বাগড়ী ভাষা (باگڑی/बागड़ी) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই হাৰিয়ানৱী, ৰাজস্থানী আৰু পঞ্জাবী ভাষাক সংযোগ কৰা ভাষা। এই ভাষাৰ নাম বাগড় অঞ্চলৰ পৰা অহা।১ বাগড়ী ভাষী লোক ঘাইকৈ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ হনুমানগঢ় আৰু শ্ৰী গংগাধৰ জিলা, হাৰিয়ানাৰ সিৰসা জিলা আৰু পাঞ্জাবৰ ফজিল্কা জিলাৰ বাসী। কম সংখ্যাত বাগড়ী ভাষী লোক পাকিস্তানৰ পাঞ্জাবৰ বহৱলপুৰ আৰু বহৱলনগৰতো থাকে।
হাৰিয়ানৱী, পাঞ্জাবী আৰু ৰাজস্থানীৰ দৰে অন্য ভাৰতীয়-আৰ্য ভাষাৰ দৰেই বাগড়ীতো বিষয়-বস্তু-ক্ৰিয়া ক্ৰম ব্যৱহাৰ কৰা হয়। বাগড়ীৰ আটইতকৈ চকুত লগা ধ্বনিতাত্ত্বিক বৈশিষ্ট্য হ'ল অৰ্থবহুল সুৰৰ অস্তিত্ব: উচ্চ, মধ্য আৰু নিম্ন, পাঞ্জাবী ভাষাৰ দৰে।২ এই ভাষাৰ হাৰিয়ানৱী ভাষাৰ সৈতে ৬৫% শব্দ সম্ভাৰৰ সামঞ্জস্য আছে। ২০১১ চনৰ ভাৰতৰ জনগণনাৰ মতে বাগড়ী ৰাজস্থানীৰ ২৩৪২২৭ আৰু পাঞ্জাবী বাগড়ীৰ ১৬৫৬৫৮৮জন কথোঁতা আছিল।৩
বৈশিষ্ট্য
ধ্বনিতত্ত্ব
বাগড়ীত ৩১টা ব্যঞ্জনধ্বনি আছে, যাৰ মাজত মূৰ্ধন্য ধ্বনিও আছে। তদুপৰি, ১০টা স্বৰধ্বনি, ২টা ডিফটং আৰু ৩টা সুৰ আছে।
ক্ৰিয়া
- ক্ৰিয়াৰ ৩টা কাল আৰ ৪টা মন আছে
বাগড়ীৰ বিষয়ে গৱেষণা/ অন্য কৰ্ম
- Grierson, G. A. 1908. (Reprint 1968). Linguistic Survey of India. Volume IX, Part II. New Delhi: Motilal Banarasidass
- Gusain, Lakhan. 1994. Reflexives in Bagri. M.Phil. dissertation. New Delhi: Jawaharlal Nehru University
- Gusain, Lakhan. 1999. A Descriptive Grammar of Bagri. Ph.D. dissertation. New Delhi: Jawaharlal Nehru University
- Gusain, Lakhan. 2000a. Limitations of Literacy in Bagri. Nicholas Ostler & Blair Rudes (eds.). Endangered Languages and Literacy. Proceedings of the Fourth FEL Conference. University of North Carolina, Charlotte, 21–24 September 2000
- Gusain, Lakhan. 2000b. Bagri Grammar. Munich: Lincom Europa (Languages of the World/Materials, 384)
- Gusain, Lakhan. 2008. Bagri Learners' Reference Grammar. Ann Arbor, Michigan: Northside Publishers
- Wilson, J. 1883. Sirsa Settlement Report. Chandigarh: Government Press
গ্ৰন্থৰ তালিকা
- Gusain, Lakhan. (1999). A Descriptive Grammar of Bagri
- Gusain. (2000). Bagri. Languages of the world. Materials. LINCOM Europa. ISBN 978-3-89586-398-1
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Revised Land and Revenue Settlement of Hisar District 9006-9011
- ↑ Gusain 2000, পৃ. 14
- ↑ Census of India 2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাগড়ী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৭৯৫ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।