এক্স-মেন চলচ্চিত্ৰ শৃংখলা হৈছে মাৰ্ভেল কমিক্চৰ আধাৰত নিৰ্মাণ কৰা কেইখনমান ছুপাৰহিৰো চলচ্চিত্ৰৰ সমষ্টি। এই চলচ্চিত্ৰকেইখনে ৱলভেৰিন (হিউগ জেকমেন), অধ্যাপক জেভিয়াৰ (পেট্ৰিক ষ্টুৱাৰ্ট আৰু জেমছ মেকাভয়) আৰু মেগনিট'কে (ইয়ান মেককেলেন আৰু মাইকেল ফাছবেণ্ডাৰ) প্ৰমুখ্য কৰি এটা সমূহীয়া গোটক চিত্ৰিত কৰা হৈছে। ছবিখন 'ৱলভেৰিন'ক অনুসৰণ কৰি আগুৱাই গৈছে যি মিউটেণ্টসকলৰ সৈতে মানৱ জাতিটোৰ সম্পৰ্কৰ বিষয়ে বিপৰীত মত পোষণ কৰা অধ্যাপক জেভিয়াৰ আৰু মেগনিট'ৰ মাজত হোৱা বিবাদত সোমাই পৰিছে। জেভিয়াৰ মানৱ জাতি আৰু মিউটেণ্টসকলৰ সহজীৱিতাত বিশ্বাসী, কিন্তু মেগনিট'ই বিশ্বাস কৰে যে মিউটেণ্টসকলে মানৱ জাতিক শাসন কৰাটো বাঞ্ছনীয়। মাৰ্ভেল কমিক্চৰ 'ৱেপন এক্স', 'ডাৰ্ক ফিনিক্স' আৰু 'দেজ অফ ফিউচাৰ পাষ্ট'ক আধাৰ হিচাপে লৈ চলচ্চিত্ৰকেইখনত আনুসঙ্গিক কাহিনীসমূহেও অগ্ৰগতি লাভ কৰিছে। ১৯৯৪ চনত ২০থ চেঞ্চুৰী ফক্সে চৰিত্ৰসমূহৰ বাবে বোলছবি স্বত্ব ক্ৰয় কৰে, আৰু বহু খচৰা প্ৰস্তুত কৰাৰ পিছত ব্ৰায়ান ছিংগাৰক এক্স-মেন (২০০০) আৰু ইয়াৰ ছিকুৱেল এক্স২: এক্স-মেন ইউনাইটেডৰ পৰিচালনা কৰিবৰ বাবে মাতি অনা হয়। তেওঁ তৃতীয় (এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ড) আৰু চতুৰ্থখন চলচ্চিত্ৰ নিৰ্মাণৰ দায়িত্ব ব্ৰেট ৰেটনাৰক অৰ্পণ কৰি 'ছুপাৰমেন ৰিটাৰ্নছ'ৰ পৰিচালনাৰ বাবে ৰাওনা হয়। সমালোচকসকলে ছিংগাৰৰ ছবিখনৰ ভেদভাৱ আৰু অসহিষ্ণুতাক লৈ কৰা ক'লা, বাস্তৱধৰ্মী সুৰ আৰু সংলাপৰ প্ৰশংসা কৰে। আনহাতে ৰেটনাৰৰ ছবিখনে মিশ্ৰিত সঁহাৰি লাভ কৰে।
প্ৰতিখন চলচ্চিত্ৰই আগৰখনতকৈ অধিক উপাৰ্জন কৰাৰ বাবে ফক্সে ইয়াৰ প্ৰিকুৱেল আৰু বিস্তাৰিত চলচ্চিত্ৰ মুকলি কৰে। এক্স-মেন অৰিজিনছ: ৱলভেৰিন (২০০৯) মূল এক্স-মেন ত্ৰিলজীৰ প্ৰিকুৱেল য'ত ৱলভেৰিনৰ মূলটোক বৰ্ণোৱা হয়। এক্স-মেন: ফাৰ্ষ্ট ক্লাছ (২০১১) নামৰ প্ৰিকুৱেলত দুই মিউটেণ্ট গোট এক্স-মেন আৰ ব্ৰাদাৰহুড অফ মিউটেণ্টছৰ আঁতি-গুৰি বৰ্ণোৱা হয়। আগন্তুক দ্য ৱলভেৰিন (২০১৩) ৱলভেৰিনৰ বিস্তাৰিত কাহিনী যাক মূল ত্ৰিলজীৰ ঘটনাৱলীৰ পিছত ৰচনা কৰা হৈছে।
শৃংখলাটোৰ মূল চৰিত্ৰসমূহক দৃষ্টিলৈ অনা এই তিনিওখন বিস্তাৰিত চলচ্চিত্ৰৰ পিছত মূল ত্ৰিলজীৰ লগতে এক্স-মেন: ফাৰ্ষ্ট ক্লাছৰ অভিনয় শিল্পীসকল এক্স-মেন: দেজ অফ ফিউচাৰ পাষ্টত (২০১৪) প্ৰত্যৱৰ্তন কৰিব। ছিংগাৰে পৰিচালনা কৰা এই চলচ্চিত্ৰখন এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ড আৰু এক্স-মেন: ফাৰ্ষ্ট ক্লাছৰ যুটীয়া ছিকুৱেল।
ফক্সৰ আগন্তুক 'ফেণ্টাষ্টিক ফ'ৰ চলচ্চিত্ৰ শৃংখলা'ৰ সৈতে মিলি এক্স-মেন শৃংখলাই মাৰ্ভেল ষ্টুডিঅ'ই সৃষ্টি কৰা মাৰ্ভেল বোলছবি ব্ৰহ্মাণ্ডৰ দৰে এখন একক ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিব।১
