অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

এলিপ্পাথায়ম

এলিপ্পাথায়ম (Elippathayam) হৈছে ১৯৮২ চনত মুক্তিপ্ৰাপ্ত এখন মালায়ালম চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে বিশিষ্ট চলচ্চিত্ৰকাৰ আদূৰ গোপালকৃষ্ণনে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে কৰামানা জনাৰ্দনন নায়াৰ, শাৰদা, জলজা আৰু ৰাজম কে. নায়াৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এলিপ্পাথায়ম (Elippathayam) হৈছে ১৯৮২ চনত মুক্তিপ্ৰাপ্ত১ এখন মালায়ালম চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে বিশিষ্ট চলচ্চিত্ৰকাৰ আদূৰ গোপালকৃষ্ণনে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে কৰামানা জনাৰ্দনন নায়াৰ, শাৰদা, জলজা আৰু ৰাজম কে. নায়াৰে। এই ছবিখনত কেৰালাৰ অৱসানমুখী সামন্তীয় সমাজব্যৱস্থাৰ এক মাৰ্মিক চিত্ৰ অংকন কৰা হৈছে। সামন্তীয় জীৱনধাৰাৰ ক্ষয়, গভীৰ বিষাদ, আৰু বিদ্ৰোহৰ এক নীৰৱ ৰূপ হিচাপে প্ৰকাশ পোৱা উদাসীনতা বা বাস্তৱক এৰাই চলাৰ মানসিকতাক ছবিখনে সূক্ষ্মভাৱে উপস্থাপন কৰিছে। ছবিখনৰ মুখ্য চৰিত্ৰজন সমাজৰ পৰিৱৰ্তিত বাস্তৱতাৰ সৈতে নিজকে খাপ খুৱাব নোৱাৰে; তেওঁ নিজৰ মানসিক জগতখনৰ মাজতেই যেন বন্দী হৈ থাকে। ফলত তেওঁ সমাজৰ পৰিৱৰ্তনৰ সৈতে আগবাঢ়িবলৈ নিবিচাৰে, বা আগবাঢ়িব নোৱাৰা এক অসহায় অৱস্থাত আবদ্ধ হৈ পৰে।

১৯৮২ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত এলিপ্পাথায়মৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল। ২ ইয়াৰ উপৰি, ছবিখন লণ্ডন চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল, য'ত ই সৰ্বশ্ৰেষ্ঠ মৌলিক আৰু কল্পনাপ্ৰসূত চলচ্চিত্ৰক প্ৰদান কৰা সন্মানজনক চাদাৰলেণ্ড ট্ৰফী (Sutherland Trophy) লাভ কৰে।৩৪

সমাদৰ

দ্য নিউ ইয়ৰ্ক টাইমছৰ সমালোচক জেনেট মেছলিনে এলিপ্পাথায়মৰ বিষয়ে লিখিছিল:- আদূৰ গোপালকৃষ্ণনৰ পৰিচালনাত নিৰ্মিত এলিপ্পাথায়ম এখন ধীৰগতিৰ, চিন্তাশীল আৰু গভীৰভাৱে মনোগ্ৰাহী চলচ্চিত্ৰ। ছবিখনত উন্নি আৰু তেওঁৰ পৰিয়ালক কেৱল তেওঁলোকৰ পুৰণি ঘৰখনতেই নহয়, বৰঞ্চ তেওঁলোকৰ অতীত আৰু ইতিহাসৰ মাজতো যেন বন্দী হৈ থকা মানুহ হিচাপে উপস্থাপন কৰা হৈছে। আৰু এই অনুভূতিটো ছবিখনে বহুতো সৰু সৰু, কিন্তু অতি সুচিন্তিত আৰু অৰ্থপূৰ্ণ বিৱৰণৰ জৰিয়তে অত্যন্ত দক্ষতাৰে ফুটাই তুলিছে।" ৫

বঁটা

বঁটা আৰু মনোনয়ন
মহোৎসৱশিতানবঁটাপ্ৰাপকফলাফলRef(s)
১৯৮২- কেৰালা ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱশ্ৰেষ্ঠ ছবিঅদূৰ গোপালকৃষ্ণণ
১৯৮২ লণ্ডন বিএফআই চলচ্চিত্ৰ মহোৎসৱছাদাৰলেণ্ড ট্ৰফীঅদূৰ গোপালকৃষ্ণণ৬
২৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অডিঅগ্ৰাফীপি. দেৱদাস৭
মালায়ালম ভাষাৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ছবিকে ৰবীন্দ্ৰ নায়াৰ, অদূৰ গোপালকৃষ্ণণ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Elippathayam (1981)
  2. ↑ Festival de Cannes: Elippathayam. festival-cannes.com
  3. ↑ Simon, Litty. (3 July 2018). 77 years to Adoor: a look at his best works. Manorama
  4. ↑ Nagarajan, Saraswathy. (27 February 2019). 'Sukhantyam' is about how life has to be experienced: Adoor Gopalakrishnan. The Hindu
  5. ↑ Maslin, Janet. (27 March 1983). Indian 'Rat Trap'. The New York Times
  6. ↑ (9 October 2018). 60 years of awards at the London Film Festival – A brief history of the competition. BFI
  7. ↑ 29th National Film Awards. Directorate of Film Festivals

সম্পৰ্কিত শ্ৰেণী

মালায়ালাম ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিপ্পাথায়ম” প্ৰবন্ধৰ সংশোধন ৬২৪৪৭৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।