অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

এলাহাবাদ সংগ্ৰহালয়

এলাহাবাদ সংগ্ৰহালয় ( Allahabad Museum ) উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অৱস্থিত আৰু ১৯৩১ চনত স্থাপিত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগ্ৰহালয়। সমৃদ্ধ শিল্প সংগ্ৰহ বাবে জনাজাত এই সংগ্ৰহালয়ক সংস্কৃতিক মন্ত্ৰালয়ে পুঁজি যোগান ধৰি সহায় কৰে।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

এলাহাবাদ সংগ্ৰহালয় ( Allahabad Museum ) উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অৱস্থিত আৰু ১৯৩১ চনত স্থাপিত ১ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগ্ৰহালয়। ২ ৩

সমৃদ্ধ শিল্প সংগ্ৰহ বাবে জনাজাত এই সংগ্ৰহালয়ক সংস্কৃতিক মন্ত্ৰালয়ে পুঁজি যোগান ধৰি সহায় কৰে। তদুপৰি ই পুৰাতত্ত্ববিদ, ইতিহাসবিদ আৰু শিক্ষাবিদসকলৰ বাবে এক প্ৰধান গৱেষণা কেন্দ্ৰ আৰু ই পুৰাতত্ত্ব, শিল্প আৰু সাহিত্যৰ বিস্তৃত গৱেষণামূলক কাৰ্য্যকলাপ আৰু প্ৰকাশনসমূহ ই সম্পন্ন কৰে। ইয়াৰ ৰক আৰ্ট গেলেৰীত ভাৰতত প্ৰদৰ্শিত প্ৰাগঐতিহাসিক চিত্ৰৰ সৰ্ববৃহৎ সংগ্ৰহ আছে, যিটো খ্ৰীষ্টপূৰ্ব ১৪,০০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ২০০০ লৈকে বিস্তৃত। ৪ সৌৰশক্তি ব্যৱস্থা ব্যৱহাৰ কৰা এই সংগ্ৰহালয়টো দেশৰ প্ৰথমটো সংগ্ৰহালয় হিচাপে পৰিগণিত হৈছে আৰু বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ পৰিছে। ৫ মহানগৰীৰ চিভিল লাইনছ অঞ্চলৰ চন্দ্ৰশেখৰ আজাদ পাৰ্কৰ কোম্পানী বাগ নামে জনাজাত এখন সেউজীয়া বাগিচাত সংগ্ৰহালয়টো অৱস্থিত। ই এলাহাবাদ ৰেলৱে জংচনৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত আৰু প্ৰয়াগ, ৰামবাগ আৰু প্ৰয়াগৰাজ জংচনৰ দৰে তিনিটা ভিন্ন ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় সমদূৰত্বত অৱস্থিত। প্ৰয়াগৰাজ বিমানবন্দৰৰ পৰা ইয়ালৈ প্ৰায় ১২ কিলোমিটাৰ দূৰ। ৬

সংগ্ৰহ

সংগ্ৰহালয়টোত মোহনদাস কৰমচান্দ গান্ধী আৰু জৱাহৰলাল নেহৰুৰ প্ৰতি সমৰ্পিত দুটা গেলেৰী আছে। গান্ধী গেলেৰীত গান্ধীৰ শৈশৱৰ পৰা মৃত্যুৰ আগলৈকে বিৰল ছবি প্ৰদৰ্শিত হোৱাৰ বিপৰীতে নেহৰু গেলেৰীত নেহৰুৰ ‘ইন এণ্ড আউট অৱ প্ৰিজন’ নামৰ মূল পাণ্ডুলিপিসমূহ প্ৰদৰ্শন কৰা হৈছে। এই পাণ্ডুলিপিবোৰ যিবোৰ পিছলৈ তেওঁৰ আত্মজীৱনী দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া হিচাপে প্ৰকাশ পাইছিল। তেওঁৰ আন সংগ্ৰহৰ ভিতৰত আছে নথি-পত্ৰ, উপহাৰ, বিয়াৰ কাৰ্ড আৰু চিঠি, য’ত আছে। সংগ্ৰহালয়টোৰ আন এটা মূল্যৱান সম্পত্তি হৈছে গান্ধী স্মৃতি বাহন, ৪৭ মডেল ভি-৮ ফৰ্ড ট্ৰাক এখন। এই ট্ৰাকত উঠাই ১৯৪৮ চনৰ ১২ ফেব্ৰুৱাৰীত গান্ধীৰ চিতাভস্ম ত্ৰিবেণী সংগমত বিসৰ্জন দিয়া হৈছিল। ৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (5 March 2010). Allahabad Museum to celebrate Foundation Day. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ ANI. (27 December 2015). Museum Reform: Ministry of Culture starts 14-point agenda. Business Standard
  3. ↑ (13 May 2012). Spread awareness on rich cultural heritage: Governor. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Rashid, Omar. (2012-10-06). More than a museum. The Hindu
  5. ↑ Khanal, Vinod. (2017-04-23). Allahabad Museum switches to solar power, becomes first energy self-reliant museum. ETEnergyworld.com
  6. ↑ Museum – The Allahabad Museum
  7. ↑ Museums & Antiquities | Ministry of Culture, Government of India

সম্পৰ্কিত শ্ৰেণী

উত্তৰ প্ৰদেশৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলাহাবাদ সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৪৮৬৩৮০ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।