ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অসমীয়া ভাষাৰ ব্যাকৰণ (গ্ৰন্থ)
অসমীয়া ভাষাৰ ব্যাকৰণ (Asamiya bhashar Vyakaran) হৈছে ভাষাবিদ, গৱেষক, অধ্যাপক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ব্যাকৰণ। মণি-মাণিক প্ৰকাশনে ১৯৮১ চনত প্ৰকাশ কৰা এই ব্যাকৰণখন দুটা খণ্ডত বিভক্ত।
-
অসমীয়া সাহিত্যত মালিতা
মালিতা বা কাহিনী-গীতসমূহ সমাজ জীৱন আৰু সাহিত্যৰ এটা অঙ্গ। সমগ্ৰ বিশ্বতে বিভিন্ন ভাষাৰ কাহিনী-গীত প্ৰচলিত আছে। এনেবোৰ গীতক বেলাড (Ballad) বোলা হয়। ফ্ৰান্স ভাষাৰ “বেলাৰে” (Ballare) শব্দৰ পৰা এই শব্দৰ উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ’ল "নৃত্য"। অৰ্থাৎ নৃত্যৰ লগত সঙ্গতি ৰাখি গোৱা গীতক বেলাড বোলা হয়।
-
অসমৰ মন্ত্ৰ-সাহিত্য
মন্ত্ৰ সাহিত্য হৈছে অসমীয়া লোক সাহিত্যৰ এক বিভাগ। মন্ত্ৰ সাহিত্যৰ ভিতৰত কৰতি মন্ত্ৰ, সাপৰ ধৰণী ধৰা মন্ত্ৰ, মোহিনী মন্ত্ৰ, বীৰাজৰা মন্ত্ৰ, সৰ্ব্বঢাক মন্ত্ৰ আদি উল্লেখযোগ্য। মন্ত্ৰবোৰ সাধাৰণতে বিভিন্ন দেৱ-দেৱীৰ নামত শপত দি গোৱা হয়। এই মন্ত্ৰবোৰৰ দ্বাৰা পূৰ্বতে লোক সমাজত চিকিৎসা আদি কৰা হৈছিল।
-
অসমৰ সাধুকথা
সাধুকথা অসমীয়া সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। কিন্তু এইবোৰত এটা সজ নীতি কথা থাকে আৰু সেয়ে হয়তো এইবোৰ লোক-কথাক অসমীয়াত সাধুকথা বোলা হয়। সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভীৰুচি আৰু সামৰ্থ অনুসাৰে তাক বৰ্ণাই যায়।
-
আমাৰ প্ৰতিনিধি
আমাৰ প্ৰতিনিধি কলিকতাৰ পৰা প্ৰকাশ পোৱা বিবিধ বিষয় সন্নিৱিষ্ট, অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী৷ আলোচনীখন আৰম্ভ হৈছিল ১৯৬০ চনত কলিকতাৰ “শ্ৰীভূমি পাব্লিছিং কোম্পানী’’ৰ তত্ত্বাৱধানত৷ ন-পুৰণি প্ৰগতিশীল লেখকৰ চিন্তাশীল প্ৰবন্ধ, গল্প, নাটক, কবিতাৰে সমৃদ্ধ “আমাৰ প্ৰতিনিধি’’য়ে ঘাইকৈ নতুনচাম লেখকক…
-
আসাম বিলাসিনী (আলোচনী)
আসাম বিলাসিনী ১৮৭১ চনত মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ প্ৰচেষ্টাত মাজুলীৰ ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা প্ৰকাশ পায়৷ প্ৰথমাৱস্থাত মাহেকীয়া আলোচনীখন সাদিনীয়াকৈ প্ৰকাশ পাইছিল৷ মাহেকীয়া আলোচনী হৈ থকা অৱস্থাত ই আউনীআটি সত্ৰৰ মুখপত্ৰ হিচাপে প্ৰকাশ পাইছিল৷ সম্পাদনা কৰিছিল শ্ৰীধৰ ওজাই৷…
-
ই-বুক
ই-বুক (e-book; ইলেক্ট্ৰনিক কিতাপৰ সংক্ষিপ্ত ৰূপ), ডিজিটেল ৰূপত উপলব্ধ কৰা একোখন কিতাপৰ প্ৰকাশন, য'ত লিখনি, ছবি বা দুয়োটাই থাকিব পাৰে আৰু এইসমূহ কম্পিউটাৰ বা অন্যান্য ইলেক্ট্ৰনিকৰ ফ্লেট-পেনেল ডিছপ্লেত পঢ়িব বা চাব পৰা যায়।
-
ইণ্ডিয়ান লিটাৰেশ্যাৰ
