ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চাহেবপুৰাৰ বৰষুণ
চাহেবপুৰাৰ বৰষুণ অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত। উপন্যাসখনত নাৰীৰ প্ৰতিবাদী সত্তাটো সুন্দৰভাৱে প্ৰতিফলিত হৈছে
-
চৰিয়াপিটক
চৰিয়াপিটক (চৰিয়া পালি ভাষাত "আচৰণ" বা "সঠিক আচৰণ" আৰু পিটকক সাধাৰণতে "ঝুৰি" হিচাপে অনুবাদ কৰা হয়) থেৰাভাদা বৌদ্ধ ধৰ্মৰ পালি ধৰ্মশাস্ত্ৰৰ অংশ বৌদ্ধ গ্ৰন্থ। ইয়াক সুত্ত পিটকৰ পোন্ধৰখন গ্ৰন্থৰ শেষৰখন হিচাপে খুদ্দাকা নিকায়ত অন্তৰ্ভুক্ত কৰা হৈছে।
-
জছনাৰ ঝিটাছ
জছনাৰ ঝিটাছ ( Josnar Jhitas) হৈছে অসমীয়া সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখন চাহ জনগোষ্ঠীয় মহিলা দুৰ্গী ভূমিজৰ জীৱনৰ ওপৰত আধাৰিত। দুৰ্গী ভূমিজ এটি সঁচা চৰিত্ৰ।
-
জয়ন্তীয়া ভাষা
জয়ন্তীয়া বা প্নাৰ (ইংৰাজী: Pnar / Ka Ktien Pnar) হ'ল ভাৰত আৰু বাংলাদেশত প্ৰচলিত এটা অষ্ট্ৰ-এছিয়াটিক ভাষা। এই ভাষা মূলতঃ ভাৰতৰ মেঘালয় ৰাজ্যৰ জয়ন্তীয়া পাহাৰ অঞ্চলত কোৱা হয়। জয়ন্তীয়া ভাষাত ৩০টা ধ্বনি আছে: ৭টা স্বৰবৰ্ণ আৰু ২৩টা ব্যঞ্জনবৰ্ণ।
-
জাল কটা জুই
জাল কটা জুই হৈছে গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ এখন গল্প সংকলন। ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত তেওঁৰ এই গল্প সংকলনখনত চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০২৩ চনত মুনীন বৰকটকী বঁটাআৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
জীৱনী
জীৱনী (Biography) হৈছে এজন ব্যক্তিৰ জীৱনৰ বিশদ বিৱৰণ। জীৱনীত শিক্ষা, কৰ্ম, সম্পৰ্ক, মৃত্যু আদি মৌলিক তথ্যবোৰৰ লগতে সামাজিক দিশ একোটা জড়িত হৈ আছে। ইয়াত এজন ব্যক্তিৰ এই জীৱনৰ পৰিঘটনাবোৰৰ অভিজ্ঞতাক চিত্ৰিত কৰা হৈছে।
-
জীৱনৰ বাটত
জীৱনৰ বাটত উপন্যাসখনৰ লেখক হৈছে বীণা বৰুৱা। বীণা বৰুৱাৰ প্ৰকৃত নামটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা৷ জীৱনৰ বাটত উপন্যাসখনক অসমীয়া সাহিত্যৰ প্ৰথমখন সৰ্বাংগ সুন্দৰ উপন্যাস হিচাপে স্বীকৃতি দিয়া হয়। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৪ চনত৷
-
জুমলী ভাষা
জুমলী বা জুমলী খছ হৈছে নেপালত কথিত এটি ভাৰতীয়-আৰ্য় ভাষা, যি নেপালী ভাষাৰ এটি ভগ্নী ভাষা। এই ভাষা মুখ্যতঃ নেপালৰ কৰ্ণালী প্ৰান্তত ব্যৱহাৰ কৰা হয়। ভাষাটোক কোনো কোনোৱে নেপালীৰ উপ-ভাষা আখ্যা দিয়ে যদিও নেপালৰ চৰকাৰে ইয়াক এক পৃথক ভাষা বুলি গণ্য কৰে।
-
টাই-আহোম সংখ্যা পদ্ধতি
