মৌতম হৈছে ২০১১ চনত প্ৰকাশিত এখন গ্ৰন্থ। লিখক মৃণাল তালুকদাৰে একেলগে বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থীসকলৰ উদ্দেশ্য, সমস্যা, চৰকাৰৰ সৈতে শান্তি স্থাপন আদি বিষয় সমূহ সন্নিৱিষ্ট কৰিছে। সেয়ে লিখকে এই গ্ৰন্থখনক উপন্যাসৰ সলনি বুৰঞ্জী বুলিহে উল্লেখ কৰিছে। ২০১১ চনৰ অক্টোবৰ মাহত গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল। বাৰ্টিল লিণ্টাৰ আৰু নিৰ্মল নিবেদনৰ ৭০ আৰু ৮০ দশকৰ বিভিন্ন প্ৰতিবেদনৰ পৰা এই কিতাপখন লিখি উলিওৱা হৈছে।১
আগকথা
সাংবাদিক মৃণাল তালুকদাৰে উত্তৰ-পূৰ্বাঞ্চলৰ কথা ইয়াৰ উগ্ৰপন্থীসকলৰ কথাৰে জানিব বিচাৰিছিল। তাকেই চেষ্টা কৰি তেওঁ প্ৰায় বিশ বছৰ কাল উত্তৰ-পূবৰ নানা প্ৰান্তত ঘূৰি ফুৰিছিল।২ ৰুক্মিণী কালিমাসী নামৰ এগৰাকী আমেৰিকাৰ যুৱতীয়ে এই কাৰ্যত সহায় কৰিছিল।
অধ্যায়
সমগ্ৰ কাহিনীৰাজীক সৰ্বমুঠ ২৭ টা ভাগত (শেষ কথা বাদ দি) বিভক্ত কৰিছে লেখকে। ভাগসমূহ হ’ল -
- ক’ৰ পৰা আৰম্ভ কৰিম!
- বুৰঞ্জীৰ দুৰ্ঘটনা
- মই, ৰুক্মিণী আৰু বাৰ্টিল দম্পতী
- ৰুক্মিণীৰ ফাঁকি
- ৰুক্মিণীয়ে নাজানে কৃষ্ণ কোন?
- বাৰ্টিল বাপেক হ’ল
- গান্ধীজীয়ে দিব নোৱাৰা স্বাধীনতা
- নেহৰুক উদং তপিনা
- নগাৰ ট্ৰেজিক নায়ক চাখ্ৰে
- ভাৰতৰ ভিয়েটনাম
- কোনেও কাকো বিশ্বাস নকৰে
- কোনফালে অকিং
- মিজোৰ মৌতমৰ বেদনা
- মৌতমৰ পৰা জেৰিকোলৈ
- অপাৰেচন জেৰিকো
- সৰ্ববৃহৎ গণতন্ত্ৰৰ লাজ
- ‘মোহৰা’ লালডেংগা
- লালডেংগাৰ পাশা
- লালডেংগাক মিজোৱে স্মৰণ নকৰে
- ৱেল কাম টু মণিপুৰ
- কুহেলিকাৰ অন্য নাম মণিপুৰ
- চাৰ্জিট টাম্পাকলৈ কেতিয়া?
- লক্ষ্য এটা পৰ্বতৰ টিং
- যাত্ৰা: বাৰ্টিলৰ, আমাৰ
- পামগৈনে অটিং
- বৰদিন জন্মদিন
- শেষ হ’ল যাত্ৰা
- শেষ কথা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌতম” প্ৰবন্ধৰ সংশোধন ২৩৩০৭০ (৩১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।