অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

তেলুগু-কানাড়া বৰ্ণমালা

তেলুগু-কানাড়া বৰ্ণমালা (Telugu-Kannada alphabet) বা তেলুগু–কানাড়া লিপি (বা কানাড়া–তেলুগু লিপি) দক্ষিণ ভাৰতত ব্যৱহৃত এক লিখন প্ৰণালী আছিল। কিছু উল্লেখযোগ্য পাৰ্থক্য থকাৰ পিছতো তেলুগু আৰু কানাড়া ভাষাৰ বাবে ব্যৱহৃত লিপিসমূহ যথেষ্ট সাদৃশ্যপূৰ্ণ আৰু পৰস্পৰক বুজিব পৰাকৈ বিদ্যমান।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

তেলুগু-কানাড়া বৰ্ণমালা (Telugu-Kannada alphabet) বা তেলুগু–কানাড়া লিপি (বা কানাড়া–তেলুগু লিপি) দক্ষিণ ভাৰতত ব্যৱহৃত এক লিখন প্ৰণালী আছিল। কিছু উল্লেখযোগ্য পাৰ্থক্য থকাৰ পিছতো তেলুগু ভাষা আৰু কন্নড় ভাষা ভাষাৰ বাবে ব্যৱহৃত লিপিসমূহ যথেষ্ট সাদৃশ্যপূৰ্ণ আৰু পৰস্পৰক বুজিব পৰাকৈ বিদ্যমান। তেলুগু আৰু কানাড়া লিপিৰ এই সাদৃশ্যত সতবাহন আৰু চালুক্যৰ প্ৰভাৱ বিশেষ গুৰুত্বপূৰ্ণ আছিল।১

ইতিহাস

দ্ৰাবিড় পৰিয়ালত তেলুগু ভাষা, তামিল ভাষা, কন্নড় ভাষা, মালয়ালমকে ধৰি প্ৰায় ৭৩টা ভাষা অন্তৰ্ভুক্ত হৈ আছে। সতবাহনৰ ৰাজত্ব কালছোৱাত বৰ্তমানৰ তেলুগু আৰু কানাড়া ভাষিক অঞ্চলসমূহত ব্ৰাহ্মী লিপিৰ পৰিচয় কৰাইছিল।২৩৪ কিন্তু প্ৰখ্যাত প্ৰাচীন ভাৰতীয় ভাষা আৰু আইনৰ জাৰ্মান পণ্ডিত জৰ্জ বুলাৰৰ মতে,ভট্টিপ্ৰোলু লিপি মূল ব্ৰাহ্মী লিপিৰ এটা প্ৰাদেশিক শাখা আছিল বুলি অধিক প্ৰকত। তেওঁ এই মত প্ৰকাশ কৰিছিল যে ভট্টিপ্ৰোলু লিপি দক্ষিণ ভাৰতত ব্ৰাহ্মী লিপিৰ আঞ্চলিক বিকাশৰ ফলস্বৰূপে উৎপন্ন হৈছিল। তেওঁ মতে ভট্টিপ্ৰোলু লিপি কোনো কাল্পনিক চেমিটিক প্ৰ’ট’টাইপৰ পৰা উৎপন্ন হোৱা এক পৃথক বিকাশৰ ফল নাছিল। তাৰ বিপৰীতে, এই লিপি প্ৰাথমিক ব্ৰাহ্মীৰ এক আঞ্চলিক ৰূপ হিচাপে বিকশিত হৈছিল, যি দক্ষিণ ভাৰতৰ ইতিহাস আৰু লিপি-বিকাশৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আছিল।৫

পঞ্চমৰ পৰা সপ্তম শতিকাৰ সময়ছোৱাত আদিম বাদামী চালুক্য আৰু আদিম বানাবাসী কদম্বাসকলে শিলালিপিত কদম্ব লিপিৰ এটা প্ৰাৰম্ভিক ৰূপ ব্যৱহাৰ কৰিছিল।৬চালুক্য সাম্ৰাজ্য তেলুগু ভাষা কোৱা অঞ্চলসমূহলৈ বিস্তাৰিত হোৱাৰ সময়ত, তেওঁলোকে এই অঞ্চলত ‘ৱেংগী চালুক্য’ নামেৰে জানিব পৰা এক শাখা প্ৰতিষ্ঠা কৰিছিল। ইপাৰলৈ এই শাখা পূৰ্ব চালুক্য বা ৱেংগীৰ চালুক্য নামেৰে জনাজাত। এই পূৰ্ব চালুক্যসকলে কৰ্দম্ব লিপি তেলুগু ভাষাৰ সৈতে পৰিচয় কৰাইছিল। তাৰ পিছত এই লিপি বিকশিত হৈ তেলুগু-কান্নড লিপিৰ ৰূপ ল’লে, যাক খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা একাদশ শতিকা পৰ্যন্ত ব্যৱহাৰ কৰা হৈছিল। ৭