চলচ্চিত্ৰসমূহ
এক্স-মেন (২০০০)
১৯৯৪ চনত ২০থ চেঞ্চুৰী ফক্স আৰু প্ৰযোজক প্ৰৱণ সিঙে এক্স-মেনৰ বোলছবি স্বত্ব ক্ৰয় কৰে।২ এণ্ড্ৰিউ কেভিন ৱাকাৰক লিখিবলৈ আমন্ত্ৰণ কৰি অনা হয়৩ আৰু জেমছ কেমেৰণে ইয়াক পৰিচালনা কৰিবলৈ প্ৰকাশ্যে আগ্ৰহ দেখুৱায়। শেষত, ১৯৯৬ চনৰ জুলাইত ব্ৰায়ান ছিংগাৰে চলচ্চিত্ৰখন পৰিচালনা কৰিবলৈ চুক্তিৱদ্ধ হয়। ছিংগাৰ কমিক্চখনৰ অনুৰাগী নাছিল যদিও তেওঁ কমিকখনে প্ৰদৰ্শন কৰা পক্ষপাত আৰু ভেদভাৱৰ সাদৃশ্যত অভিভূত হয়।২ জন ল'গান, জ'ছ ৱেডন, এড ছ'ল'মন৪, খ্ৰীষ্ট'ফাৰ মেককেৰি আৰু ডেভিদ হেইটাৰে চিত্ৰনাট্য ৰচনা কৰে, যাৰ সুবাদ কেৱল হেইটাৰে লাভ কৰে।২ ১৯৯৯ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা ২০০০ চনৰ ৩ মাৰ্চলৈকে ট'ৰণ্টোত চিত্ৰগ্ৰহণ চলে।৫ ২০০০ চনৰ ১৪ জুলাইত থিয়েটাৰসমূহত ছবিখন মুক্তি দিয়া হয়।
এক্স-মেনৰ প্ৰথমখন ছবিত অধ্যাপক জেভিয়াৰৰ 'এক্স-মেন' আৰু মেগনিট'ই নেতৃত্ব দিয়া 'ব্ৰাদাৰহুড অফ মিউটেণ্টছ'ৰ মাজত সংঘৰ্ষৰ মাজত সোমাই পৰা 'ৱলভেৰিন' আৰু 'ৰ'গ'ক চিত্ৰিত কৰিছে। মেগনিট'ই মিউটেণ্ট জাতিক গ্ৰহণযোগ্য কৰি তুলিবলৈ তেওঁ নিৰ্মাণ কৰা এক যন্ত্ৰৰ সহায়ত জাতিসংঘৰ এক বৈঠকত মিলিত বিশ্বৰ মুৰব্বীসকলক মিউটেণ্টলৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু জেভিয়াৰে উপলব্ধি কৰিছে যে বল প্ৰয়োগ কৰি কৰা এই পৰিৱৰ্তনে তেওঁলোকলৈ মৃত্যুহে কঢ়িয়াই আনিব।
এক্স২: এক্স-মেন ইউনাইটেড (২০০৩)
২০০২ চনৰ ডিচেম্বৰত মুক্তি দিয়াৰ লক্ষ্যৰে ছিংগাৰ হাতত ল'বলগীয়া এই ছিকুৱেলৰ বাবে চিত্ৰনাট্য লিখিবলৈ ফক্সে ডেভিদ হেইটাৰ আৰু জেক পেনক আমন্ত্ৰণ কৰি আনে।৬৭ ২০০২ চনৰ ফেব্ৰুৱাৰীত মাইকেল ডাউৰ্টি আৰু ডেন হেৰিছক চিত্ৰনাট্যৰ পুনৰ্লিখনৰ বাবে মাতি অনা হয়, যি প্ৰায় ২৬টা খচৰা আৰু ১৫০টা ছেট প্ৰস্তুত কৰে।৮ ২০০২ চনৰ ১৭ জুনত ভেনক'ভাৰত নিৰ্মাণকাৰ্য আৰম্ভ হয় আৰু নৱেম্বৰত সামৰণি পৰে।৬ ২০০৩ চনৰ ২ মে'ত ছবিখনে মুক্তি পায়।
ছবিখনত কৰ্ণেল উইলিয়াম ষ্ট্ৰাইকাৰে বন্দী মেগনিট'ৰ মগজু-প্ৰক্ষালন কৰি অধ্যাপক জেভিয়াৰৰ মিউটেণ্ট-সন্ধানী যন্ত্ৰ চেৰিব্ৰ'ৰ বিষয়ে প্ৰশ্ন কৰে। ষ্ট্ৰাইকাৰে এক্স-ভৱন আক্ৰমণ কৰি গ্ৰহটোত থকা আটাইবোৰ মিউটেণ্ট বিচাৰি উলিয়াই হত্যা কৰিবলৈ জেভিয়াৰৰ মগজু-প্ৰক্ষালন কৰে। এক্স-মেনে ব্ৰাদাৰহুডৰ সৈতে গোট বান্ধি ষ্ট্ৰাইকাৰৰ বিশ্বব্যাপী অভিযান প্ৰতিৰোধ কৰাটো জৰুৰী হৈ পৰে।
এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ড (২০০৬)
