লাম্বাদা নাচৰ শেষত অসমীয়া গল্পকাৰ, প্ৰবন্ধকাৰ, কলা-সমালোচক, শিল্পকলাৰ গৱেষক আৰু অধ্যাপিকা মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ১৯৯৮ চনত সৰস্বতী প্ৰকাশনৰ পৰা প্ৰকাশিত সংকলনখনত লেখিকাৰ মুঠ এঘাৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই গল্পসমূহ প্ৰান্তিক, গৰীয়সী আদি আলোচনীত প্ৰকাশিত হৈছিল। এইখন লেখিকাৰ প্ৰথম গল্প সংকলন। উক্ত সংকলনখনৰ বাবে কন্দলীয়ে ২০০০ চনত মুনীন বৰকটকী বঁটা লাভ কৰিছিল।১ সংকলনখনিৰ বাবে কন্দলীয়ে ২০০৫ চনত ভাৰতীয় ভাষা পৰিষদৰ যুৱ পুৰস্কাৰো লাভ কৰিছিল।১
লেখিকাৰ চমু পৰিচয়
মূল প্ৰবন্ধ: মৌচুমী কন্দলী
মৌচুমী কন্দলী এগৰাকী অসমীয়া সাহিত্যিক হোৱাৰ লগতে শিল্প কলাৰো গৱেষক আৰু লেখক। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কালচাৰেল ষ্টাডিজ বিভাগৰ সহকাৰী অধ্যাপক। তেওঁ জাৰ্মানীৰ ফ্ৰেংকফ'ৰ্ট, বাৰ্লিন, মিউনিখ, লাইপজিগ, হালে, আউচবাৰ্গ আদি ঠাইত গল্প পাঠ কৰাৰ লগতে অসম আৰু ভাৰতৰ কলা-সংস্কৃতি, সাহিত্য আদি বিষয়ত আলোকপাত কৰিছে। কন্দলীৰ কলা সম্পৰ্কীয় বহুসংখ্যক প্ৰবন্ধ বিভিন্ন ৰাষ্ট্ৰীয় আৰু অসমীয়া ভাষাৰ স্থানীয় কাকত-আলোচনীত প্ৰকাশিত হৈছে। তেওঁ কৰা চালভাড'ৰ দালিৰ গ্ৰন্থ Diary of A Genius-ৰ অনুবাদ এক ধীমানৰ আত্মজীৱনী নামেৰে প্ৰকাশ পায়। ২০০৮ চনত সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰা মিচিং লোক কবিতাৰো তেওঁ ইংৰাজী অনুবাদ (Listen My Flower-bud: Mishing Oral Poetry of Assam) কৰিছে। তেওঁৰ গল্প ইংৰাজীৰ লগতে জাৰ্মান, হিন্দী, বাংলা, নেপালী, উড়িয়া, কাচী আদি ভাষালৈ অনূদিত হৈছে। ২০২২ চনত The Black Magic Women নামেৰে তেওঁৰ গল্পৰ ইংৰাজী অনুবাদ পেংগুইনৰ বেনাৰত প্ৰকাশিত হয়।১২
বিষয়বস্তু
সংকলনখনিৰ গল্পসমূহৰ বিষয়বস্তু মানৱ জীৱনৰ বিভিন্ন ভাবানুভূতি। এই বিষয়ে ৰঞ্জিৎ কুমাৰ দেৱগোস্বামীয়ে মন্তব্য কৰিছে:
"তীব্ৰভাৱে সংবেদনশীল তৰুণী গল্পকাৰৰ পৰীক্ষামূলক প্ৰয়াসত মূৰ্ত হৈ উঠিছে অৱচেতনৰ গোপন কন্দৰত লুকাই থকা নানানটা ভাবানুভূতি আৰু আকৰ্ষণ-বিকৰ্ষণৰ ৰহস্যঘন গতি: প্ৰেম-যৌনতা-বিৰক্তি-বিতৃষ্ণা-সৌন্দৰ্যপ্ৰীতি-ক্ৰোধ-ঘৃণা-আতংক-যন্ত্ৰণা-উৎকণ্ঠা-পাপবোধ-আত্মীয়তা-নিঃসংগতা। ঘনসন্নিবদ্ধ গদ্যৰ লয়ে বিভিন্ন অনুষংগৰ আলমত সন্ধান কৰিব খুজিছে অৱচেতনৰ অটল তলি।"১
