিছে। অমানৱীয় বুদ্ধিমত্তাই আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়ত আমি সন্মুখীন হোৱা জৰুৰী বিকল্পসমূহৰ ওপৰতো লেখক হাৰাৰীয়ে দৃষ্টি নিক্ষেপ কৰে।৩
তথ্যসূত্ৰ
- ↑ Nexus. YNHARARI
- ↑ Nexus: A Brief History of Information Networks from the Stone Age to AI. Goodreads
- ↑ Duncan,Dennis. (10 Sep, 2024). Pulling Back the Silicon Curtain. NYTimes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেক্সাছ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৩২৯৯২ (২৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।