অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পালুলা ভাষা

পালুলা, ফালুৰা, পাল'লা বা ফালুল, যাক অশ্ৰেতী বা (খোৱাৰ ভাষী লোকে ব্যৱহাৰ কৰা) ডাঙৰিক্বাৰ নামেৰেও জনা যায় এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ১০০০০ লোকে অশ্ৰেত আৰু বিয়'ৰি উপত্যকাৰ লগতে শ্বিশ্বি উপত্যকাৰ পুৰি বা পুৰিগল আৰু কলকটক গাৱঁৰ (এই গাওঁ পাকিস্তানৰ খাইবৰ পখতুনখোৱাৰ চিত্ৰল জিলাত স্থিত)…

হালনাগাদ: ২৫ অক্টোবৰ ২০২৩ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ
Map of the region in Pakistan where the Palula language is spoken
Map of the region in Pakistan where the Palula language is spokenছবি: Sebastian Nordhoff; Open Street Maps contributors · CC BY 4.0

পালুলা, ফালুৰা, পাল'লা বা ফালুল, যাক অশ্ৰেতী বা (খোৱাৰ ভাষী লোকে ব্যৱহাৰ কৰা) ডাঙৰিক্বাৰ নামেৰেও জনা যায় এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ১০০০০ লোকে অশ্ৰেত আৰু বিয়'ৰি উপত্যকাৰ লগতে শ্বিশ্বি উপত্যকাৰ পুৰি বা পুৰিগল আৰু কলকটক গাৱঁৰ (এই গাওঁ পাকিস্তানৰ খাইবৰ পখতুনখোৱাৰ চিত্ৰল জিলাত স্থিত) অন্ততঃ এটি অংশত কোৱা হয়।১

কোনো কোনো সৰু গাৱঁত পালুলাৰ ব্যৱহাৰ নাইবা নোহোৱা হৈছে (যেনে দ্ৰোছৰ ওচৰৰ ঘোছ গাৱঁত) নহ'লে এই ভাষা কোৱা লোকে ইয়াৰ পৰিৱৰ্তে অধিক প্ৰসাৰিত খোৱাৰ ভাষা ক'বলৈ লৈছে। পিচে, পালুলা ভাষাৰ মূল অঞ্চল, অৰ্থাৎ বিয়'ৰি আৰু অশ্ৰেত উপত্যকাত ই এটি শক্তিশালী আৰু বিকাশশীল ভাষা হৈয়ে আছে। সেই অঞ্চলৰ প্ৰায় সকলো লোকেই এই ভাষাক নিজৰ মাতৃভাষা জ্ঞান কৰে, এক সৰু অংশক বাদ দি।

পালুলা শব্দ উচ্চৰণ কৰিবলৈ আতাইকেইটা স্বৰধ্বনি দীঘলকৈ উচ্চাৰণ কৰা হয় আৰু শেষৰটো বৰ্ধমান সুৰেৰে কোৱা হয়।

অধ্যয়ন আৰু বৰ্গীকৰণ

পালুলা ভাষাক জৰ্জ মৰ্গেনষ্টিয়াৰ্ণ (১৯২৬, ১৯৪১), কেণ্ডাল ডেকাৰ (১৯৯২), হেন্ৰিক লিকজেগ্ৰেন (২০০৮, ২০০০৯, ২০১০) আৰু হেন্ৰিক লিজেগ্ৰেন তথা নচীম হাইদৰ (২০০৯, ২০১১)ত চিহ্নিত কৰা হৈছে।

পালুলা ভাষাক এটি দাৰ্দিক ভাষা বুলি কোৱা হয়, কিন্তু ই ভৌগোলিক ভিত্তিতহে দাৰ্দিক আখ্যিত, ভাষিক ভিত্তিত নহয়।

ধ্বনিতত্ত্ব

স্বৰধ্বনি

p=383}}
p=383}}ছবি: IPA_vowel_trapezium.svg: Moxfyre (talk) Ga_open_allophones.svg: Angr (talk) deri · CC BY-SA 4.0

তলত পালুলা ভাষাৰ শ্বৰধ্বনিসমূহ দিয়া হৈছে।২৩

FrontCentralBack
Close
Mid
Open

কিছু কিছু স্থানত নাকেৰে উচ্চাৰণ কৰাৰো নিয়ম আছে।

ব্যঞ্জনধ্বনি

তলত এই ভাষাৰ ব্যঞ্জনধ্বনিসমূহ উল্লেখ কৰা হৈছে।৪

LabialDenti- alveolarRetroflexPalatalVelarUvularGlottal
Nasalvoiced
breathy voiced
Plosivevoiceless
voiced
aspirated
breathy voiced
Affricateplain
aspirated
Fricativevoiceless
voiced
breathy voiced
Approximantvoiced
breathy voiced
Tap/Flapvoiced
breathy voiced

তথ্যসূত্ৰ

  1. ↑ Bergqvist, Henrik; Kittilä, Seppo. Evidentiality, egophoricity and engagement. Language Science Press. পৃ. 142. ISBN 978-3-96110-269-3
  2. ↑ Liljegren 2008, পৃ. 64
  3. ↑ Edelman 1983, পৃ. 263
  4. ↑ Liljegren 2008, পৃ. 58

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পালুলা ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৭৮৬ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।