প্ৰথমাৱস্থাত ব্ৰায়ান ছিংগাৰে তৃতীয় ছবিখন চতুৰ্থখনৰ লগে লগে নিৰ্মাণ কৰাৰ কথা ভাবিছিল যদিও ২০০৪ চনত তেওঁ ছুপাৰমেন ৰিটাৰ্ণছৰ পৰিচালনা কৰিবলৈ গুচি যায়।৯১০ ছিংগাৰে কেৱল ফিনিক্সৰ ওপৰত তৃতীয়টো পৰিচৰ্যা সম্পূৰ্ণ কৰে১১ আৰু ছাইগৰ্ণি ৱিভাৰে ৰূপায়ণ কৰিবলগা 'এমা ফ্ৰ'ষ্ট' আৰু কিনু ৰিভছে ৰূপায়ণ কৰিবলগা 'গেম্বিট' চৰিত্ৰ দুটা আৰম্ভ কৰে।১২ ইয়াৰোপৰি ছিংগাৰে ৰ'গ, আইচমেন আৰু পাইৰ'ৰ অধিক চৰিত্ৰায়ন বিচাৰিছিল।১৩ পৰৱৰ্তী মাহত ছাইমন কিনবাৰ্গ আৰু জেক পেনক আমন্ত্ৰণ কৰি অনা হয়। ষ্টুডিঅ'ৰ এজন বিষয়াই মিউটেণ্ট আৰোগ্যৰ ওপৰত লিখা জ'ছ ৱেডনৰ 'এচট'নিছিং এক্স-মেন'ৰ গল্প 'গিফ্টেড' পঢ়ি ইয়াক প্ৰাথমিক কাহিনীৰ বাবে ল'বলৈ পৰামৰ্শ দিয়ে। ২০০৫ চনত পৰিচালক হিচাপে মেথিউ ভ'গানৰ আগমণ ঘটে১৪ কিন্তু জটিল নিৰ্মাণসূচীৰ বাবে আঁতৰি যায়।১৫ জুনত ব্ৰেট ৰেটনাৰে তেওঁৰ ঠাই লয়১৬ আৰু ২০০৫ চনৰ আগষ্টত চিত্ৰগ্ৰহণ আৰম্ভ হয়।১৭ ২০০৬ চনৰ ২৬ মে'ত ছবিখনে মুক্তিলাভ কৰে।
ছবিখনত এক ঔষধ প্ৰতিষ্ঠানে মিউটেণ্ট জিনৰ এক এণ্টিড'টৰ উন্নতি সাধন কৰে যি মিউটেণ্ট জাতিক প্ৰৰোচিত কৰে। মেগনিট'ই মানৱ জাতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু এক টেলিপেথিক তথা টেলিকাইনেটিক ফিনিক্স, পূৰ্বৰ এক্স-মেন গোটৰ জীন গ্ৰেক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আহৰণ কৰে। ফিনিক্সে 'চাইক্ল'পছ' আৰু জেভিয়াৰক হত্যা কৰাৰ পিছত এক্স-মেন আৰু ব্ৰাদাৰহুড গোটৰ মাজত অন্তিম যুদ্ধ এখনৰ সূত্ৰপাত হয়। জীনক তেওঁৰ দ্বৈত-ব্যক্তিত্বৰ পৰা ৰক্ষা কৰিবলৈ তাইক হত্যা কৰাটো জৰুৰী বুলি ৱলভেৰিনে স্বীকাৰ কৰিবলগীয়া হয়।
এক্স-মেন অৰিজিনছ: ৱলভেৰিন (২০০৯)
২০০৪ চনৰ অক্টোবৰত ছবিখনৰ চিত্ৰনাট্য লিখিবলৈ ডেভিদ বেনিয়ফক আমন্ত্ৰণ কৰি অনা হয়।১৮ হিউগ জেকমেনে তাৰকাৰ লগতে প্ৰযোজকৰ ভূমিকাও পালন কৰে আৰু চিত্ৰনাট্যৰ ওপৰত বেনিয়ফৰ সৈতে কাম কৰে।১৯২০ এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ডৰ পৰিচালনা কৰাৰ পিছত এই চলচ্চিত্ৰখনত নেতৃত্ব দিবলৈ ব্ৰেট ৰেটনাৰৰ ওপৰত ষ্টুডিঅ'ই দায়িত্ব ন্যস্ত কৰা হয় কিন্তু ইয়াৰ বাবে কোনো চুক্তি কৰা হোৱা নাছিল।২১ ২০০৭ চনৰ জুলাইত গ্ৰেভিন হুডক পৰিচালকৰূপে ঘোষণা কৰা হয়।২২ আনকেইখন চলচ্চিত্ৰৰ দৰে ইয়াৰো অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত চিত্ৰগ্ৰহণ কৰা হয়।
এই ছবিখন ৱলভেৰিন চৰিত্ৰটো আৰু তেওঁৰ সতীয়া ভাতৃ ভিক্টৰ ক্ৰিড (লায়েভ স্ক্ৰেইবাৰ) তথা তেওঁৰ কংকালটো অজৰ ধাতু এডামেনটিয়ামৰ সৈতে যুক্ত কৰাৰ আগত আৰু পিছত 'টিম-এক্স'ৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত নিৱদ্ধ। ২০০৯ চনৰ মে'ত ছবিখনে মুক্তিলাভ কৰে।
এক্স-মেন: ফাৰ্ষ্ট ক্লাছ (২০১১)