টাই-আহোম সংখ্যা পদ্ধতি হৈছে টাই-আহোম ভাষাত ব্যৱহাৰ হোৱা এক দশমিক (decimal) সংখ্যা পদ্ধতি। বুৰঞ্জী আৰু শিলালিপিত এই সংখ্যা পদ্ধতি দেখা যায়। এই সংখ্যা পদ্ধতি অন্যান্য টাই ভাষাসমূহৰ সৈতে সাদৃশ্যপূৰ্ণ আৰু ইয়াৰ মূল উৎস হৈছে বৃহত্তৰ টাই ভাষা পৰিয়াল।
-
টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ
টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ (2 States: The Story of My Marriage) চেতন ভগতৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০০৯ চনৰ ৮ অক্টোবৰত এই উপন্যাস প্ৰথম প্ৰকাশ পাইছিল। ফাইভ পইণ্ট চামৱানৰ পিছত অধিকাংশই নিজৰ জীৱনৰ ওপৰত আধাৰিত হোৱা এইখন চেতন ভগতৰ দ্বিতীয় গ্ৰন্থ।
-
টোকি পোনা
টোকি পোনা হৈছে এটা দাৰ্শনিক কলাত্মক নিৰ্মিত ভাষা, যিটো কম শব্দভাণ্ডাৰ, সৰলতা আৰু সহজলভ্যতাৰ বাবে জনাজাত। ইয়াক কানাডাৰ টৰণ্টোৰ ভাষাবিদ আৰু অনুবাদক ছ'ঞ্জা এলিন কিছা লেঙ-এ সৃষ্টি কৰিছিল। এই ভাষাটো সকলো সংস্কৃতিৰেই পৰিচিত বা প্ৰায় একেধৰণৰ কিছুমান সহজ ধাৰণা আৰু প্ৰতীকৰ ওপৰত আধাৰিত।
-
ত'ত্ত'-চ্চান
ত’ত্ত’–চ্চান: খিৰিকীমুখত অকনিজনী (মূল শিৰোনাম 窓ぎわのトットちゃん, মাডগিৱা ত’ত্ত’–চ্চান; Totto Chan: The Little Girl at the Window) জাপানী লেখিকা তেৎছুকো কুৰ'য়ানাগিয়ে ৰচনা কৰা এখন আত্মজীৱনীমূলক শিশু উপন্যাস। জাপানী ভাষাত ৰচিত এই উপন্যাস ১৯৮১ চনত প্ৰকাশিত হৈছিল।
-
তেলুগু-কানাড়া বৰ্ণমালা
তেলুগু-কানাড়া বৰ্ণমালা (Telugu-Kannada alphabet) বা তেলুগু–কানাড়া লিপি (বা কানাড়া–তেলুগু লিপি) দক্ষিণ ভাৰতত ব্যৱহৃত এক লিখন প্ৰণালী আছিল। কিছু উল্লেখযোগ্য পাৰ্থক্য থকাৰ পিছতো তেলুগু আৰু কানাড়া ভাষাৰ বাবে ব্যৱহৃত লিপিসমূহ যথেষ্ট সাদৃশ্যপূৰ্ণ আৰু পৰস্পৰক বুজিব পৰাকৈ বিদ্যমান।
-
তৎসম
তৎসম (तत्सम অৰ্থাৎ 'তাৰ সমান') হৈছে আধুনিক ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া, বঙালী, মাৰাঠী, ওড়িয়া, হিন্দী, গুজৰাটী, সিংহল আৰু দ্ৰাবিড় ভাষা পৰিয়ালৰ মালায়ালম, কানাড়া, তেলুগু আৰু তামিল ভাষাসমূহত ব্যৱহাৰ সংস্কৃত ভাষাৰ পৰা ঋণকৃত শব্দ।
-
থেৰাগাথা
থেৰাগাথা (জ্যেষ্ঠ সন্ন্যাসীসকলৰ পদ) হৈছে বৌদ্ধ গ্ৰন্থ, পালি ভাষাৰ চুটি কবিতাৰ সংকলন, যিবোৰ প্ৰাচীন বৌদ্ধ সংঘৰ সদস্যসকলৰ বুলি কোৱা হয়। ইয়াক সুত্ত পিটকৰ সৰু সৰু গ্ৰন্থৰ সংকলন খুদ্দাকা নিকায়ৰ অংশ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
-
দ্য অ'ল্ড মেন এণ্ড দ্য ছী