ইণ্ডিয়ান লিটাৰেশ্যাৰ (ইংৰাজী: Indian Literature) সাহিত্য অকাদেমিয়ে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ এখন দুমহীয়া সাহিত্য আলোচনী৷ আলোচনীখনত ইংৰাজী ভাষাৰ মৌলিক লেখাৰ লগতে ভাৰতীয় তেইছটা ভাষাৰ কবিতা, চুটি গল্প, নাটক, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, সাক্ষাৎকাৰ, উপন্যাস আৰু আত্মজীৱনীৰ অংশ আৰু গ্ৰন্থ সমালোচনাৰ ইংৰাজী…
-
ইম'জি
ইম'জি (Emoji) হৈছে ইলেক্ট্ৰনিক মেছেজ আৰু ৱেবপেজত ব্যৱহৃত একপ্ৰকাৰৰ ভাবপ্ৰকাশক চিহ্ন। ইম'জিবোৰ হৈছে একো একোটা চিত্ৰ যিবোৰ মূলতঃ ভাব প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা হয়। ইম'জি বিভিন্ন প্ৰকাৰৰ, যেনে ― মুখভঙ্গি, দৈনন্দিন বস্তু, স্থান, বতৰ আৰু জীৱ-জন্তু।
-
উপকথা
উপকথা (Fable) হৈছে এক সাহিত্যিক ধাৰা: এটা সংক্ষিপ্ত কাল্পনিক কাহিনী, গদ্য বা পদ্যত প্ৰাণী, কিংবদন্তি জীৱ, উদ্ভিদ, নিৰ্জীৱ বস্তু বা প্ৰকৃতিৰ শক্তি যিবোৰ নৃৰূপীত কৰা হয়। এইসমূহে এটা বিশেষ নৈতিক পাঠৰ চিত্ৰণ কৰে বা সেই দিশলৈ লৈ যায়, আৰু শেষত এটা সংক্ষিপ্ত উচ্চতম উক্তি হিচাপে স্পষ্টভাৱে যোগ কৰিব পাৰি।
-
এইপিনে কি আছে ? (গল্প সংকলন)
এইপিনে কি আছে ? হৈছে গল্পকাৰ সঞ্জীৱ পল ডেকাৰ প্ৰথমখন গল্প সংকলন। ২০১০ চনত প্ৰথম প্ৰকাশিত তেওঁৰ এই প্ৰথম গল্প সংকলনখনত দহটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০১২ চনত মুনীন বৰকটকী বঁটা, ২০১৫-১৬ চনৰ ভাৰতীয় ভাষা পৰিষদৰ যুৱ বঁটা আৰু ২০১৯ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।
-
ঔপনিৱেশিকোত্তৰ সাহিত্য
উত্তৰঔপনিৱেশিক সাহিত্য (Postcolonial literature) হৈছে পূৰ্বৰ উপনিৱেশিক দেশৰ লোকসকলৰ সাহিত্য। এন্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে ই বিদ্যমান। উত্তৰ-ঔপনিৱেশিক সাহিত্যই প্ৰায়ে এখন দেশৰ উপনিৱেশমুক্তকৰণৰ সমস্যা আৰু পৰিণতিৰ বিষয়ে আলোচনা কৰে, বিশেষকৈ পূৰ্বতে বশৱৰ্তী হোৱা লোকসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক…
-
ককাদেউতাৰ হাড়
ককাদেউতাৰ হাড় অসমীয়া ঔপন্যাসিক তথা শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ এখন আৰ্থ-সামাজিক উপন্যাস। কপিলীপৰীয়া কবিৰূপে পৰিচিত নৱকান্ত বৰুৱাই ১৯৭৪ চনত প্ৰকাশিত উপন্যাসখনৰ বাবে ১৯৭৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। মণিদীপ আলোচনীৰ পাতত উপন্যাসখনৰ আৰম্ভণি ঘটিছিল।
-
কথা বৰেণ্য ১০০
কথা বৰেণ্য ১০০ এখন গ্ৰন্থ। গ্ৰন্থখনৰ সম্পাদক শোণিত বিজয় দাস আৰু মুনীন বায়ন। কথা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ঊনবিংশ আৰু বিংশ শতিকাৰ ১০০ গৰাকী অসমীয়া সাহিত্যিক-শিল্পীৰ জীৱনালেখ্যৰ সংকলন। গ্ৰন্থখন প্ৰথম প্ৰকাশ হৈছিল ২০০৬ চনত। গ্ৰন্থখনৰ আইএছবিএন হ’ল-৮১-৮৯১৪৮-১৪-১।