মেথিউ ভ'গানে পৰিচালনা কৰা এই চলচ্চিত্ৰখনত জেমছ মেকাভয়ে যুৱক চাৰ্লছ জেভিয়াৰৰ২৩ আৰু মাইকেল ফাছবেণ্ডাৰে এৰিক লেনশ্বেৰৰ২৪ ভূমিকা ৰূপায়ণ কৰিছে। ই এক প্ৰিকুৱেল২৫ যি "জেভিয়াৰ তথা মেগনিট'ৰ জীৱনৰ আগৰ বছৰবোৰ, আৰু জেভিয়াৰ ইনষ্টিটিউট ফৰ গিফ্টেড চিলড্ৰেন প্ৰতিষ্ঠা আৰু য'ত তেওঁলোকৰ সম্পৰ্কই এক ভুল মোৰ লয়"২৬ তাক দৃষ্টিলৈ আনিছে। ইয়াৰ খলনায়কসমূহ হৈছে 'হেলফায়াৰ ক্লাব'২৭, য'ত ছেবাষ্টিয়ান শ্ব হিচাপে কেভিন বেকন২৮ আৰু এমা ফ্ৰ'ষ্ট হিচাপে জানুৱাৰী জ'নছে অভিনয় কৰিছে।২৯ ২০০৯ চনৰ ডিচেম্বৰত ব্ৰায়ান ছিংগাৰে ছবিখন পৰিচালনা কৰিবলৈ হস্তাক্ষৰ কৰে যদিও ২০১০ চনৰ মাৰ্চত এই কথা ঘোষণা কৰা হয় যে ছিংগাৰে এক্স-মেন: ফাৰ্ষ্ট ক্লাছৰ পৰিচালনা কৰাৰ পৰিৱৰ্তে প্ৰযোজনা কৰিব।৩০ ২০১০ চনৰ ছেপ্টেম্বৰত লণ্ডনত ছবিখনৰ মুখ্য আলোকচিত্ৰ গ্ৰহণ আৰম্ভ হয়। ২০১১ চনৰ ৩ জুনত ছবিখনে মুক্তি পায় আৰু সমালোচকৰ ইতিবাচক সঁহাৰি লাভ কৰে।৩১
দ্য ৱলভেৰিন (২০১৩)
২০০৯ চনৰ আগষ্টত খ্ৰীষ্ট'ফাৰ মেককেৰিক পৰৱৰ্তী ছিকুৱেল দ্য ৱলভেৰিনৰ চিত্ৰনাট্য লিখিবলৈ আমন্ত্ৰণ কৰি অনা হয়।৩২ চলচ্চিত্ৰখন পৰিচালনা কৰিবলৈ ডাৰেন আৰনফস্কাইক নিৰ্বাচিত কৰা হয় যদিও এই প্ৰকল্পটোৱে তেওঁক দেশৰ পৰা বহুদিন আঁতৰাই ৰাখিব বুলি তেওঁ পিছ হুঁহোকে।৩৩ পিছত জেমছ মেনগ'ল্ডক পৰিচালক হিচাপে বাছনি কৰা হয়।৩৪ মাৰ্ক বম্বেকক চিত্ৰনাট্যৰ পুনৰ্লিখনৰ বাবে আমন্ত্ৰিত কৰা হয়।৩৫ দৃশ্যগ্ৰহণ ২০১২ চনৰ আগষ্টত অষ্ট্ৰেলিয়াত আৰম্ভ হৈ নৱেম্বৰত শেষ হয়।৩৬ ছবিখন ২০১৩ চনৰ জুলাইত মুক্তি দিবলৈ যো-জা কৰা হৈছে।৩৭ ই এখন একক ছবি হ'ব৩৮ যাৰ ঘটনাৱলী এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ডৰ পিছৰ পৰ্যায়ৰ।৩৯
এক্স-মেন: দেজ অফ ফিউচাৰ পাষ্ট (২০১৪)
ব্ৰায়ান ছিংগাৰে পৰিচালনা কৰিবলগা৪০ এই ছবিখনে এক্স-মেন ত্ৰিলজী আৰু এক্স-মেন: ফাৰ্ষ্ট ক্লাছৰ অভিনয় শিল্পীসকলক সাঙুৰি ল'ব। এক্স-মেন: ফাৰ্ষ্ট ক্লাছৰ দহ বছৰৰ পূৰ্বে, ১৯৭৩ চনৰ পটভূমিত নিৰ্মাণ কৰা৪১ ছবিখনৰ চিত্ৰনাট্য ছাইমন কিনবাৰ্গৰ৪২ আৰু ই ক্ৰিছ ক্লেয়াৰমণ্ট আৰু জন বায়ৰণৰ এক্স-মেন কমিক গল্প "দেজ অফ ফিউচাৰ পাষ্ট"ৰ ওপৰত আধাৰিত বুলি কোৱা হৈছে।৪৩ মেথিউ ভ'গানে ছবিখন পৰিচালনা কৰাৰ কথা আছিল যদিও মাৰ্ক মিলাৰৰ 'দ্য ছিক্ৰেট চাৰ্ভিছ'ৰ চলচ্চিত্ৰ ৰূপ দিবৰ বাবে পৰিচালকৰ কামটো বাদ দিয়ে। তথাপিও ভ'গান কিনবাৰ্গৰ সৈতে চিত্ৰনাট্য লিখি আৰু প্ৰযোজনা কৰি ছবিখনৰ সৈতে সংযুক্ত হৈ থাকিব।৪৪৪৫ ২০১৩ চনৰ এপ্ৰিলৰ পৰা ছবিখনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ কথা৪৬ আৰু ২০১৪ চনৰ ১৮ জুলাইত 3D ৰূপত ইয়াৰ মুক্তিৰ দিন ধাৰ্য কৰা হৈছে।৪৭৪৮
অভিনয় শিল্পী
পুনঃপৌনিক চৰিত্ৰ