১১০০ খ্ৰীষ্টাব্দৰ পৰা ১৪০০ খ্ৰীষ্টাব্দৰ ভিতৰত তেলুগু-কানাড়া লিপিৰ পৰা তেলুগু আৰু কানাড়া লিপি পৃথক হয়। তেলুগু আৰু কানাড়া দুয়োখন লিপিকে ঊনবিংশ শতিকাৰ আৰম্ভণিতে প্ৰামাণিককৰণ কৰা হৈছিল।৮

তুলনা কৰা

তলৰ খণ্ডবোৰত আধুনিক তেলুগু আৰু কানাড়া শৈলীৰ মাজৰ পাৰ্থক্য কল্পনা কৰা হৈছে।

ব্যঞ্জনবৰ্ণ

তেলুগু/কানাড়া (ISO)IPAতেলুগু/কানাড়া (ISO)IPAতেলুগু/কানাড়া (ISO)IPAতেলুগু/কানাড়া (ISO)IPAতেলুগু/কানাড়া (ISO)IPA
క/ಕ (ka)ఖ/ಖ (kha)గ/ಗ (ga)ఘ/ಘ (gha)ఙ/ಙ (ṅa)
చ/ಚ (ca)ఛ/ಛ (cha)జ/ಜ (ja)ఝ/ಝ (jha)ఞ/ಞ (ña)
ట/ಟ (ṭa)ఠ/ಠ (ṭha)డ/ಡ (ḍa)ఢ/ಢ (ḍha)ణ/ಣ (ṇa)
త/ತ (ta)థ/ಥ (tha)ద/ದ (da)ధ/ಧ (dha)న/ನ (na)
ప/ಪ (pa)ఫ/ಫ (pha)బ/ಬ (ba)భ/ಭ (bha)మ/ಮ (ma)
య/ಯ (ya)ర/ರ (ra)ల/ಲ (la)వ/ವ (va)ళ/ಳ (ḷa)
శ/ಶ (sa/śa)ష/ಷ (ṣa)స/ಸ (sa)హ/ಹ (ha)ఱ/ಱ (ṟa)

ক প্ৰতিনিধিত্ব কৰিবলৈ আন এটা লিগেচি ব্যঞ্জন ೞ/ఴ (ḻa) ব্যৱহাৰ কৰা হৈছে, কিন্তু বৰ্তমান ব্যৱহাৰ কৰা হোৱা নাই।

স্বৰবৰ্ণ

স্বাধীন স্বৰবৰ্ণ

তেলুগু/কানাড়া (ISO)IPAতেলুগু/কানাড়া (ISO)IPA
అ/ಅ (a)ఆ/ಆ (ā)
ఇ/ಇ (i)ఈ/ಈ (ī)
ఉ/ಉ (u)ఊ/ಊ (ū)
ఋ/ಋ (r̥)ౠ/ೠ (r̥̄)
ఌ/ಌ (l̥)ౡ/ೡ (l̥̄)
ఎ/ಎ (e)ఏ/ಏ (ē)
ఒ/ಒ (o)ఓ/ಓ (ō)
ఐ/ಐ (ai)ఔ/ಔ (au)

সংখ্যা

সংখ্যা0123456789
তেলুগু౦౧౨౩౪౫౬౭౮౯
কানাড়া೦೧೨೩೪೫೬೭೮೯

ইউনিক'ড

মূল প্ৰবন্ধ: তেলুগু (ইউনিক'ড ব্লক), কানাড়া (ইউনিক'ড ব্লক)

যদিও তেলুগু আৰু কানাড়া ভাষাৰ বৰ্ণমালাসমূহ ভাষা-নিৰ্দিষ্ট ফণ্টৰ সৈতে এটা ইউনিক’ড ব্লকৰ অধীনত শৈলীসমূহৰ পাৰ্থক্য নিৰ্ণয় কৰিব পৰা গ’লহেঁতেন, তথাপিও আৰ্থ-ৰাজনৈতিক কাৰণত চৰকাৰসমূহে ইয়াক পৃথকে পৃথকে এনকোড কৰিছিল। দুয়োটা লিপি ভিন্নতাক অক্টোবৰ ১৯৯১ চনত সংস্কৰণ ১.০ মুক্তিৰ সৈতে ইউনিক’ড প্ৰামাণিকত যোগ কৰা হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Evolution of Telugu Character Graphs
  2. ↑ The Blackwell Encyclopedia of Writing Systems by Florian Coulmas, p. 228
  3. ↑ Handbook of Literacy in Akshara Orthography, R. Malatesha Joshi, Catherine McBride (2019), p. 29
  4. ↑ Salomon 1998, পৃ. 35, 40
  5. ↑ Salomon, Richard. Indian Epigraphy. পৃ. 57
  6. ↑ Epigraphical Studies in India - Sanskrit and Dravidian, Scripts used in India, Scripts Abroad
  7. ↑ Diringer, David. (1948). Alphabet a key to the history of mankind. পৃ. 381
  8. ↑ Austin, Peter. (2008). One Thousand Languages: Living, Endangered, and Lost. University of California Press. পৃ. 117. ISBN 978-0-520-25560-9

সম্পৰ্কিত শ্ৰেণী

লিপিএছীয় লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেলুগু-কানাড়া বৰ্ণমালা” প্ৰবন্ধৰ সংশোধন ৬৩০৮৩৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।