দি অ'ল্ড মেন এণ্ড দা ছী (ইংৰাজী: The Old Man and the Sea) ১৯৫২ চনত প্ৰকাশিত আমেৰিকান সাহিত্যিক আৰ্ণেষ্ট হেমিঙৱেই লিখা এখন উপন্যাস। তেওঁ ১৯৫১ চনত কিউবাত উপন্যাসখন ৰচনা কৰিছিল। এইটোৱেই তেওঁৰ নিজৰ জীৱনকালত প্ৰকাশিত শেষ উল্লেখযোগ্য কাল্পনিক সাহিত্যকৰ্ম।
-
ধ্ৰুপদী ভাষা
ধ্ৰুপদী ভাষা (Classical language) হৈছে এনে একোটা ভাষা,যিটোৰ স্বতন্ত্ৰ সাহিত্যিক পৰম্পৰাৰ লগতে প্ৰাচীন সাহিত্যৰ কথিত আৰু লিখিত সমল আছে। বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ জৰ্জ এল হাৰ্টে ধ্ৰুপদী ভাষাক এইদৰে বিশ্লেষণ কৰিছে। ধ্ৰুপদী ভাষাসমূহৰ বেছিভাগেই সাধাৰণতে বিলুপ্ত বা বিলুপ্তপ্ৰায় ভাষা।
-
ন হন্যতে
ন হন্যতে মৈত্ৰেয়ী দেৱীয়ে লিখা ১৯৭৪ চনত প্ৰকাশিত এখন আত্মজীৱনীমূলক উপন্যাস। এই উপন্যাসৰ বাবেই লেখিকাই ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। ৰোমানীয় দাৰ্শনিক মিৰ্চা এলিয়েডে লিখা তেওঁলোকৰ সম্পৰ্ক ভিত্তিক উপন্যাস লা নুই বেঙ্গলীৰ প্ৰতিক্ৰিয়া স্বৰূপে এই উপন্যাসত মৈত্ৰেয়ী দেৱীয়ে নিজৰ বিবৃতি তুলি…
-
ন'বেল বঁটা বিজয়ী (সাহিত্য)
সাহিত্যৰ বাবে ন'বেল বঁটা প্ৰতিবছৰে ছুইডিছ একাডেমীয়ে সাহিত্যক্ষেত্ৰত অসামান্য অৱদানৰ বাবে লেখকসকলক প্ৰদান কৰে। এইটো আলফ্ৰেড ন'বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰত স্থাপন কৰা পাঁচটা ন'বেল বঁটাৰ ভিতৰত ৰসায়ন, পদাৰ্থবিজ্ঞান, সাহিত্য, শান্তি আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয়।
-
নামমালিকা (ভোজ ৰচিত)
নামমালিকা (সংস্কৃত: नाम मालिका, Nāmamālikā) হৈছে একাদশ শতিকাৰ বিখ্যাত পণ্ডিত-ৰজা ভোজৰ নামত কৃত এক সংস্কৃত গ্ৰন্থ, যি মূলতঃ ‘‘নামৰ তালিকা’’ বা ‘‘শব্দমালা’’ ৰূপে পৰিগণিত।
-
নিমাড়ী ভাষা
নিমাড়ী হৈছে মধ্যপ্ৰদেশ ৰাজ্যৰ ভিতৰত পশ্চিম-মধ্য ভাৰতৰ নিমাৰ অঞ্চলত প্ৰচলিত পশ্চিম ভাৰত-আৰ্য্য ভাষা। এই অঞ্চলটো মহাৰাষ্ট্ৰৰ কাষতে আৰু মালৱাৰ দক্ষিণে অৱস্থিত। নিমাড়ী ভাষা কোৱা জিলাকেইখন হ'ল: বৰুৱানী, খাণ্ডৱা, বৰৱাহা, খাৰগোনে, বুঢ়ানপুৰ, সনাৱাদ আৰু ধৰ, হৰদা আৰু দেৱাছ জিলাৰ দক্ষিণৰ অধিকাংশ অঞ্চল।
-
নিৰ্ম্মল ভকত
নিৰ্ম্মল ভকত উপন্যাসখনৰ ৰচক হ'ল ৰজনীকান্ত বৰদলৈ। উপন্যাসখনত সামৰণিকে ধৰি মুঠ ২৬টা অধ্যায় আছে। 'নিৰ্ম্মল ভকত' উপন্যাসৰ কাহিনী সৃষ্টিৰ অন্তৰালৰ মূল কাৰণ হৈছে মানৰ আক্ৰমণ আৰু অত্যাচাৰ। নিৰ্ম্মল ভকত দক্ষিণপাট সত্ৰৰ এগৰাকী ভকত,তেওঁৰ সোঁৱৰণিত জিলিকি উঠিছে মানৰ আক্ৰমণৰ পটভূমি।
-
পংগৱাড়ী
পংগৱাড়ী (টাকৰী লিপিত: 𑚞𑚫𑚌𑚦𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ চম্বা জিলাৰ পংগী অঞ্চলত ব্যৱহাৰ কৰা হয়। পংগৱাড়ীৰ নিজা লিপি টাকৰী, কিন্তু বৰ্তমানে অনেকে দেৱনাগৰী লিপিতো ভাষাটো লিখে।