| চৰিত্ৰ | চলচ্চিত্ৰ | |||||||
|---|---|---|---|---|---|---|---|---|
| এক্স-মেন (২০০০)৪৯ | এক্স২ (২০০৩)৫০ | এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ড (২০০৬)৫১ | এক্স-মেন অৰিজিনছ: ৱলভেৰিন (২০০৯)৫২ | এক্স-মেন: ফাৰ্ষ্ট ক্লাছ (২০১১)৫৩ | দ্য ৱলভেৰিন (২০১৩) | এক্স-মেন: দেজ অফ ফিউচাৰ পাষ্ট (২০১৪) | ||
| ল'গান /ৱলভেৰিন | হিউগ জেকমেন (cameo only in First Class) | |||||||
| চাৰ্লছ জেভিয়াৰ / অধ্যাপক এক্স | পেট্ৰিক ষ্টুৱাৰ্ট (cameo only in ''Origins: Wolverine) | জেমছ মেকাভয় | পেট্ৰিক ষ্টুৱাৰ্ট জেমছ মেকাভয় | |||||
| এৰিক লেনশ্বেৰ / মেগনিট' | ইয়ান মেককেলেন | মাইকেল ফাছবেণ্ডাৰ | ইয়ান মেককেলেন মাইকেল ফাছবেণ্ডাৰ | |||||
| অৰ'ৰ' মুনৰ'/ ষ্টৰ্ম | হেল বেৰী | এলিজাবেথ ৰাইট (cameo only) | হেল বেৰী | |||||
| স্কট চামাৰছ / চাইক্ল'প্ছ | জেমছ মাৰ্ছডেন | টিম প'কক | ||||||
| জিন গ্ৰে/ ফিনিক্স | ফেমকে জেনছেন | ফেমকে জেনছেন (cameo only) | মেৰী / ৰ'গ | আন্না পেকুইন | আন্না পেকুইন | |||
| ৰেভেন ডাৰ্কহল্ম/ মিষ্টিক | ৰেবেকা ৰ'মিজ | জেনিফাৰ লৰেন্স ৰেবেকা ৰ'মিজ (Romijn cameo only) | জেনিফাৰ লৰেন্স | |||||
| ববী ড্ৰেক / আইচমেন | শ্ব'ন এছম'ৰ | শ্ব'ন এছম'ৰ | ||||||
| জন এলাৰাডাইচ/ পাইৰো | আলেকজেণ্ডাৰ বাৰ্টন(cameo only) | আৰন ষ্টেনফৰ্ড | ||||||
| কিটি প্ৰাইড / শ্বেড'কেট | ছুমেলা কে (cameo only) | কেট্টি ষ্টুৱাৰ্ট (cameo only) | এলেন পেজ | এলেন পেজ | ||||
| ড॰ হেনৰী "হেংক" মেককয় / বিষ্ট | Steve Bacic (cameo only) | কেলচি গ্ৰামাৰ | নিক'লাছ হল্ট | নিক'লাছ হল্ট | ||||
| পিটাৰ ৰাস্পুটিন / কল'চাছ | ডেনিয়েল কাডম'ৰ (cameo only in X2) | ডেনিয়েল কাডম'ৰ |
সঁহাৰি
বক্স অফিচ
| চলচ্চিত্ৰ | মুক্তিৰ তাৰিখ | বক্স অফিচত আয় | বক্স অফিচত স্থান | বাজেট | তথ্যসূত্ৰ | ||||
|---|---|---|---|---|---|---|---|---|---|
| বিশ্বব্যাপী | ইউনাইটেড ষ্টেটছ | ইউনাইটেড ষ্টেটছ | আন্তঃৰাষ্ট্ৰীয় | বিশ্বব্যাপী | ইউনাইটেড ষ্টেটছ (সৰ্বকালৰ) | বিশ্বব্যাপী (সৰ্বকালৰ) | |||
| এক্স-মেন | জুলাই ১৩, ২০০০ | জুলাই ১৪, ২০০০ | $১৫৭,২৯৯,৭১৭ | $১৩৯,০৩৯,৮১০ | $২৯৬,৩৩৯,৫২৭ | #215 | #292 | $৭৫,০০০,০০০ | ৫৪ |
| এক্স২ | এপ্ৰিল ৩০, ২০০৩ | মে' ২, ২০০৩ | $২১৪,৯৪৯,৬৯৪ | $১৯২,৭৬১,৮৫৫ | $৪০৭,৭১১,৫৪৯ | #111 #198(A) | #158 | $১১০,০০০,০০০ | ৫৫ |
| এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ড | মে' ২৪, ২০০৬ | মে' ২৬, ২০০৬ | $২৩৪,৩৬২,৪৬২ | $২২৪,৯৯৭,০৯৩ | $৪৫৯,৩৫৯,৫৫৫ | #86 #196(A) | #126 | $২১০,০০০,০০০ | ৫৬ |
