অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লখিমী সবাহ

লখিমী সবাহ অসমীয়া লোকসকলে পালন কৰা এক উল্লেখযোগ্য কৃষিভিত্তিক লোক-অনুষ্ঠান। কৃষিকাৰ্যৰ আৰম্ভণি আৰু সামৰণিৰ সময়ত অসমীয়া মহিলাসকলে লোকবিশ্বাস আৰু পৰম্পৰাগত ৰীতি-নীতিৰে এই উৎসৱ পালন কৰে। লখিমী সবাহ সাধাৰণতে উজনি অসমৰ কিছুসংখ্যক গাঁ‌ৱত পালন কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২২ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

লখিমী সবাহ অসমীয়া লোকসকলে পালন কৰা এক উল্লেখযোগ্য কৃষিভিত্তিক লোক-অনুষ্ঠান। কৃষিকাৰ্যৰ আৰম্ভণি আৰু সামৰণিৰ সময়ত অসমীয়া মহিলাসকলে লোকবিশ্বাস আৰু পৰম্পৰাগত ৰীতি-নীতিৰে এই উৎসৱ পালন কৰে। লখিমী সবাহ সাধাৰণতে উজনি অসমৰ কিছুসংখ্যক গাঁ‌ৱত পালন কৰা হয়। বৰষুণৰ কামনাৰে জেঠ-আহাৰ মাহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। লখিমী সবাহৰ সৈতে জড়িত লোকবিশ্বাস অনুসৰি, শস্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী বা লখিমী ধান চপোৱাৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু ওখ পৰ্বতত স্থিতি লয়গৈ। মানুহৰ প্ৰতি সন্তুষ্ট হ’লে তেওঁ বাৰিষা বৰষুণৰ ৰূপত পুনৰ পথাৰলৈ নামি আহে আৰু সেয়ে লখিমীক আদৰাৰ উদ্দেশ্যেৰে মহিলাসকলে বিভিন্ন স্তুতি গীত আৰু নাম গায়।

গছে সৰু সৰুপাতে ভিৰে খালে

মাণিকীমধুৰী লাগে;

লোকৰে দেশলৈনেযাবা লক্ষ্মী আই

ভঁৰালটি ভৰিব লাগে।

লখিমী সবাহৰ বাবে সাধাৰণতে গাঁৱৰ নামঘৰত ৰাইজৰ সৈতে শোভাযাত্ৰা কৰি এজনী ঋতুমতী নোহোৱা ছোৱালী বা এগৰাকী আয়তীয়ে কলৰ থুৰি, আমপাত আদি ভৰোৱা নতুন মাটিৰ টেকেলি লৈ নদীত পানী তুলিবলৈ যায়। আন দুগৰাকী তিৰোতাই ক্ৰমে এখন জাকৈ, এটা চাউল ভৰ্তি দুণৰি লগত নিয়ে। এজন কিশোৰে কলপটুৱা বা বাঁহৰ কাঠিৰে সজা এখন দোলাও কঢ়িয়াই লৈ যায়। নদীত পানী তুলি লগত নিয়া টেকেলিত ভৰাই অনা হয়। আন এগৰাকী মহিলাই নদীত তিনিবাৰ জাকৈৰে চবিয়ায় আৰু জাকৈত উঠা বন-বোকা দোলাখনত থয়। জাকৈৰে চবিয়াওঁতে মাছ উঠি অহাটো শুভ লক্ষণ বুলি ভবা হয়। পানী তুলি আহি ৰাইজে তিনিবাৰ নামঘৰ প্ৰদক্ষিণ কৰে আৰু পানীখিনি মণিকূটৰ ওচৰত থয়। নাম-প্ৰসংগ আদি কৰাৰ সময়ত সমবেত ৰাইজৰ গাত সেই পানী ছটিয়াই দিয়াৰ লগতে জাকৈত তুলি অনা বন-বোকাখিনি আৰু দুণৰিত থকা চাউলখিনি সকলোৰে মাজত বিতৰণ কৰি দিয়া হয়। গাঁওবাসীয়ে সেই দ্ৰব্যখিনি সভক্তিৰে ভঁৰালত ৰাখে। এনে কৰিলে গৃহলৈ লখিমীৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।১

তাই আহোমসকলৰ লখিমী সবাহ আয়োজন কিছু পৃথক। তেওঁলোকে ব্যক্তিগতভাৱে আয়োজন কৰিলে ভঁৰালৰ সন্মুখত আৰু ৰাজহুৱাকৈ হ'লে মুকলি ঠাইত এই অনুষ্ঠান পাতে। এই উৎসৱত তেওঁলোকে ‘লাওখাইমী’ (লখিমী) দেৱীৰ লগতে তেওঁৰ পিতৃ হুচুংখোড়াক পূজা কৰে। এই অনুষ্ঠানত এবিধ নৈবেদ্য আগবঢ়োৱা হয় আৰু তিৰোতাসকলে দোলা, দুণৰি বা দোণ, আঁহত বা বৰগছৰ পাত ভৰোৱা টেকেলি আদি লৈ পানী তুলিবলৈ যায় পানী তোলোঁতে উঠি অহা বস্তুবিলাক সকলোৱে ভাগ-বিতৰণ কৰি ঘৰলৈ লৈ যায়। এই বস্তবিলাক ভক্তিভাবেৰে সংৰক্ষণ কৰি ৰখা হয়।১

তথ্যসূত্ৰ

  1. ↑ ড° ৰাজশ্ৰী হাজৰিকা. (২০১১). অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’. পৃ. ৭ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লখিমী সবাহ” প্ৰবন্ধৰ সংশোধন ৩৩০০০৯ (৭ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।