-
কপালকুণ্ডলা
কপালকুণ্ডলা ১৮৬৬ চনত প্ৰকাশিত এটি বঙালী ভাষাৰ উপন্যাস। সাহিত্য সম্ৰাট বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ইয়াৰ ৰচিয়তা। কপালকুণ্ডলাক বঙালী সাহিত্যত সাৰ্থক প্ৰেমৰ প্ৰথম উপন্যাস হিচাপে ইয়াক আখ্যা দিয়া হৈছে। কপালকুণ্ডলা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়দেৱ ৰচিত দ্বিতীয়খন উপন্যাস
-
কপিলীপৰীয়া সাধু
কপিলীপৰীয়া সাধু (Kopilipariya Xadhu) হৈছে অসমৰ কবি-সাহিত্যিক-গীতিকাৰ নৱকান্ত বৰুৱাৰ দ্বাৰা লিখিত প্ৰথমখন উপন্যাস। গ্ৰন্থখন ১৯৫৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।গ্ৰন্থখনত মানৱীয় প্ৰেম, সংগ্ৰাম আৰু সংঘাত, ভাগ্য আৰু ব্যস্ততা, কল্পনা আৰু বাস্তৱ, বিশ্বাস-অন্ধবিশ্বাস, ৰীতি-নীতি, পৰম্পৰা আদি সকলোৰে…
-
কাঞ্চন (উপন্যাস)
কাঞ্চন অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০১ চনত।
-
কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু
কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু হ'ল ডা০ ভৃংগেশ্বৰ শৰ্মা ৰচিত এক অসমীয়া গল্প সংকলন। অসমৰ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশিত প্ৰায় বিশটা গল্পৰ এই সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০০ চনৰ ডিচেম্বৰ মাহত।
-
কায়কল্প
কায়কল্প (Kayakalpa) হৈছে অসমৰ কৃতবিদ্য লেখক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন বিজ্ঞান ভিত্তিক উপন্যাস। ২০০২ চনত কিতাপখন প্ৰথম প্ৰকাশ হয়। ২০০৮ বৰ্ষৰ সৰ্বভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ 'সৰস্বতী সন্মান' লাভ কৰা গ্ৰন্থখনি কল্পবিজ্ঞান বিষয়ক।
-
কাল (অসমীয়া ব্যাকৰণ)
কাল (Tense) শব্দৰ অৰ্থ হৈছে — কোনো ক্ৰিয়া, ঘটনা বা অৱস্থা যি সময়ত সংঘটিত হয়, হৈছিল বা হ'ব — সেই সময়ক নিৰ্দেশ কৰা ব্যাকৰণিক উপাদান। অসমীয়া ভাষাত কাল মূলত তিনিধৰণৰ — বৰ্তমান, অতীত আৰু ভৱিষ্যত।
-
কুৰ্মালী ভাষা
কুৰ্মালী, কুড়মালী বা পঞ্চপৰগনিয়া এটি পূৰ্বী ভাৰতীয় আৰ্য ভাষা যি বিহাৰী উপ-গোটৰ অন্তৰ্গত। ই এটি বাণিজ্যিক উপভাষা যি ঝাৰখণ্ডৰ পাঁচ পৰগণাত ব্যৱহাৰ কৰা হয়, যাৰ বাবে এই ভাষাক পঞ্চপৰগনিয়া নামেৰেও জনা যায়।
-
খাম্বা আৰু থোইবি
খাম্বা আৰু থোইবি ( Khamba and Thoibi) প্ৰাচীন কিংবদন্তি এটা মেইটেই সংস্কৃতি, লগতে মেইটেই পৌৰাণিক কাহিনী আৰু লোককথাৰ অৱতাৰৰ অন্যতম মহাকাব্যিক চক্ৰ, যিটো প্ৰাচীন মইৰাং ৰাজ্য কাংগলেইপাক (আৰম্ভণি মণিপুৰ)ৰ পৰা উৎপত্তি হৈছে।
-
গঙা চিলনীৰ পাখি (উপন্যাস)