| এক্স-মেন: ৱলভেৰিন | এপ্ৰিল ২৯, ২০০৯ | মে' ১, ২০০৯ | $১৭৯,৮৮৩,১৫৭ | $১৯৩,১৭৯,৭০৭ | $৩৭৩,০৬২,৮৬৪ | #156 | #171 | $১৫০,০০০,০০০ | ৫৭ |
| এক্স-মেন: ফাৰ্ষ্ট ক্লাছ | জুন ১, ২০১১ | জুন ৩, ২০১১ | $১৪৬,৪০৮,৩০৫ | $২০৭,২১৫,৮১৯ | $৩৫৩,৬২৪,১২৪ | #244 | #210 | $১৬০,০০০,০০০ | ৫৮ 4 |
| দ্য ৱলভেৰিন | জুলাই ২৪, ২০১৩ | জুলাই ২৬, ২০১৩ | ৫৯ | ||||||
| এক্স-মেন: দেজ অফ ফিউচাৰ পাষ্ট | জুলাই ১৮, ২০১৪ | ৬০ | |||||||
| মুঠ | $৯৩২,৯০৩,৩৩৫ | $৯৫৭,১৯৪,২৮৪ | $১,৮৯০,০৯৭,৬১৯ | $৭০৫,০০০,০০০ | |||||
| List indicator(s) * (A) এই সূচকাংকসমূহ বৰ্তমানৰ টিকটৰ মুঠ মূল্যৰ ভিত্তিত ("বক্স অফিচ ম'জ"ই গণনা কৰা) |
সমালোচনা
| চলচ্চিত্ৰ | ৰ'টেন টমেট'জ | মেটাক্ৰিটিক | য়াহু! মুভিজ |
|---|---|---|---|
| এক্স-মেন | ৮২% (১৫৫টা ৰিভিউ)৬১ | ৬৪ (৩৩টা ৰিভিউ)৬২ | B (২১টা ৰিভিউ)৬৩ |
| এক্স২ | ৮৮% (২২৩টা ৰিভিউ)৬৪ | ৬৮ (৩৮টা ৰিভিউ)৬৫ | B- (১৫টা ৰিভিউ)৬৬ |
| এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ড | ৫৭% (২২৯টা ৰিভিউ)৬৭ | ৫৮ (৩৮টা ৰিভিউ)৬৮ | B+ (১৫টা ৰিভিউ)৬৯ |
| এক্স-মেন অৰিজিনছ: ৱলভেৰিন | ৩৮% (২৫৩টা ৰিভিউ)৭০ | ঐক্যমত নাই (১টা ৰিভিউ)৭১ | C (১৩টা ৰিভিউ)৭২ |
| এক্স-মেন: ফাৰ্ষ্ট ক্লাছ | 87% (242 reviews)৭৩ | ৬৫ (৩৭টা ৰিভিউ)৭৪ | C+ (১২টা ৰিভিউ)৭৫ |
| গড় মূল্যাংকন | ৭০% | ৫৭% | ৬৪ |
সংযুক্ত বস্তুসমূহ
২০০০ চনৰ ১ জুনত মাৰ্ভেলে 'এক্স-মেন: বিগিনিংছ' নামেৰে এক্স-মেনৰ এক প্ৰিকুৱেল কমিক প্ৰকাশ কৰে য'ত মেগনিট', ৰ'গ আৰু ৱলভেৰিনৰ আগৰছোৱা সময়ৰ কথা উন্মোচিত কৰা হয়।৭৬ এক্স-মেন চলচ্চিত্ৰখনৰো এক কমিক ৰূপ দিয়া হয়।৭৭ মাৰ্ভেলে নাইটক্ৰলাৰৰ আগৰছোৱা সময় আৰু এলকালি হ্ৰদটো বিচাৰি ফুৰা ৱলভেৰিনৰ কথা সম্বলিত এক্স২ৰো এক কমিক ৰূপ মুকলি কৰে।৭৮ 'ডেল ৰে' বুকছে' ত্ৰিলজীৰ উপন্যাসকৰণো কৰে। ইয়াৰে পিছৰ দুখন ক্ৰিছ ক্লেয়াৰমণ্টে ৰচনা কৰে।৭৯৮০৮১ ২০০৬ চনত, এক্স২ আৰু এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ডৰ মাজৰ পটভূমিত 'এক্স-মেন: দ্য অফিচিয়েল গেম' মুকলি কৰা হয়।৮২ ২০০৯ চনত 'এক্স-মেন অৰিজিনছ: ৱলভেৰিন'ৰ আধাৰত একে নামৰ ভিডিঅ' গেম মুকলি কৰা হয়।৮৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Kofi Outlaw. Mark Millar Talks Shepherding Fox’s Marvel Movie Universe & Upcoming Films. Screenrant
- ↑ Jeff Jensen. (2000-07-21). Generating X. Entertainment Weekly
- ↑ Steve Daly. (1995-09-29). Deadly Done Right. Entertainment Weekly
- ↑ Craig Seymour. (2000-05-10). X-Man Out. Entertainment Weekly
- ↑ Greg Dean Schmitz. Greg's Preview – X-Men. Yahoo!
