যাকেৰি নাহিকে উপাম (Jakeri Nahike Upaam) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক ড॰ লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ শংকৰদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখনক অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাসৰ মৰ্যাদা দিয়া হয়।১
গ্ৰন্থকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: লক্ষ্মীনন্দন বৰা
লক্ষ্মীনন্দন বৰা এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। ৰামধেনু যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। কাল বলুকাত খোজ তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ।
উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ
যাকেৰি নাহিকে উপাম গ্ৰন্থখনত ঔপন্যাসিক লক্ষ্মীনন্দন বৰাই পোন্ধৰ-ষোল্ল শতিকাৰ অসমৰ সমাজ-সংস্কাৰক, ধৰ্ম-প্ৰচাৰক, অসমৰ ভাষা-সাহিত্য আৰু সংস্কৃতিৰ প্ৰাণ-প্ৰতিষ্ঠাতা শংকৰদেৱৰ জীৱন আৰু কৰ্মক বিস্তৃতভাৱে তুলি ধৰিছে। মহাপুৰুষজনাক বুঢ়ীমাক খেৰসূতীয়ে তুলি-তালি ডাঙৰ দীঘল কৰাৰ পৰা তেখেতৰ সামাজিক সংস্কাৰ, শিক্ষা, অধ্যয়ন, মাধৱদেৱৰ লগত সাক্ষাৎ, তীৰ্থ ভ্ৰমণ, অসমীয়া সংস্কৃতিৰ ভেটি নিৰ্মাণ আদিকে ধৰি প্ৰায়বোৰ ঘটনাৱলীয়েই সন্নিৱিষ্ট হৈছে। শিশু শংকৰৰ বৰ্ণনাৰ ক্ষেত্ৰত ঔপন্যাসিকে 'সি' ব্যৱহাৰ কৰিছে। উপন্যাসত শংকৰদেৱৰ মানৱীয় গুণখিনিক উপস্থাপিত কৰিব বিচৰা হৈছে।১
তথ্যসূত্ৰ
- ↑ গগৈ, সীমা ভূঞা. বৰ্তমান শংকৰদেৱ-অধ্যয়নৰ প্ৰাসংগিকতা. মুক্ত চিন্তা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যাকেৰি নাহিকে উপাম” প্ৰবন্ধৰ সংশোধন ৪৮০১২৬ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।