সংকলনখনিৰ প্ৰথমটো গল্প জোনাকত ঢেঁকীয়াবোৰক ড° প্ৰফুল্ল কটকীয়ে "লেখিকাৰ নিজৰ অস্তিত্বৰ অনুভৱ বা সচেতনতা সম্পৰ্কে লিখা একপ্ৰকাৰৰ স্বীকাৰোক্তি" বুলি অভিহিত কৰিছে।৩ লাম্বাদা নাচৰ শেষত শীৰ্ষক গল্পটোত জনজাতীয় সমাজ এৰি দিল্লীত আত্মপ্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা এজন কাৰ্বি যুৱকৰ প্ৰতিক্ৰিয়াৰ জৰিয়তে পৰম্পৰাগত কাৰ্বি জীৱন-যাত্ৰাৰ পৰিপূৰ্ণতা আৰু স্থিৰতাৰ বিপৰীতে আধুনিক নাগৰিক জীৱনযাত্ৰাৰ অস্থিৰতা, অগভীৰতা আৰু অৰ্থহীনতাৰ চেতনা ব্যক্ত কৰা হৈছে। চিৰন্তন নামৰ গল্পটোত স্বাধিকাৰেৰে গৌৰৱময়ী এগৰাকী আধুনিক নাৰীৰ প্ৰতি আদৰ আৰু সন্মানৰ ভাবৰ বিপৰীতে নাৰীৰ সমাজৰ চিৰন্তন শোষণ-দমনৰ কথা চিত্ৰিত কৰা হৈছে।৩
গল্পসমূহ
লাম্বাদা নাচৰ শেষত সংকলনখনিত লেখিকাৰ মুঠ ১১টা গল্প সন্নিৱিষ্ট হৈছে। ইয়াৰ লগতে শেষৰ ফালে লাম্বাদা নাচৰ শেষত শীৰ্ষক ড° হীৰেন গোহাঁইৰ নতুন পদাতিকত প্ৰকাশিত আৰু সাহিত্যত নতুন মাত্ৰা আৰু নতুন সুৰ শীৰ্ষক ড° প্ৰফুল্ল কটকীৰ আমাৰ অসমত প্ৰকাশিত সংযোজন সন্নিৱিষ্ট কৰা হৈছে।৩ গল্পসমূহ
- জোনাকত ঢেঁকীয়াবোৰ
- লাম্বাদা নাচৰ শেষত
- কলা-বীথিকাত এটা ফিনিক্স
- অনিৰ্বাণ
- এসময়ত এখন মহানগৰত
- চিৰন্তন
- বিলীয়মান দেৱতাৰ সন্ধানত
- এটা প্ৰাচীন ত্ৰিভুজৰ আখ্যান
- প্ৰাত্যাহিকতাত মনু
- সুৰম্য উপত্যকাৰ স্তৱক
- বাস্তৱ
মন্তব্য আৰু সমালোচনা
ড° প্ৰফুল্ল কটকীয়ে সংকলনখনিৰ সংযোজনত লিখিছে:
"গল্প লেখিকা হিচাপে মৌচুমী কন্দলী কাহিনীবয়নৰ সহজে চকুত পৰা বৈশিষ্ট্য হ'ল এই যে কাহিনীটোক তেওঁ নিজৰ ভাব, অনুভূতি আৰু চিন্তাৰ কুণ্ডলীৰ মাজত সোমাই লৈ তাক সেই সীমাৱদ্ধতাৰ মাজেদিয়েই আগবঢ়াই লৈ যায়।"৩
ড° হীৰেন গোহাঁইৰ মতে:
...প্ৰতীকৰ ব্যৱহাৰেও বহু ঠাইত (যেনে- জোনাকত দেখা ঢেঁকীয়াবোৰ) কাহিনীক এক অতিৰিক্ত মাত্ৰা প্ৰদান কৰিছে। পাঠকৰ অব্যাহত মনোযোগ দাবী কৰা এই গল্পবোৰ দেবব্ৰত দাসৰ পিছৰ পৰ্যায়ৰ এক সম্ভাৱনাময় পদক্ষেপ।"৩
অনুবাদ
সংকলনখনিৰ গল্পসমূহ প্ৰদীপ্ত বৰগোহাঞি, ড° শান্তি থাপা, ড° উঅদয়ভানু পাণ্ডে, সুস্মিতা মজুমদাৰ আদিয়ে একাধিক ভাষালৈ অনুবাদ কৰিছে।৪
তথ্যসূত্ৰ
- ↑ মৌচুমী কন্দলী. (২০০৭). লাম্বাদা নাচৰ শেষত. মা সৰস্বতী প্ৰকাশন. পৃ. প্ৰচ্ছদ
- ↑ The Black Magic Women (Stories from North-east India). penguin.co.in
- ↑ ড° হীৰেন গোহাঁই, ড° প্ৰফুল্ল কটকী. (১৯৯৮). সংযোজন: লাম্বাদা নাচৰ শেষত. পৃ. ১০২-১১১
- ↑ মৌচুমী কন্দলী. (২০০৭). লাম্বাদা নাচৰ শেষত. মা সৰস্বতী প্ৰকাশন. পৃ. কৃতজ্ঞতা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাম্বাদা নাচৰ শেষত” প্ৰবন্ধৰ সংশোধন ৩২৬৮৭৪ (৭ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।