- ↑ Greg Dean Schmitz. Greg's Preview – X2: X-Men United. Yahoo!
- ↑ Peter Sanderson. (2003). X-Men: The Ultimate Guide. Dorling Kindersley. পৃ. 176. ISBN 0-7513-4617-9
- ↑ Martin A. Grove. (2003-04-11). Fox's 'X2' marks spot as presummer starts May 2. The Hollywood Reporter
- ↑ Patrick Sauriol. (2004-02-24). What's X3 about?. Mania Movies
- ↑ Cathy Dunkley, Michael Fleming. (2004-07-18). Supe's on with 'X' man. Variety
- ↑ Eric Vespe. (2006-07-22). Quint on Superman Returns gag reel & sequel talk with Singer. Ain't It Cool News
- ↑ Garth Franklin. (2006-09-14). Sigourney was considered for "X3". DarkHorizons.com
- ↑ Rob Allstetter. (2003-12-01). X2 Update. Comics Continuum
- ↑ Sean Elliott. (2006-06-08). Exclusive Interview: Screenwriter Simon Kinberg talks X-men: The Last Stand – Part 1. iF Magazine
- ↑ Steve Prokopy. (2007-08-07). Capone talks to Matthew Vaughn about PUSSYLIPS, Bobby De Niro, X-MEN, THOR and much more!!!. Ain't It Cool News
- ↑ Michael Fleming, Claude Brodesser. (2005-06-05). New master for mutants. Variety
- ↑ Greg Dean Schmitz. Greg's Preview – X-Men: The Last Stand. Yahoo!
- ↑ Michael Fleming. (2004-10-04). 'X' marks spinoff spot. Variety
- ↑ (2006-10-15). Interview- Hugh Jackman. CanMag
- ↑ Hugh Jackman. (2006-10-20). Hugh Jackman on The Prestige!. Latino Review
- ↑ (2006-03-20). Ratner To Direct Wolverine Film?. Internet Movie Database
- ↑ Michael Tsai. (November 8, 2006). Sequel to Superman Returns due in 2009. The Honolulu Advertiser
- ↑ (2010-05-28). James McAvoy Cast as Charles Xavier. Superhero Hype!
- ↑ Friedman, Roger. (2010-06-24). Michael Fassbender to appear in "X Men: First Class". hollywoodnews.com
- ↑ /Film Interview: ‘X-Men: First Class’ Director Matthew Vaughn | /Film. Slashfilm.com (2011-05-25). Retrieved on 2011-06-13
- ↑ Fleming, Michael. (2009-12-17). Bryan Singer to direct 'X-Men: First Class'. Variety
- ↑ Lesnick, Silas. (2010-08-21). Major X-Men: First Class Details Emerge. Superhero Hype!
- ↑ (2010-07-16). Kevin Bacon Playing Sebastian Shaw in X-Men: First Class. forcesofgeek.com
- ↑ Lesnick, Silas. (2010-08-18). January Jones Joins X-Men: First Class. Superhero Hype!
