চাহেবপুৰাৰ বৰষুণ অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত। উপন্যাসখনত নাৰীৰ প্ৰতিবাদী সত্তাটো সুন্দৰভাৱে প্ৰতিফলিত হৈছে
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: অনুৰাধা শৰ্মা পূজাৰী
১৯৬৪ চনত যোৰহাট অসমজিলাত জন্ম হৈছিল। তেওঁ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অফ ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান সাদিন১ কাকত আৰু সাতসৰী (আলোচনী) নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যৰত হৈ আছে।২ চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে।৩
কাহিনীৰ সাৰাংশ
চাহেবপুৰাৰ বৰষুণ কাহিনীটো আৰম্ভ হৈছে বৰ্ষা আৰুপ্ৰান্তিকৰ ৰেল যাত্ৰাৰে। প্ৰান্তিক হৈছে বৰ্ষাৰ প্ৰেমিক যায় লগত কিছুদিন পাছতেই বিয়া হোৱা কথা আছিল। প্ৰান্তিক আৰু বৰ্ষাই ৰেল যাত্ৰা কৰি থাকোঁতেই তেওঁলোকৰ ৰেলখন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বিহাৰৰ চাহেবপুৰা নামৰ ঠাইত ৰ'ব লগা হয় আৰু সেই মুহূৰ্ততেই বৰ্ষাই লগ পাইছিল চাহেবপুৰাত থকা 'ইনছাইট' নামৰ এনজিঅ এটাৰ মুখ্য ব্যক্তি শেখৰ হুছেইনক। তেওঁলোকৰ এনজিঅ বিভিন্ন উন্নয়ন মূলক কামৰ বিষয়ে জানি বৰ্ষাই ভাল পায়। বৰ্ষাৰ প্ৰেমিক প্ৰান্তিকে এই অচিনাকি ঠাইৰ অচিনাকি মানুহৰ লগত থকাটো ভাল পোৱা নাছিল। এনেবোৰ কথাৰ বাবেই বৰ্ষা আৰু প্ৰান্তিকৰ মনোমালিণ্য ঘটি দুয়োৰে মাজৰ সম্পৰ্ক শেষ কৰি প্ৰান্তিকক বিদায় দি বৰ্ষাই চাহেবপুৰাত থাকি যায়। এনজিঅ বিভিন্ন ঠাইৰ বিভিন্ন মানুহৰ মাজত এজন যুৱককলগ পাইছিল তেওঁ নাম আছিল সঞ্জীৱ দাস। অৱশেষত সেই সঞ্জীৱ দাসৰ প্ৰেমত পৰিছিল বৰ্ষা। চাহেবপুৰাত এনজিঅ কাম কৰি থাকোঁতেই এবাৰ বৰ্ষা,শেখৰ হুছেইন, সঞ্জীৱ দাস আৰু বহু কেইজন ব্যক্তি লগত অসমৰ মাজুলী পালেহি, মাজুলীত থাকি কিছু ভাল কাম কৰিবলৈ। কিন্তু এই কথা সমাজৰ কিছু ব্যক্তিয়ে বৰ ভাল নাপায়। তেওঁলোকৰ মাজত মনোমালিন্য হৈ এদিন হঠাতে সঞ্জীৱ দাসৰ ৰহস্যজনক ভাৱে মৃত্যু হয়। এনেদৰেই চাহাবেপুৰাৰ বৰষুণ নামৰ কাহিনীটোৰ অন্ত পৰে।৪ ৫
চৰিত্ৰসমূহ
প্ৰান্তিক, বৰ্ষা, শেখৰ হুছেইন, সঞ্জীৱ দাস
তথ্যসূত্ৰ
- ↑ "Anuradha Sharma Pujari, editor of the popular assamese weekly, Sadin, which carried the controversial story, stood by the report."Jounalist ( sic) accused of blackmail in Assam SHANKHADEEP CHOUDHURY, TNN 23 January 2002 Times of India
- ↑ Anuradha Sharma Pujari. onlinesivasagar.com
- ↑ www.dailyassam.com/2021/07/anuradha-sharma-pujar
- ↑ চাহেবপুৰাৰ বৰষুণ, লেখিকা-অনুৰাধা শৰ্মা পূজাৰী,সপ্তদশ প্ৰকাশ: ফেব্ৰুৱাৰী ২০২১
- ↑ allwithinus.wordpress.com/2021/04/04/book-review ৰ পৰা আহৰণ কৰা হৈছে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাহেবপুৰাৰ বৰষুণ” প্ৰবন্ধৰ সংশোধন ৫৩৮০৪১ (১০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।