এক চালিছ কি লাষ্ট লোকেল ( Ek Chalis Ki Last Local ) ২০০৭ চনৰ সঞ্জয় খাণ্ডুৰীৰ পৰিচালনাত নিৰ্মিত বলীউডৰ এখন দুঃসাহসিক কমেডী থ্ৰিলাৰ, য'ত অভয় দেওল আৰু নেহা ধুপিয়াই অভিনয় কৰিছে।১ ২০০৭ চনৰ ১৮ মে'ত ছবিখন মুক্তি পায়।২
অভিনয়
- অভয় দেওল (নীলেশ ৰাস্তোগী)
- নেহা ধুপীয়া (মধু/মালা)
- নৱাজুদ্দিন ছিদ্দিকি
- অশ্বিন মুচৰান
- বিনয় আপ্টে
- স্নেহাল ডাবি
- বীৰেন্দ্ৰ ছাক্সেনা
- অতুল শ্ৰীবাস্তৱ
- মনু ঋষি
সঁহাৰি
বলীউড হাংগামাৰ তৰণ আদৰ্শে ছবিখনক ৫ৰ ভিতৰত ৩ টা তাৰকা দি কয় যে "এক চালিছ কি লাষ্ট লোকেল”ৰ কাহিনীত কিছুমান ব্যক্তিগত প্ৰসংগৰ অৱতাৰণাৰ কাৰণে এইখন কিছু ভিন্ন। বক্স অফিচত ছবিখন মূলতঃ মাল্টিপ্লেক্স দৰ্শকক, বিশেষকৈ ডাঙৰ চহৰৰ মাল্টিপ্লেক্সসমূহক লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে। মুম্বাইৰ মাল্টিপ্লেক্সত ছবিখনৰ ব্যৱসায় ইয়াৰ মুম্বায়াৰ সোৱাদৰ বাবে ভাল হ'ব লাগে।"৩ হিন্দুস্তান টাইমছৰ খালিদ মহম্মদে ছবিখনক ৫ টাৰ ভিতৰত ৩ টা তাৰকা দি লিখিছিল "এইসকলে নিজৰ অসাধাৰণ প্ৰতিভা ক’ত লুকুৱাই ৰাখিছিল? ডাঙৰ চিনেমাত দেখা পোৱা নাই কিয়? সঁচাকৈয়ে, কেৱল জেনি মিষ্ট্ৰী-সমৰ্থ-ৰাজৱাৰৰ বাবে আৰু পাগল আনন্দময় মনোভাৱৰ বাবে লাষ্ট লোকেল চাবলগীয়া হৈছে।"৪ ইণ্ডিয়ান এক্সপ্ৰেছৰ শুভ্ৰ গুপ্তাই লিখিছে " অলপ বেছি দীঘলীয়া হৈছে, কিছুমান দৃশ্যত দম বন্ধ হৈ যায়। প্ৰায়বোৰ প্ৰথম ছবিৰ ২০ মিনিট আৰু চুটি হ’লে এখন সুন্দৰ ছবি হ’লহেঁতেন। এইখন সেইসকল দৰ্শকৰ বাবেও নহয়, যি সহজে নাৰাজ হৈ যায়; এইখন বাকীসকল দৰ্শকৰ বাবেও।"৫
তথ্যসূত্ৰ
- ↑ Khanduri, Sanjay. (16 May 2007). Making Ek Chalis Ki Last Local. Rediff.com
- ↑ Ek Chalis Ki Last Local (2007). বলিউড হাংগামা
- ↑ Taran Adarsh. (2007-05-18). Ek Chalis Ki Last Local (2007) - Critic Movie Review by Taran Adarsh: Bollywood Hungama. বলিউড হাংগামা
- ↑ (18 May 2007). Review: Ek Chalis Ki Last Local. Hindustan Times
- ↑ Ek Chalis Ki Last Local - Indian Express. archive.indianexpress.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এক চালিছ কি লাষ্ট লোকেল” প্ৰবন্ধৰ সংশোধন ৪৯০০৬১ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।