অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মহাকবি কালিদাসৰ ৰঘুৱংশম্

মহাকবি কালিদাসৰ ৰঘুৱংশম্ এখন অসমীয়ালৈ অনূদিত গ্ৰন্থ। মহাকবি কালিদাসৰ সংস্কৃত ভাষাত ৰচিত ৰঘুবংশম কাব্যখনৰ অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।

হালনাগাদ: ২০ জুন ২০২৫ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

মহাকবি কালিদাসৰ ৰঘুৱংশম্ এখন অসমীয়ালৈ অনূদিত গ্ৰন্থ। মহাকবি কালিদাসৰ সংস্কৃত ভাষা ভাষাত ৰচিত ৰঘুবংশম কাব্যখনৰ অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।

ৰঘুৱংশৰ উৎস

কালিদাসে "ৰামায়ণৰ পৰা বিষয়বস্তু সংগ্ৰহ কৰি এই মহাকাব্যখনি ৰচনা কৰিছিল। মহাকাব্যখনিৰ কাহিনী “মহাভাৰত", "কথাসৰিৎসাগৰ” আৰু পুৰাণতো বিভিন্ন আকাৰে পোৱা যায়।১

ৰঘুৱংশম্‌ৰ বিষয়বস্তু

ৰঘুবংশ মহাকাব্য ঊনৈশটা অধ্যায়ত বিভক্ত। এই গ্ৰন্থখনত ইন্দ্বাকুবংশীয় ৰজা দিলীপৰ পৰা অগ্নিবৰ্ণলৈ মুঠ ২৯জন ৰজাৰ সংক্ষিপ্ত পৰিচয় পোৱা যায়। ৰঘুবংশ কাব্যৰ অধ্যায়ক্ৰমে বিষয়বস্তুৰ এনেধৰণৰ -

  • প্ৰথম অধ্যায়ত অৰ্ধনাৰীশ্বৰ পাৰ্বতী পৰমেশ্বৰৰ বন্দনা আৰু ৰঘুবংশৰ ঐতিহ্য বৰ্ণিত হৈছে।
  • দ্বিতীয়ৰ পৰা চতুৰ্থ অধ্যায়ত ৰজা দিলীপ আৰু তেওঁৰ পত্নী সুদক্ষিণাৰ পৰিচয় পোৱা যায়। ইয়াৰ পিছতে ৰঘুৰ জন্মৰ পৰা ৰাজ্যভাৰ গ্ৰহণ আৰু সাম্ৰাজ্য স্থাপনৰ কথা বৰ্ণিত হৈছে।
  • পঞ্চমৰ পৰা অষ্টম অধ্যায়ত ৰঘুৰ পুত্ৰ অজৰ জন্ম, বিবাহ আৰু ৰাজ্যাভিষেক আৰু দশৰথৰ জন্মৰ পৰা আৰম্ভ কৰি অজ-ইন্দুমতীৰ মৃত্যুৰ কাহিনী চিত্ৰিত হৈছে।
  • নৱম আৰু দশম অধ্যায়ত ৰাৱণ নিধনৰ বাবে বিষ্ণুৰ ৰামৰূপে আবিৰ্ভাবৰ বাৰ্তা বৰ্ণিত হৈছে।
  • একাদশ পৰা পঞ্চদশ অধ্যায়ত ৰামৰ কৈশোৰৰ পৰা সীতাৰ পাতাল প্ৰবেশ পৰ্যন্ত বৰ্ণিত হৈছে।
  • ষোল্লৰ পৰা ঊনবিংশ অধ্যায়ত লব-কুশৰ পৰা আৰম্ভ কৰি অগ্নিবৰ্ণ পৰ্যন্ত ৰজাসকলৰ পৰিচয় বৰ্ণিত হৈছে।২

