নিঃসঙ্গতা (Nisongota) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। ২০০০ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ ২০০৮ চনলৈকে পাঁচটা সংস্কৰণ প্ৰকাশ পায়। লেখক বৰগোহাঞিয়ে এই ১২২ পৃষ্ঠাৰ গ্ৰন্থখন জয়ন্তী চুতীয়ালৈ আগবঢ়াইছে।১
কাহিনী
এগৰাকী বড়ো মহিলা, অনুপমা বসুমতাৰীৰ জীৱন গাঁথা বৰ্ণিত নিঃসঙ্গতা কিতাপখনৰ সমগ্ৰ চিত্ৰপট লেখক আৰু অনুপমাৰ মাজতেই অংকিত। অনুপমাৰ কবিতাবোৰত লেখকে এক জীৱন দৰ্শন অনুভৱ কৰি অনুপমাৰ জীৱনক লৈ এখন উপন্যাস লিখাৰ মানসেৰে অনুপমাৰ সৈতে কথা পাতে। এই কথোপকথনতে এখন কিতাপ লিখাৰ আগত লেখকে কৰিবলগীয়া পৰিকল্পনা, সংগ্ৰাম তথা আনৰ জীৱন কাহিনী লিখিবলৈ গৈ লেখকৰ উদ্ভৱ হোৱা বিব্ৰতবোধ, অসুবিধাৰো প্ৰতিফলন ঘটিছে। কিতাপখনত গদ্যৰ মাজে মাজে আছে অনুপমাৰ কবিতাসমূহ, যিসমূহত প্ৰতিফলিত হৈছে কবিৰ জীৱন দৰ্শন। জীৱন নামৰ দৈত্যটোৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ কৌশল নিজৰ বুদ্ধিৰেই উলিওৱা অনুপমাৰ ব্যক্তিত্বৰ নিদৰ্শনেই কিতাপখনৰ সাৰ।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (জুলাই,২০০৮). নিঃসঙ্গতা. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ Sahitya Akademi Official website
- ↑ Homen Borgohain
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিঃসঙ্গতা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫০৩৮৪৪ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।