অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ফৰিংবোৰে বাটৰ কথা জানে

ফৰিংবোৰে বাটৰ কথা জানে (Pharingbore Bator Katha Jane) কিতাপখন কবি সমীৰ তাঁতীৰ দ্বাৰা ৰচিত এখন কাব্য গ্ৰন্থ। ২০২৪ বৰ্ষত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিত কবিৰ ৪২টা কবিতা সংকলিত হৈছে।

হালনাগাদ: ১০ জানুৱাৰী ২০২৫ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ফৰিংবোৰে বাটৰ কথা জানে (Pharingbore Bator Katha Jane) কিতাপখন কবি সমীৰ তাঁতীৰ দ্বাৰা ৰচিত এখন কাব্য গ্ৰন্থ।১ ২০২৪ বৰ্ষত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিত কবিৰ ৪২টা কবিতা সংকলিত হৈছে।২ এন এল পাব্লিকেশ্বন্‌ছ, পাণবজাৰ, গুৱাহাটীৰপৰা প্ৰকাশ পোৱা কিতাপখন ২০২১ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। ২০২৪ চনৰ ডিচেম্বৰ মাহত ইয়াৰ পুনৰ মুদ্ৰণ হয়। কিতাপখনৰ প্ৰচ্ছদ আঁকিছে সঞ্জীৱ বৰাই আৰু অঙ্গসজ্জা কৃষ্ণমণি নেওগৰ। ৯২ পৃষ্ঠাৰ এই কবিতা সংকলখনৰ মূল্য ২০০ টকা।

লেখক পৰিচয়

গোলাঘাট জিলাৰ বিহৰা চাহ বাগিছাত ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত সমীৰ তাঁতীয়ে জন্মগ্ৰহণ কৰিছিল। ১৯৮৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তাঁতীয়ে হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত ‘সাদিনীয়া নাগৰিক’ কাককত উপ-সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।৩ বৰ্তমান তেওঁ অসম চৰকাৰৰ এগৰাকী জেষ্ঠ পৰ্যটন বিষয়া ৰূপে কৰ্মৰত। ৪ ফৰিংবোৰে বাটৰ কথা জানে সংকলনটিৰ উপৰিও কবিৰ অন্য ১১টি কাব্য সংকলন, অনুবাদ আৰু গদ্য সংকলন প্ৰকাশ হৈছে। শেহতীয়াকৈ প্ৰকাশ পোৱা তেখেতৰ কিতাপ দুখন হৈছে;

  1. বিগলিত প্ৰাৰ্থনা, (কাব্য সংকলন, মাৰ্চ, ২০২৪) আৰু
  2. লগ পাম ক’ৰবাত এদিন, (সমালোচনাত্মক গদ্য, মাৰ্চ, ২০২৪)

দুয়োখন কিতাপ আমি বুকচে প্ৰকাশ কৰিছে। তাঁতীয়ে যোৱা ৪৭ বছৰ জুৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে।৫ কবি তাঁতীয়ে ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।৬

বিষয়বস্তু

ফৰিংবোৰে বাটৰ কথা জানে সংকলনটি কবি সমীৰ তাঁতীৰ এটি কাব্য সংকলন। ইয়াত কবিৰ ৪২ টি কবিতা সংকলিত হৈছে। অপৰূপ শোভাৰ মাজেৰে কবিতাটিৰে আৰম্ভ হোৱা সংকলনটিৰ শেষৰ কবিতাটি হৈছে- য’ত নিতউ বেলিয়ে পানীক চুমে।

তথ্যসূত্ৰ

  1. ↑ (18 December 2024). Three Assam litterateurs honoured with Sahitya Akademi Award 2024. দ্য আসাম ট্ৰিবিউন
  2. ↑ https://assam.news18.com/news/assam/samir-tati-won-the-sahitya-akademi-award-for-his-poem-fringbore-bat-katha-jane-tv-biju-kd-430342.html
  3. ↑ (১৩ জানুৱাৰী, ২০১৩). সমীৰ তাঁতীলৈ ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা
  4. ↑ (জানুৱাৰী ১৩, ২০১৩). কবি সমীৰ তাঁতীলৈ অসম উপত্যকা বঁটা
  5. ↑ (18 December, 2024). GU prof, Assamese Poet, Bodo novelist win Sahitya Academy award. দ্য টাইমচ্‌ অৱ ইণ্ডিয়া
  6. ↑ (18 December, 2024). Sameer Tanti: ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা. News 18

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থকবিতাসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰিংবোৰে বাটৰ কথা জানে” প্ৰবন্ধৰ সংশোধন ৪৬২৮৬৬ (১০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।