ৰঘুৱংশৰ বংশানুক্ৰম

  1. দিলীপ
  2. বন্ধু
  3. অজ
  4. দশৰথ
  5. ৰাম
  6. কুশ
  7. অতিথি
  8. নিষধ
  9. নল
  10. নভ
  11. পুণ্ডৰীক
  12. ক্ষেমধন্বা
  13. দেৱানিক
  14. অহীনুগ
  15. পৰিয়াত্ৰ
  16. শীল
  17. উন্নাভ
  18. বজ্ৰনাভ
  19. শংখণ
  20. ব্যুষিতাশ্ব
  21. বিশ্বসহ
  22. হিৰণ্যাভ
  23. কৌসল্য
  24. ব্ৰহ্মিষ্ঠ
  25. পুত্ৰ
  26. পুষ্য
  27. ধ্ৰুবসন্ধি
  28. সুদৰ্শন
  29. অগ্নিবৰ্ণ৩

অনুবাদকৰ পৰিচয়

কৌস্তুভমণি শইকীয়া দত্ত এগৰাকী কবি, অনুবাদক। ১৯৭৩ চনৰ ৩ জুলাই তাৰিখে যোৰহাটজিলাত তেখেতৰ জন্ম।

কবি, অনুবাদক কৌস্তুভমণি শইকীয়া দত্ত
কবি, অনুবাদক কৌস্তুভমণি শইকীয়া দত্তছবি: পৱন বৰ্মন · CC BY-SA 4.0

অনুবাদকৰ সাহিত্য-কৰ্ম

স্বৰচিত কবিতা পুথি

  • ৰ’দ - বনফুল প্ৰকাশন, ২০১৩
  • কথা- কস্তুৰী প্ৰকাশন, ২০১৪
  • নীৰৱতাৰ বেলাড- চন্দ্ৰ প্ৰকাশ, ২০১৫
  • পাখি আৰু কাঁড়- আঁক-বাক প্ৰকাশন, ২০১৭
  • শব্দ আৰু অৰ্থ একত্ৰ - বি আৰ পাব্লিকেচন, ২০২২

অনুবাদ সাহিত্য

  • মহাকবি কালিদাসৰ মেঘদূতম -সম্পূৰ্ণ অসমীয়া অনুবাদ - পাঞ্চজন্য প্ৰকাশন, ২০২০৪
  • মহাকবি কালিদাসৰ ৰঘুৱংশম্ (অনুবাদ ), শংকৰদেৱ প্ৰকাশন, ২০২৩
  • মহাকবি কালিদাসৰ ঋতুসংহাৰম্ (অনুবাদ ), পূৰ্বায়ন প্ৰকাশন, ২০২৪

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ দত্ত শইকীয়া কৌস্তুভমণি. (২০২৩). মহাকবি কালিদাসৰ ৰঘুৱংশম্. শংকৰদেৱ প্ৰকাশন. পৃ. ১৩. ISBN 978-93-95243-80-3
  2. ↑ দত্ত শইকীয়া কৌস্তুভমণি. (২০২৩). মহাকবি কালিদাসৰ ৰঘুৱংশম্. শংকৰদেৱ প্ৰকাশন. পৃ. ১৩, ১৪. ISBN 978-93-95243-80-3
  3. ↑ দত্ত শইকীয়া কৌস্তুভমণি. (২০২৩). মহাকবি কালিদাসৰ ৰঘুৱংশম্. শংকৰদেৱ প্ৰকাশন. পৃ. ১৪. ISBN 978-93-95243-80-3
  4. ↑ (৪ ডিচেম্বৰ ২০২২). মহাকবি কালিদাসে ১৭শ বছৰ পূৰ্বে সংস্কৃত ভাষাত লিখি থৈ গৈছিল কাব্যগ্ৰন্থ ‘মেঘদূতম’।. প্ৰতিদিন টাইম

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যঅনূদিত গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাকবি কালিদাসৰ ৰঘুৱংশম্” প্ৰবন্ধৰ সংশোধন ৫১৯৬৭৫ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।