জীৱনৰ বাটত উপন্যাসখনৰ লেখক হৈছে বীণা বৰুৱা।১ বীণা বৰুৱাৰ প্ৰকৃত নামটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা৷ জীৱনৰ বাটত উপন্যাসখনক অসমীয়া সাহিত্যৰ প্ৰথমখন সৰ্বাংগ সুন্দৰ উপন্যাস হিচাপে স্বীকৃতি দিয়া হয়। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৪ চনত৷
কাহিনীৰ সাৰাংশ
এদিন মৌজাদাৰৰ পুতেকৰ সৈতে কমলাকান্ত নামৰ এজন কলেজীয়া ল'ৰা মৌজাদাৰৰ ঘৰৰ বিয়ালৈ আহিছিল। সেই দিনাই তেওঁ তগৰ নামৰ এজনী ছোৱালীৰ লগত পৰিচয় ঘটে। সেই সময়তে দুয়োজনৰ মনত ভাল পোৱা ভাৱ গঢ়ি উঠে। পিছে কমলাকান্ত পুনৰ চহৰলৈ উভতি যায়। চহৰত গৈ উচ্চ পদত চাকৰি পোৱাত তেওঁ চহৰৰে সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী সুপ্ৰভাক বিয়া কৰায়, আঙঠি পিন্ধাই অহা তগৰক উপেক্ষা কৰিছে। আনহাতে তগৰকো তেওঁৰ দেউতাকে গাঁৱৰে ধৰণী নামৰ এজন শিক্ষকৰ লগত জোৰকৈ একেৰাতিৰ ভিতৰতে বন্দোবস্ত কৰি বিয়া দিয়ে। এহাতে ৰোগত ধৰণীৰ মৃত্যু হৈছে আনহাতে কমলাকান্তৰ জীৱনলৈ চৰম দুৰ্দশা নামি আহিছে। এনে চৰম দুৰ্দশাৰ সময়তে কমলাকান্ত আৰু তগৰৰ পুনৰ চহৰত দেখা দেখি হৈছে |
চৰিত্ৰসমূহ
তগৰ,কমলাকান্ত,ধৰণী,সুপ্ৰভা,মহীকান্ত,আহিনী, ভোগদত্ত মৌজাদাৰ, ৰায়বাহাদুৰ মাণিক হাজৰিকা, বাপুৰাম বৰা, দাৰোগা মাধৱ মহন্ত, গোলাপ ডাক্টৰ, সুনদ, নাদুকী ইত্যাদি। ইয়াৰ প্ৰধান তিনিটা চৰিত্ৰ - তগৰ, কমলাকান্ত আৰু ধৰণী। উপন্যাসখনৰ কাহিনী গঠিত হৈছে তগৰৰ জীৱনৰ কাহিনীক লৈ আৰু তগৰক কেন্দ্ৰ কৰিয়ে কাহিনীৰ প্ৰয়োজনত আন আন চৰিত্ৰসমূহ সৃষ্টি কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Book Database. এনাজৰী.কম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱনৰ বাটত” প্ৰবন্ধৰ সংশোধন ৬১২৬৫১ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।