-
পপুল ৱুহ
পপুল ৱুহ (Popol Vuh বা Pop Vuj বুলিও কোৱা হয়) হৈছে গুৱেটামালাৰ Kʼicheʼ জনগোষ্ঠীৰ পৌৰাণিক কাহিনী আৰু ইতিহাসৰ বৰ্ণনা কৰা এখন গ্ৰন্থ, যিসকল মায়া জনগোষ্ঠীৰ অন্যতম যিয়ে মেক্সিকান ৰাজ্য চিয়াপাছ, কেম্পেচে, ইউকাটান আৰু কুইণ্টানা ৰুৰ লগতে বেলিজ, হণ্ডুৰাছ আৰু এল ছালভাডৰ অঞ্চলতো বাস কৰে।
-
পাঁচালী
পাঁচালী হৈছে মুখ পৰম্পৰাৰে প্ৰচলিত হৈ অহা এক গীতি কাব্য। মুখে মুখে প্ৰচলিত হৈ অহা এই কাব্যই ১৫-১৬ শতিকাৰ অসমীয়া কবি মনকৰ, দুৰ্গাবৰ কায়স্থ আদিৰ দ্বাৰা লিখিত ৰূপ লাভ কৰিছে। পাঁচালী সাহিত্যক পাঞ্চালী বুলিও কোৱা হয়।
-
পালুলা ভাষা
পালুলা, ফালুৰা, পাল'লা বা ফালুল, যাক অশ্ৰেতী বা (খোৱাৰ ভাষী লোকে ব্যৱহাৰ কৰা) ডাঙৰিক্বাৰ নামেৰেও জনা যায় এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ১০০০০ লোকে অশ্ৰেত আৰু বিয়'ৰি উপত্যকাৰ লগতে শ্বিশ্বি উপত্যকাৰ পুৰি বা পুৰিগল আৰু কলকটক গাৱঁৰ (এই গাওঁ পাকিস্তানৰ খাইবৰ পখতুনখোৱাৰ চিত্ৰল জিলাত স্থিত)…
-
পৃথ্বীৰাজ চৌহান (মহাকাব্য)
পৃথিৱীৰাজ চৌহান (নেপালী: पृथ्वीराज चौहान; ইংৰাজী: Prithiviraj Chauhan) হৈছে 'মহাকবি' লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত এখন নেপালী ভাষাৰ মহাকাব্য। এইখন ১৯৪৬ চনত লিখা হৈছিল আৰু ২০৪৯ বিক্ৰম সম্বটত (প্ৰায় ১৯৯২-১৯৯৩ খ্ৰীষ্টাব্দ) সাজ প্ৰকাশনে প্ৰকাশ কৰিছিল। ই পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত।
-
প্ৰস্তাৱনা
প্ৰস্তাৱনা (prologue or prologe) (মূল:গ্ৰীক ভাষাত: πρόλογος prólogos, πρό pró, "আগতে" আৰু λόγος lógos, "শব্দ") হৈছে এটা কাহিনীৰ পাতনি বা আৰম্ভণি যিয়ে প্ৰসংগ প্ৰতিষ্ঠা কৰে আৰু পটভূমিৰ বিৱৰণ দিয়ে৷ মূল কাহিনীৰ সৈতে বান্ধ খোৱা কিছুমান পূৰ্বৰ কাহিনী, আৰু অন্যান্য বিবিধ তথ্যক সাধাৰণতে প্ৰস্তাৱনাত ঠাই…
-
প্ৰাচীন কামৰূপী লিপি
কামৰূপী লিপি বা পুৰণি অসমীয়া লিপি অসমীয়া লিপিৰ বিকাশত এই পৰ্যায়ৰ পিছত মধ্যযুগীয় আৰু তাৰ পিছত আধুনিক অসমীয়া লিপিৰ পৰ্যায় লাভ কৰিছিল। যদিও এই লিপিৰ বিকাশ বংগ আৰু বিহাৰৰ বিকাশৰ সৈতে একেলগে হৈছিল, ইয়াৰ কিছুমান স্থানীয় বিশেষত্ব আছিল।
-
পৰম্পৰাগত চীনা আখৰ
পৰম্পৰাগত চীনা আখৰ চীনা ভাষা লিখিবলৈ ব্যৱহৃত দুটা মান্যীকৃত আখৰসমষ্টিৰ এটা। আনটো হৈছে সৰলীকৃত চীনা আখৰ। বিংশ শতিকাৰ মাজভাগলৈকে পৰম্পৰাগত আখৰ পূব এছিয়াৰ ঐতিহাসিক সাধাৰণ ভাষা লিখিত চীনা ভাষাত প্ৰধানভাৱে ব্যৱহৃত হৈছিল।