অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মাল পহাড়িয়া ভাষা

মাল পাহাড়িয়া ভাৰতৰ ঝাৰখণ্ড আৰু পশ্চিমবংগত তথা বাংলাদেশত কথিত এটি ভাষা যি ৫১০০০ৰ পৰা ১১০০০০ লোকে ব্যৱহাৰ কৰে। ভিন ভিন সূত্ৰই এই ভাষাক ভিন ভিন ভাষাগোষ্ঠীৰ অন্তৰ্গত বুলি দাবী কৰে। কোনো কোনোৰ মতে, ই অসমীয়া-বাঙালী ভাষাগোষ্ঠীৰ অন্তৰ্গত, আনৰ মতে ই মালটো ভাষাৰ উপভাষা।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৫ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ
Mal Paharia
माल पहाड़िया, মাল পাহাড়িয়া
Native toভাৰত
Regionঝাৰখণ্ড; পশ্চিমবংগ
EthnicityMal Paharia
Native speakers50,000 (2006)১
Language familyIndo-European *Indo-Iranian ** Indo-Aryan *** Eastern **** Bengali–Assamese ***** Mal Paharia
লিখন পদ্ধতিদেৱনাগৰী লিপি, Bengali
Language codes
ISO 639-3mkb
Glottologmalp1246
ELPMal Paharia

মাল পাহাড়িয়া ভাৰতৰ ঝাৰখণ্ড আৰু পশ্চিমবংগত তথা বাংলাদেশত কথিত এটি ভাষা যি ৫১০০০ৰ পৰা ১১০০০০ লোকে ব্যৱহাৰ কৰে। ভিন ভিন সূত্ৰই এই ভাষাক ভিন ভিন ভাষাগোষ্ঠীৰ অন্তৰ্গত বুলি দাবী কৰে। কোনো কোনোৰ মতে, ই অসমীয়া-বাঙালী ভাষাগোষ্ঠীৰ অন্তৰ্গত, আনৰ মতে ই মালটো ভাষাৰ উপভাষা। অন্য এক গোটৰ মতে ই দ্ৰাৱিড় আৰু ভাৰতীয়-আৰ্য পৰিয়ালদ্বয়ৰ মিশ্ৰ ভাষা। মাল পাহাড়িয়া সাধাৰণতে দেৱনাগৰী বা পূৰ্বী নাগৰী ব্যৱহাৰ কৰি লিখা হয়।

ইতিহাস

এই ভাষা কোৱা লোক মূলতঃ ঝাৰখণ্ডৰ, যাৰ কথা অন্ততঃ ১৮৮১ৰ পৰা জনা যায়। তেতিয়াৰে পৰা এই ভাষা কোৱা লোকৰ সংখ্যা কমি আহিছে। ১৯২১ চনৰ জনগণনাৰ মতে, অঞ্চলটোত ৫০০জন ভাৰতীয়-আৰ্য ভাষা ভাষী লোক আছিল।২ উদ্যোগৰ বৃদ্ধি হোৱাৰ লগতে ভাৰতীয়-আৰ্য ভাষা কোৱা লোক স্থানান্তৰিত হ'বলৈ ধৰিলে আৰু মাল পাহাড়িয়া ভাষাৰ সুকীয়া ভাষা ৰূপে বিকাশ ঘটিল।৩

ভৌগোলিক বিতৰণ

মাল পাহাড়িয়াক এটি দ্ৰাৱিড় ভাষাও গণ্য কৰা হয়।৪ ই ভাৰতৰ পূব দিশে ব্যৱহৃত।

আনুষ্ঠানিক স্থিতি

ঝাৰখণ্ড, পশ্চিমবংগ আৰু বাংলাদেশৰ কিছু কিছু অঞ্চলত মাল পাহাড়িয়া ব্যৱহাৰ কৰা হয় যদিও আনুষ্ঠানিকভাৱে ই ব্যৱহৃত নহয়।৫

উপভাষা/ প্ৰকাৰ

মাল পাহাড়িয়াক কেতিয়াবা কেতিয়াবা মালটো বা বাংলা ভাষাৰ উপভাষাও জ্ঞান কৰা হয়। পিচে ইয়াক এক সুকীয়া ভাষা হিচাপেও শ্ৰেণীভুক্ত কৰা হয়। এই ভাষাক অনেকে দ্ৰাৱিড় ভাষাও জ্ঞান কৰে যি ঝাৰঝণ্ড আৰু বাংলাদেশ আদিত কথিত।৫

উৎপত্তি হোৱা ভাষাসমূহ

মাল পাহাড়িয়াৰ পৰা অহা আন কোনো ভাষা জ্ঞাত নহয় যদিও ইয়াৰ অনেক নিকটৱৰ্তী ভাষা আছে, যেনে কুমাৰভাগ পাহাড়িয়া আৰু সৌৰীয় পাহাড়িয়া।৬

লিপি

মাল পাহাড়িয়া লিখিবলৈ সাধাৰণতে দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়।৭ এই লিপিত ১১টা স্বৰবৰ্ণ আৰু ৩৩টা ব্যঞ্জনবৰ্ণ আছে।৮ লিপিটো বাওঁৰ পৰা সোঁ দিশে লিখা হয়। কোনো কোনো বৰ্ণ লিখাৰ বিশেষ নিয়ম আছে।৯

তথ্যসূত্ৰ

  1. ↑ Mal Paharia at Ethnologue (25th ed., 2022)
  2. ↑ Ekka. (2000). Jharkhand Tribals: Are They Really a Minority?. Economic and Political Weekly. পৃ. 4610–4612
  3. ↑ Ekka, Alexius. (2000). Jharkhand Tribals: Are They Really a Minority?. Economic and Political Weekly. পৃ. 4610–4612
  4. ↑ "TreeName: Smith 2013". MultiTree: A digital library of language relationships. Institute for Language Information and Technology: Ypsilanti, MI. 2013. Web. Accessed May 4, 2016. Published July 27, 2013 . <http://multitree.org>
  5. ↑ Mal Paharia. MultiTree:A Digital Library of Language Relationships
  6. ↑ Short, Dan. Indo-European Language Family. danshort.com
  7. ↑ Saktinanda, Guddi. ELEMENTARY EDUCATION IN JHARKHAND – A MICROSCOPIC ANALYSISwebsite=http://oaji.net/. The Scholarly Research Journal of Interdisciplinary Studies
  8. ↑ Templin, David. The Devanagari Script. omniglot.com. Omniglot
  9. ↑ Staff, Scriptsource. Devanagari (Nagari) Script. Scriptsource.org. Universal Declaration of Human Rights in Magahi

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষাভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাল পহাড়িয়া ভাষা” প্ৰবন্ধৰ সংশোধন ৫৩৯৯১১ (২৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।