অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা

নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা (Nilomani Phookanar Xampurna Kabita) হৈছে অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী কবি-সাহিত্যিক নীলমণি ফুকনৰ দ্বাৰা লিপিবদ্ধ কবিতাৰ একত্ৰ সংকলন৷ এই সংকলনত কবিৰ আটাইবোৰ কবিতা সংৰক্ষিত হৈছে৷ ২০০৬ চনত অৰ্থাৎ সংস্কৰণে সম্পূৰ্ণ কবিতা নামেৰে প্ৰকাশিত কৰা এই সংকলকখন আঁক-বাক প্ৰকাশনে ২০১৩ চনত…

হালনাগাদ: ৬ জুলাই ২০২২ ৩৭০ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা (Nilomani Phookanar Xampurna Kabita) হৈছে অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী কবি-সাহিত্যিক নীলমণি ফুকনৰ দ্বাৰা লিপিবদ্ধ কবিতাৰ একত্ৰ সংকলন৷ এই সংকলনত কবিৰ আটাইবোৰ কবিতা সংৰক্ষিত হৈছে৷ ২০০৬ চনত অৰ্থাৎ সংস্কৰণে সম্পূৰ্ণ কবিতা নামেৰে প্ৰকাশিত কৰা এই সংকলকখন আঁক-বাক প্ৰকাশনে ২০১৩ চনত নতুনকৈ মুদ্ৰণ কৰে৷ ৷১

কবিৰ চমু পৰিচয়

নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ'ল 'সূৰ্য হেনো নামি আহে এই নদীয়েদি', 'কবিতা', আৰু 'গোলাপী জামুৰ লগ্ন'।

'কবিতা' শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল' ২০০২ চনত প্ৰদান কৰা হয়।২ কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' উপাধি প্ৰদান কৰে। নতুন দিল্লী স্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে।৩ এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।

গ্ৰন্থৰ নেপথ্য

অৰ্থাৎ সংস্কৰণৰ উদ্যোগত প্ৰকাশিত হোৱা কবিতা-পুথিখনৰ প্ৰথমটো সংস্কৰণৰ (২০০৬) 'আগকথা'ত কবি নীলমণি ফুকনে নিজৰ দুকুৰি বছৰীয়া জীৱনত লিখি উলিওৱা কবিতাসমূহ আঠখন ভিন্ন পুথিত একত্ৰিত হৈ থকা বুলি মত ব্যক্ত কৰিছিল৷ এই প্ৰসংগত তেখেতে কৈছে- ''আচম্বিতে এদিন 'অৰ্থাৎ' প্ৰকাশন আহি মোৰ গোটেইখিনি কবিতাৰ এটা সংগ্ৰহ প্ৰকাশ কৰিবলৈ বিচৰাত মই ততালিকে সন্মতি দিলোঁ'৷ ৪ গ্ৰন্থখনৰ আঁক-বাক সংস্কৰণটো ২০১৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়৷ ইয়াত বিশেষ সংযোজন হোৱা নাই৷ কেৱল উপেন্দ্ৰনাথ শৰ্মাৰ সমালোচনাত্মক নিবন্ধ এটা সংযোজিত হৈছে৷

গ্ৰন্থখনৰ বিষয়বস্তু

উল্লেখ্য যে, সম্পূৰ্ণ কবিতাৰ এই সংকলনত কবিৰ প্ৰথমখন কাব্য-সংকলন গোলাপী জামুৰ লগ্নত অপ্ৰকাশিত কবিতাখিনিও সংকলিত হৈছে৷ সংকলনত সন্নিৱিষ্ট হোৱা কবিতাসমূহ কবিৰ কাব্য-পুথিৰ নাম অনুযায়ী খণ্ডিত কৰা হৈছে৷ সেইবোৰ হৈছে-(১) গোলাপী জামুৰ লগ্ন, (২) কবিতা, (৩) নৃত্যৰতা পৃথিৱী, (৪) অলপ আগতে আমি কি কথা পাতি আছিলোঁ, (৫) আৰু চাৰিটা কবিতা, (৬) সূৰ্য হেনো নামি আহে এই নদীয়েদি, (৭) নিৰ্জনতাৰ শব্দ, (৮) আৰু কি নৈ:শব্দ্য, (৯) ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, (১০) কাঁইট আৰু গোলাপ আৰু কাঁইট৷ ইয়াৰ উপৰি গ্ৰন্থখনত কবি-সমালোচক হৰেকৃষ্ণ ডেকা আৰু উপেন্দ্ৰনাথ শৰ্মাৰ একোটা সমালোচনাত্মক প্ৰবন্ধ, কবিৰ তিনিটা বক্তৃতা আৰু তিনিটা গদ্য সন্নিৱিষ্ট হৈছে৷ ৪

অসমৰ কবি-সাহিত্যিক হৰেকৃষ্ণ ডেকাই নীলমণি ফুকনৰ কাব্যৰীতিৰ বিষয়ে গ্ৰন্থখনৰ সমালোচনাত্মক প্ৰবন্ধটোত মন্তব্য কৰিছে-

...নীলমণি ফুকনৰ কবিতা বহুমুখী ব্যঞ্জনাৰে সমৃদ্ধ৷ কবিয়ে নিজেও শিৰোনাম আৰু যচিতিহ্ন ত্যাগ কৰি পাঠকৰ বিশ্লেষণৰ কাৰণে পাঠৰ দুৱাৰ সম্পূৰ্ণ উন্মুক্ত কৰি থৈছে৷৫..

১৯৫৩ চনত নীলমণি ফুকনে কটন কলেজৰ প্ৰথম বাৰ্ষিকত পঢ়ি থাকোঁতে লিখা জাৰুৱালীৰ গান আৰু তাৰ পৰৱৰ্তী বৰ্ষত অৰ্থাৎ ১৯৫৪ চনত লিখা বুৰঞ্জী কবিতা দুটাক সমালোচক হৰেকৃষ্ণ ডেকাই আধুনিক কবিতাত দুই ধৰণৰ পদক্ষেপ বুলি কৈছে৷ ৫

তথ্যসূত্ৰ

  1. ↑ ফুকন, নীলমণি. (২০২১). নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা. আঁক-বাক. ISBN ৯৭৮-৯৩-৮২৭২৬-০৯-৮
  2. ↑ জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
  3. ↑ (7 December 2021). Damodar Mauzo, critic of ‘right-wing terror’ & Nilmani Phookan win Jnanpith award. thefederal.com/
  4. ↑ ফুকন, নীলমণি. (২০২১, ডিচেম্বৰ). নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা. আঁক-বাক. পৃ. ৭-৮. ISBN ৯৭৮-৯৩-৮২৭২৬-০৯-৮
  5. ↑ ফুকন, নীলমণি. (২০২১, ডিচেম্বৰ). নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা. আঁক-বাক. পৃ. ১৩-৩৯. ISBN ৯৭৮-৯৩-৮২৭২৬-০৯-৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা” প্ৰবন্ধৰ সংশোধন ৩২৬৬৮৪ (৬ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।