অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পৃথ্বীৰাজ চৌহান (মহাকাব্য)

পৃথিৱীৰাজ চৌহান (নেপালী: पृथ्वीराज चौहान; ইংৰাজী: Prithiviraj Chauhan) হৈছে 'মহাকবি' লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত এখন নেপালী ভাষাৰ মহাকাব্য। এইখন ১৯৪৬ চনত লিখা হৈছিল আৰু ২০৪৯ বিক্ৰম সম্বটত (প্ৰায় ১৯৯২-১৯৯৩ খ্ৰীষ্টাব্দ) সাজ প্ৰকাশনে প্ৰকাশ কৰিছিল। ই পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পৃথিৱীৰাজ চৌহান (নেপালী ভাষা: पृथ्वीराज चौहान; ইংৰাজী ভাষা: Prithiviraj Chauhan) হৈছে 'মহাকবি' লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত এখন নেপালী ভাষাৰ মহাকাব্য।১২ এইখন ১৯৪৬ চনত লিখা হৈছিল আৰু ২০৪৯ বিক্ৰম সম্বটত (প্ৰায় ১৯৯২-১৯৯৩ খ্ৰীষ্টাব্দ) সাজ প্ৰকাশনে প্ৰকাশ কৰিছিল।৩ ই পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত। এইখন কবিগৰাকীয়ে ৰচনা কৰা ছয়খন মহাকাব্যৰ ভিতৰত অন্যতম।৪ এই মহাকাব্যখন নেপালী লোকছন্দ 'ঝ্যাউৰে'ত লিখা হৈছে।

পটভূমি

অনুমান কৰা হয় যে দেৱকোটাই ১৯৪৬ চনত ত্ৰি-চন্দ্ৰ কলেজত প্ৰবক্তা হিচাপে কৰ্মৰত অৱস্থাত এই মহাকাব্যখন লিখিছিল।৫ তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশনটোৱে নিজেই ইয়াৰ প্ৰকাশ কৰিছিল। ইয়াৰ পাণ্ডুলিপিটো বহু বছৰ ধৰি এটা ঠাইত সংৰক্ষিত হৈ আছিল। পাণ্ডুলিপিটোত যথেষ্ট কাট-কুট আছিল। প্ৰকাশন গোষ্ঠীটোৱে সহায়ৰ বাবে পাণ্ডুলিপি সম্পাদক শ্যাম দাস বৈষ্ণৱ আৰু দেৱকোটাৰ পুত্ৰ পদ্মা দেৱকোটাৰ সৈতে যোগাযোগ কৰিছিল। পাণ্ডুলিপিটোৰ ১৬টা সৰ্গৰ ভিতৰত ১৫তম সৰ্গটো নাছিল। সম্পাদকৰ মতে দেৱকোটাই ১৫তম সৰ্গটো লিখিবলৈ পৰিকল্পনা কৰিছিল যদিও লিখি উঠা নাছিল আৰু তেওঁ পাণ্ডুলিপিটো যেনে আছিল তেনেকৈয়ে নকল কৰিছিল। পাণ্ডুলিপিটো পৰৱৰ্তী সময়ত প্ৰকাশন গোষ্ঠীটোৱে ২১টা সৰ্গত পুনৰ সজাই তুলিছিল।৫

সাৰাংশ

মহাকাব্যখনত ২১টা সৰ্গ আছে। ই চৌহান বংশৰ উত্তৰ ভাৰতৰ ৰজা পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত, যিয়ে প্ৰায় ১১৭৮ চনৰ পৰা ১১৯২ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। মধ্যযুগীয় ভাৰতীয় সামন্তীয় সমাজখনক চিত্ৰিত কৰিবলৈ এই মহাকাব্যখন লিখা হৈছিল।৬

সঁহাৰি

গ্ৰন্থখনে ২০৪৯ বি. এছ. (প্ৰায় ১৯৯২-১৯৯৩ খ্ৰীষ্টাব্দ) বৰ্ষৰ বাবে সন্মানীয় সাজ পুৰস্কাৰ লাভ কৰিছিল। এই পুৰস্কাৰটো প্ৰতি বছৰে প্ৰকাশনটোৱে নিজৰ অধীনত প্ৰকাশিত শ্ৰেষ্ঠ গ্ৰন্থখনক প্ৰদান কৰে।৭

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ (2015-11-10). महाकवि लक्ष्मीप्रसाद देवकोटालाई हेर्दा: निनु चापागाई‌. मूल्याङ्कन अनलाइन
  2. ↑ महाकवि लक्ष्मीप्रसाद देवकोटा / गोपाल पराजुली · Online Sahitya. www.onlinesahitya.com
  3. ↑ (2020-09-09). लक्ष्मीप्रसाद देवकोटा र उनको ‘उद्बोधन’ কবিতাको বিশ্লেষণ. Balsirjana
  4. ↑ समीक्षा- महाकवि लक्ष्मीप्रसाद देवकोटा र उनको ‘भिखारी’ কবিতামা मानवतावाद - रुपिन्द्र प्रभावी. www.rupindra.com.np
  5. ↑ Devkota, Laxmi Prasad. (c. 1992). पृथ्वीराज चौहान. সাজ প্ৰকাশন. পৃ. 9. ISBN 9993325104
  6. ↑ (2020-11-15). Memorable Aspects of Poet Laxmi Prasad Devkota. The Gorkha Times
  7. ↑ Momila. (2011). Dancing Soul of Mount Everest. Nepali Kalasahitya Dot Com Pratishthan. পৃ. 9. ISBN 978-9937-2-3657-7

সম্পৰ্কিত শ্ৰেণী

কবিতামহাকাব্যনেপালী সাহিত্যনেপালী ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৃথ্বীৰাজ চৌহান (মহাকাব্য)” প্ৰবন্ধৰ সংশোধন ৬০২৪৬২ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।