গঙা চিলনীৰ পাখি (Ganga Silonir Pakhi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৬৫ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনৰ আধাৰত ছবি-নিৰ্মাতা পদুম বৰুৱাই ১৯৭৬ চনত একে নামেৰে এখনি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।
-
গুজৰী ভাষা
গুজৰী, গোজৰী বা গুৰ্জৰী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই ঘাইকৈ ভাৰত আৰু পাকিস্তানৰ গুজ্জৰ সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰে। কিছু সংখ্যক কথোঁতা আফগানিস্তানতো আছে।
-
গোপী-উদ্ধৱ সংবাদ
গোপী-উদ্ধৱ সংবাদ মহাপুৰুষ শংকৰদেৱ বিৰচিত এখনি ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনিৰ মূল আধাৰ ভাগৱত পুৰাণৰ দশম স্কন্ধ। “উদ্ধৱ সংবাদ’’ নামৰ পৃথক পুথিৰ কথা কথা গুৰু চৰিতত আৰু আন আন গ্ৰন্থত “গোপী উদ্ধৱ সংবাদ’’ নাম উল্লেখ থকা কথাৰ মাজত কিছু মতদ্বৈধতা পৰিলক্ষিত হয়৷
-
গোলাই ছিৰিজ
গোলাই ছিৰিজ হ'ল কুমুদেশ্বৰ বৰঠাকুৰৰ দ্বাৰা ৰচিত প্ৰায় সত্তৰখন ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। এই উপন্যাসসমূহৰ মূল নায়ক হ'ল গোলাই চোৰ। বৰঠাকুৰদেৱে বিচিত্ৰ বিষয়ৰ সাহিত্য ৰচনাত হাত দিছিল। কবিতা, উপন্যাস, জীৱনী, নাটক, অনুবাদ আদি বিভিন্ন বিষয়ৰ সাহিত্য তেওঁৰ ৰচনাত পোৱা যায়।
-
গৌৰী (মহাকাব্য)
গৌৰী (নেপালী: गौरी) হৈছে নেপালী "ৰাষ্ট্ৰকবি" মাধৱ প্ৰসাদ ঘিমীৰেৰ দ্বাৰা ৰচিত এখন শোকাকুল মহাকাব্য (শোককাব্য)। ইয়াৰ প্ৰথম সংস্কৰণ ২০১৫ বিক্ৰম সম্বটত (১৯৫৯-৬০ খ্ৰীষ্টাব্দ) প্ৰকাশ পাইছিল। কবিয়ে তেওঁৰ প্ৰথম পত্নী গৌৰীৰ অকাল মৃত্যুৰ পিছত তেওঁৰ স্মৃতিস্বৰূপে এই কাব্যখন ৰচনা কৰিছিল।
-
গৱাৰ-বাতী ভাষা
গৱাৰ-বাতী বা নৰ্ছাতী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উত্তৰী অংশ আৰু সীমাৰ পাৰৰ আফগানিস্তানৰ চুবুৰীয়া অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষাক চিত্ৰলত অৰণ্ডুয়িৱাৰ নামেৰেও জনা যায় কাৰণ ই মুখ্যতঃ অৰণ্ডুত কোৱা হয়, যি নামনি চিত্ৰলৰ অন্তিম গাওঁ। ইও সীমা পাৰ হৈ আফগানিস্তানৰ বেৰকোটত আছে।
-
চম্পু কাব্য
চম্পু কাব্য ( Champu Kavya) ভাৰতীয় সাহিত্য ৰচনাৰ এটা ধাৰা। “চম্পু’’ শব্দৰ অৰ্থ হ’ল কবিতা আৰু গদ্যৰ সংমিশ্ৰণ। পৌৰাণিক যুগত বৈদিক সাহিত্যৰ স্তৰৰ পৰাই আমি চাম্পু-কাব্য দেখিবলৈ পাওঁ।
-
চাক্ষুস কবিতা
কবিতাৰ অৰ্থ প্ৰকাশৰ বাবে গ্ৰাফিক আৰু দৰ্শনীয় নমুনাৰ উপাদানসমূহ সন্নিৱিষ্ট কৰি সৃষ্টি কৰা কবিতাৰ এক শৈলীক চাক্ষুস কবিতা বা (Visual poetry) বোলা হয়। এই শৈলীত দৃশ্য কলা আৰু লিখিত প্ৰকাশৰ সংমিশ্ৰণেৰে কবিতা উপস্থাপন আৰু ব্যাখ্যাৰ নতুন পদ্ধতি সৃষ্টি কৰা হৈছে।