জাল কটা জুই হৈছে গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ এখন গল্প সংকলন।১ ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত তেওঁৰ এই গল্প সংকলনখনত চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০২৩ চনত মুনীন বৰকটকী বঁটাআৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।২ ৩৪ গ্ৰন্থখনিৰ প্ৰথম সংস্কৰণৰ বেটুপাতৰ শিল্পী সৌৰিশ মিত্ৰ।১
গল্পকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: নয়নজ্যোতি শৰ্মা
নয়নজ্যোতি শৰ্মা একাধাৰে এজন গল্পকাৰ, চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক।
বিৱৰণ
সংকলনটিত মুঠ চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই গল্পসমূহৰ বেছিভাগেই দৈনিক অসম, প্ৰকাশ, সাতসৰী, অন্যযুগ, সাপ্তাহিক জনমভূমি, গৰীয়সী, হৃদয় আদি বিভিন্ন কাকত-আলোচনীত পূৰ্বে প্ৰকাশিত। গল্পসমূহ গল্পকাৰে ২০১৬ চনৰ পৰা আৰম্ভ কৰি ২০২২ চনৰ ভিতৰত ৰচনা কৰা বুলি উল্লেখ কৰি প্ৰাক্-কথনত লিখিছে-
"গল্প এটাই সম্পূৰ্ণ কৰিবলগীয়া বৃত্তাকাৰ পৰিক্ৰমা হয়তো এই গল্পসমূহে আয়ত্ত কৰিব পৰা নাই। হয়তো সিহঁত কিছুমান অসম্পূৰ্ণ জ্যামিতিক আকাৰ হৈ ৰৈছে, আৰু কিছুমান হৈ পৰিছে নিষ্প্ৰয়োজন আঁক-বাঁক। তথাপি পাঠকৰ হাতত এই সংকলনটি তুলি দিয়াৰ আঁৰত এই সময়খিনিৰ এক অভিলেখ সংৰক্ষণ কৰাৰ এটি গোপন উদ্দেশ্য নিহিত হৈ আছে।"
গল্পসমূহ
সংকলনটিত অন্তৰ্ভুক্ত গল্পবোৰ হৈছে১ -
- অপৰিগ্ৰহ
- বে-ঘ-নী-সে-হা-সু-ৰ
- হাড়ত গজা সেউজ বন
- এখন নৰ্মেল পৃথিৱীৰ কাহিনী
- জাল কটা জুই
- কাঁথিৰ মালিতা
- এটা ডিছটোপিয়ান সাধু
- মাটিৰ মানুহ
- বিনিময়
- নৈ আৰু মৰিশালি
- শেষ গাড়ী
- বধ্যভূমি
- অবাক চহৰ সবাক চহৰ
- বোধিসত্ত্ব
বঁটা আৰু সন্মান
- ২০২৩ বৰ্ষৰ মুনীন বৰকটকী বঁটা৪
তথ্যসূত্ৰ
- ↑ শৰ্মা, নয়নজ্যোতি. (ডিচেম্বৰ, ২০২২). জাল কটা জুই. পূৰ্বায়ণ. ISBN 978-81-960230-1-0
- ↑ ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁটা. দৈনিক অসম
- ↑ ডাঃ নয়নজ্যোতি শৰ্মালৈ 'যুৱ সাহিত্য অকাদেমি বঁটা' - Sahitya Akademi Yuva Puraskar 2024. ETV Bharat
- ↑ ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁটা. দৈনিক অসম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাল কটা জুই” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৬৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।