অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

টাই-আহোম সংখ্যা পদ্ধতি

টাই-আহোম সংখ্যা পদ্ধতি হৈছে টাই-আহোম ভাষাত ব্যৱহাৰ হোৱা এক দশমিক (decimal) সংখ্যা পদ্ধতি। বুৰঞ্জী আৰু শিলালিপিত এই সংখ্যা পদ্ধতি দেখা যায়। এই সংখ্যা পদ্ধতি অন্যান্য টাই ভাষাসমূহৰ সৈতে সাদৃশ্যপূৰ্ণ আৰু ইয়াৰ মূল উৎস হৈছে বৃহত্তৰ টাই ভাষা পৰিয়াল।

হালনাগাদ: ১৭ জুন ২০২৬ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

টাই-আহোম সংখ্যা পদ্ধতি হৈছে টাই-আহোম ভাষাত ব্যৱহাৰ হোৱা এক দশমিক (decimal) সংখ্যা পদ্ধতি।১ বুৰঞ্জী আৰু শিলালিপিত এই সংখ্যা পদ্ধতি দেখা যায়। এই সংখ্যা পদ্ধতি অন্যান্য টাই ভাষাসমূহৰ সৈতে সাদৃশ্যপূৰ্ণ আৰু ইয়াৰ মূল উৎস হৈছে বৃহত্তৰ টাই ভাষা পৰিয়াল।২

বৈশিষ্ট

টাই আহোম সংখ্যা সমূহ কাৰ্ডিনেল নম্বৰ আৰু অৰ্দিনেল নম্বৰ হিচাপে হিচাপ কৰা হয়।

মূল সংখ্যা

মূল সংখ্যা (কাৰ্ডিনেল সংখ্যাসমূহ) কেইবাপ্ৰকাৰও লিখা হয়।

এককৰ স্থান

ৱা চমৰপৰা চিপলৈ সংখ্যা সমূহ এটা নিৰ্দিষ্ট শব্দ অনুসৰি সূচোৱা হয়। ইয়াৰ উপৰি চাও, পাক, ৰিং, মু'ন, চেন এই সংখ্যাসমূহত এটা নিৰ্দিষ্ট শব্দ ব্যৱহাৰ হয়।

টাই-আহোম লিপিত সংখ্যাটাই-আহোম সংখ্যাৰ নামঅসমীয়া সংখ্যা
𑜰ৱা-চম০
𑜱লুং১
𑜲চং২
𑜳চাম৩
𑜴চি৪
𑜵হা৫
𑜶ৰুক৬
𑜷চিত৭
𑜸পেত৮
𑜹কাও৯
𑜺চিপ১০
𑜏𑜰𑜫চাও২০
𑜱𑜰𑜰পাক১০০
𑜱𑜰𑜰𑜰ৰিং১০০০
𑜱𑜰𑜰𑜰𑜰মু'ন১০০০০
𑜱𑜰𑜰𑜰𑜰𑜰চেন১০০০০০

দহকৰ স্থান

টাই-আহোম ভাষাত চিপ (১০) আৰু চাও (২০)ৰ বাহিৰে বাকী দহক খিনি একক সংখ্যাবাচক শব্দৰ সৈতে গুণন কৰি ত্ৰিশ, চল্লিশ, পঞ্চাশ, ষাঠি, সত্তৰ, আশী আৰু নব্বৈ আদি সংখ্যা গঠন কৰা হয়। উদাহৰণস্বৰূপে -

  • চাম (তিনি) × চিপ (দহ) = চাম চিপ (ত্ৰিশ)
  • চি (চাৰি) × চিপ (দহ) = চি চিপ (চল্লিশ)
  • হা (পাঁচ) × চিপ (দহ) = হা চিপ (পঞ্চাশ)
  • ৰুক (ছয়) × চিপ (দহ) = ৰুক চিপ (ষাঠি)
  • চিত (সাত) × চিপ (দহ) = চিত চিপ (সত্তৰ)
  • পেট (আঠ) × চিপ (দহ) = পেট চিপ (আশী)
  • চাও (ন) × চিপ (দহ) = চাও চিপ (নব্বৈ)

এককৰ আৰু দহকৰ স্থান মিলি হোৱা সংখ্যা

এঘাৰৰ পৰা ঊনৈশ আৰু একৈশৰ পৰা ঊনত্রিশৰ দৰে এককৰ আৰু দহকৰ স্থান মিলি হোৱা সংখ্যা সংখ্যাবোৰ যোগ যোৱা পদ্ধতিৰে সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে -

  • চিপ (১০) + লুং (১) = চিপ লুং (১১)
  • চিপ (১০) + চং (২) = চিপ চং (১২)
  • চিপ (১০) + চাম (৩) = চিপ চাম (১৩)

ক্ৰমবাচক সংখ্যা

টাই-আহোম ভাষাত ক্ৰমবাচক সংখ্যাসমূহ (Ordinal Numerals) যোগ পদ্ধতিৰে গঠন কৰা হয়। সংখ্যাবাচক শব্দৰ আগত ‘তি-’ উপসৰ্গ যোগ কৰি ক্ৰমবাচক সংখ্যা সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে -

  • টি + লুং = টি-লুং (প্ৰথম)
  • টি + চং = টি-চং (দ্বিতীয়)
  • টি + চাম = টি-চাম (তৃতীয়)
  • টি + চি = টি-চি (চতুৰ্থ)
  • টি + হা = টি-হা (পঞ্চম)
  • টি + ৰুক = টি-ৰুক (ষষ্ঠ)
  • টি + চিত = টি-চিত (সপ্তম)
  • টি + পেত = টি-পেত (অষ্টম)
  • টি + কাও = টি-কাও (নৱম)
  • টি + চিপ = টি-চিপ (দশম)
  • টি + চাও = টি-চাও (শতক)

উৎস

  1. Borah, Udayan. (1 Oct 2020). (PDF) Numerals of the Tai-Ahom language. ResearchGate. পৃ. 3624–3630
  2. Sharma, Nilakshi. (2020). Documentation of Tai Ahom Manuscripts: Digital Archiving of a Dead Language. DESIDOC Journal of Library & Information Technology
  3. Documentation of Tai Ahom Manuscripts (Full Paper). ResearchGate
  4. (2020). Numerals of the Tai-Ahom Language. JETIR
  5. Jayadat, Kanokwan; Wongsathit, U-Tain. (2022). Special Orthographic Words in Tai Ahom Manuscripts. Journal of Asian Multicultural Research
  6. Grierson, G. A. An Ahom Cosmogony, with a Translation and a Vocabulary of the Ahom Language. Journal of the Royal Asiatic Society
  7. Endangered Archives Programme: Tai Ahom Manuscripts (EAP373). British Library
  8. Fixing the Chronology in Tai-Ahom Chronicles by Using Astronomical References. ResearchGate
  9. Kamarupa to Assam: Re-evaluating Ahom Origins. ResearchGate

তথ্যসূত্ৰ

  1. ↑ Borah 2020, পৃ. 3624–3630
  2. ↑ Borah 2020, পৃ. 3624–3630

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভাষা আৰু লিপিসংখ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই-আহোম সংখ্যা পদ্ধতি” প্ৰবন্ধৰ সংশোধন ৬১২৭১৭ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।