অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

টোকি পোনা

টোকি পোনা হৈছে এটা দাৰ্শনিক কলাত্মক নিৰ্মিত ভাষা, যিটো কম শব্দভাণ্ডাৰ, সৰলতা আৰু সহজলভ্যতাৰ বাবে জনাজাত। ইয়াক কানাডাৰ টৰণ্টোৰ ভাষাবিদ আৰু অনুবাদক ছ'ঞ্জা এলিন কিছা লেঙ-এ সৃষ্টি কৰিছিল। এই ভাষাটো সকলো সংস্কৃতিৰেই পৰিচিত বা প্ৰায় একেধৰণৰ কিছুমান সহজ ধাৰণা আৰু প্ৰতীকৰ ওপৰত আধাৰিত।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ২৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

টোকি পোনা হৈছে এটা দাৰ্শনিক কলাত্মক নিৰ্মিত ভাষা, যিটো কম শব্দভাণ্ডাৰ, সৰলতা আৰু সহজলভ্যতাৰ বাবে জনাজাত। ইয়াক কানাডাৰ টৰণ্টোৰ ভাষাবিদ আৰু অনুবাদক ছ'ঞ্জা এলিন কিছা লেঙ-এ সৃষ্টি কৰিছিল। ১ এই ভাষাটো সকলো সংস্কৃতিৰেই পৰিচিত বা প্ৰায় একেধৰণৰ কিছুমান সহজ ধাৰণা আৰু প্ৰতীকৰ ওপৰত আধাৰিত। টোকি পোনা সংখ্যালঘু ভাষা। ইয়াত মাত্ৰ ১১৮টা শব্দ আছিল। ২০০১ চনৰ গ্ৰীষ্মকালত ইণ্টাৰনেটত প্ৰথম প্ৰকাশ পাইছিল৷ ২ এই ভাষাৰ প্ৰথম খচৰাসমূহ ২০০১ চনত অনলাইনত প্ৰকাশ কৰা হয়, আনহাতে সম্পূৰ্ণ প্ৰপত্ৰখন ২০১৪ চনত টোকি পোনা: দা লেংগুৱেজ অৱ গুড নামৰ কিতাপখনত প্ৰকাশ কৰা হয়। লেঙে ২০২১ চনৰ জুলাই মাহত সম্প্ৰদায়ৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি এখন পৰিপূৰক অভিধানো মুকলি কৰে। বৰ্তমান এই ভাষাত আছে মাত্ৰ ১৩৭ টা শব্দ। শব্দৰ সলনি ইংগিতক মনত ৰাখিয়েই সৃষ্টি কৰা হৈছে, অৰ্থাৎ ইয়াৰ ৰূপ যিমান পাৰি কম জটিল কৰি তোলা হৈছে। এই ভাষাত মাত্ৰ ১৪টা ভাষাৰ ধ্বনি আৰু ১১টা বৰ্ণ আছে। ইয়াক আন্তঃৰাষ্ট্ৰীয় সহায়ক ভাষা হিচাপে সৃষ্টি কৰা হোৱা নাছিল, বৰঞ্চ এই ভাষা তাও দৰ্শনৰ পৰা অনুপ্ৰাণিত। এই ভাষা শিকি অহাসকলে অতি সোনকালে সহজ শব্দৰে ইংগিত প্ৰকাশ কৰাৰ কলা শিকে।৩ ইয়াৰ শব্দসমূহ ভাষাৰ পটভূমিত উচ্চাৰণ কৰাটো সহজ, যাৰ ফলত ই বিভিন্ন সংস্কৃতিৰ লোকসকলৰ বাবে এক প্ৰকাৰৰ দলং হিচাপে কাম কৰিব পাৰে। কিন্তু আন্তৰ্জাতিক সহায়ক ভাষা হিচাপে ইয়াৰ সৃষ্টি হোৱা নাছিল। ছাপিৰ-হৰ্ফৰ অনুমান অনুসৰি আংশিকভাৱে তাওবাদী দৰ্শনৰ পৰা অনুপ্ৰাণিত এই ভাষাটো ব্যৱহাৰকাৰীসকলক মৌলিক কথাবোৰত মনোনিৱেশ কৰাত সহায় কৰিবলৈ আৰু ইতিবাচক চিন্তাধাৰাক প্ৰসাৰিত কৰিবলৈ ডিজাইন কৰা হৈছে। এই ভাষা অধ্যয়ন কৰি থকা মানুহৰ সংখ্যা প্ৰায় ৫ হাজাৰ জন যদিও বৰ্তমানলৈকে এই ভাষা ভালদৰে জনা মানুহৰ সংখ্যা এশৰ বেছি নহয়।

ইয়াৰ অৰ্থ হ’ল, হয়, ই শুদ্ধ ৷

তথ্যসূত্ৰ

  1. ↑ Morin, Roc. (2015-07-15). How to Say (Almost) Everything in a Hundred-Word Language. The Atlantic
  2. ↑ Lang 2014, পৃ. 134
  3. ↑ Lang 2014, পৃ. 10

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টোকি পোনা” প্ৰবন্ধৰ সংশোধন ৪৫৪২৩১ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।