- ↑ Fleming, Mike. (March 26, 2010). Bryan Singer Producing 'X-Men: First Class'. Deadline.com
- ↑ Marshall, Rick. (2010-09-08). First Look At January Jones As Emma Frost In 'X-Men: First Class'. MTV. Viacom
- ↑ Borys Kit. (2009-08-13). McQuarrie to pen 'Wolverine' sequel. The Hollywood Reporter
- ↑ McClintock, Pamela. (2011-03-17). Darren Aronofsky Bows Out of 'Wolverine'. The Hollywood Reporter
- ↑ Fleming, Mike. (2011-06-16). Fox Chooses James Mangold On 'Wolverine'. Deadline
- ↑ Sneider, Jeff. (2011-09-01). 'Total Recall' scribe rewriting 'Wolverine'. Variety
- ↑ Sandy George and Amanda Diaz. (2012-04-20). The Wolverine to shoot in Sydney. IF Magazine
- ↑ (February 7, 2012). 'The Wolverine' Claws Out July 26, 2013 Release Date. MTV
- ↑ Bently, David. (August 13, 2012). Hugh Jackman confirms The Wolverine is standalone film not a sequel and won't be 'overloaded' with mutants. Coventry Telegraph
- ↑ Hewitt, Chris. (October 25, 2012). James Mangold Talks The Wolverine. Empire
- ↑ Vary, Adam B. (October 30, 2012). Bryan Singer will direct 'X-Men: Days of Future Past'. Entertainment Weekly
- ↑ www.comicbookmovie.com/fansites/JoshWildingNewsA
- ↑ Josh Wilding 9/26/2011 indieWIRE. (2011-11-03). Exclusive: Simon Kinberg Writing X-Men: First Class Sequel. Superherohype.com
- ↑ Spencer Perry. (28 January 2013). Bryan Singer Talks X-Men: Days of Future Past
- ↑ Trumbore, Dave. Matthew Vaughn Out as Director of X-MEN: FIRST CLASS Sequel, X-MEN: DAYS OF FUTURE PAST; Bryan Singer May Replace Him. Collider
- ↑ www.comicbookmovie.com/fansites/JoshWildingNewsA
- ↑ ‘X-Men: Days Of Future Past′ Shoots In April 2013
- ↑ Rich, Katey. (May 31, 2012). X-Men: First Class Sequel Sets Summer 2014 Release Date. Cinema Blend
- ↑ m.cinemablend.com/new/X-Men-Days-Future-Past-Sho link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ X-Men cast. Yahoo!
- ↑ X2 cast. Yahoo!
- ↑ X-Men: The Last Stand cast. Yahoo!
- ↑ X-Men Origins: Wolverine cast. Yahoo!
- ↑ X-Men: First Class cast. Yahoo!
- ↑ X-Men (2000). Box Office Mojo
- ↑ X2: X-Men United (2003). Box Office Mojo
- ↑ X-Men: The Last Stand (2006). Box Office Mojo
- ↑ X-Men Origins: Wolverine (2009). Box Office Mojo
- ↑ X-Men:First Class (2011). Box Office Mojo
- ↑ The Wolverine (2013). Box Office Mojo
- ↑ X-Men:Days of Future Past (2013). Box Office Mojo
- ↑ X-Men. Rotten Tomatoes. Flixster
- ↑ X-Men (2000): Reviews. Metacritic. CBS
- ↑ X-Men (2000) Critics Reviews. Yahoo! Movies
- ↑ X2: X-Men United. Rotten Tomatoes. Flixster
- ↑ X2: X-Men United (2004): Reviews. Metacritic. CBS
- ↑ X2: X-Men United – Critics Reviews. Yahoo! Movies
- ↑ X-Men: The Last Stand. Rotten Tomatoes. Flixster
- ↑ X-Men: The Last Stand (2006): Reviews. Metacritic. CBS
- ↑ X-Men: The Last Stand – Critics Reviews. Yahoo! Movies
- ↑ X-Men Origins: Wolverine. Rotten Tomatoes. Flixster
- ↑ X-Men Origins: Wolverine (2009): Reviews. Metacritic. CBS
- ↑ X-Men Origins: Wolverine – Critics Reviews. Yahoo! Movies
- ↑ X-Men: First Class. Rotten Tomatoes. Flixster
- ↑ X-Men: First Class. Metacritic. CBS
- ↑ X-Men: First Class – Critics Reviews. Yahoo! Movies
- ↑ X-Men: Beginnings (Paperback). Amazon.com
- ↑ X-Men: The Movie (Paperback). Amazon.com
- ↑ X-Men 2: The Movie TPB (Paperback). Amazon.com
- ↑ Kristine Kathryn Rusch, Dean Wesley Smith. (June 2000). X-Men. Del Rey Books. পৃ. 256. ISBN 978-0-345-44095-2
- ↑ Chris Claremont. (March 2003). X-Men 2. Del Rey Books. পৃ. 416. ISBN 978-0-345-46196-4
- ↑ Chris Claremont. (May 2006). X-Men: The Last Stand. Del Rey Books. পৃ. 352. ISBN 978-0-345-49211-1
- ↑ X-Men: The Official Game website
- ↑ X-Men Origins: Wolverine video game website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এক্স-মেন চলচ্চিত্ৰ শৃংখলা” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৬৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।