শিপ্ৰা গোৱেল এগৰাকী ভাৰতীয় গায়িকা। তেওঁ "ইছক বুলাৱা", "অংগ্ৰেজীৱালী মেডাম", "উংলি", "টুট্টি বোলে ৱেডিং দি", "য়াদাঁ তেৰিয়াঁ", "লাভলী ভিএছ পিইউ", "মেইনু ইছক লগা" আৰু "পাৰো" আদি গীতৰ বাবে জনপ্ৰিয়।১
প্ৰাৰম্ভিক জীৱন
যদিও পৈতৃক শিপা ভাৰতৰ পঞ্জাৱৰ মানছাত, তেওঁৰ দিল্লীত জন্ম হৈছিল আৰু তাতে ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পৰিয়ালটো সংগীতৰ সৈতে জড়িত। তেওঁৰ পিতৃ-মাতৃ সুভাষ আৰু অঞ্জু গোৱেল দিল্লীৰ বিখ্যাত গায়ক। অতি কম বয়সতে তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল আৰু পিতৃ-মাতৃৰ লগত লাইভ শ্ব’ আৰু ৰেকৰ্ডিঙত অংশগ্ৰহণ কৰি বিভিন্ন অভিজ্ঞতা সংগ্ৰহ কৰিছিল। স্কুলীয়া জীৱনত তেওঁ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত আছিল, কেৱল শৈক্ষিক দিশতে, নহয় সংগীত প্ৰতিযোগিতাতো। দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত (কলা) তেওঁ শীৰ্ষস্থান দখল কৰে। ষষ্ঠ শ্ৰেণীত থাকোঁতে তেওঁ প্ৰথম সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু ৰাজ্যিক পৰ্যায়ত ১ম পুৰস্কাৰ লাভ কৰে।২ তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লৈছে।
কৰ্মজীৱন
প্ৰতিযোগিতাত অংশ কৰি লাভ কৰা সকলো অভিজ্ঞতাই, দ্বাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়ত প্ৰথমটো শ্ব’ কৰাত সহায় কৰিছিল। তেওঁ দিল্লীৰ সংগীত মহলত এটা নিয়মীয়া নাম। ২১ বছৰ বয়সত বলীউড নেপথ্য কণ্ঠশিল্পী হিচাপে কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ কথা ভাবিছিল। দিল্লীৰ হিন্দু কলেজৰ পৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লোৱাৰ পিছত ২০১৩ চনত তেওঁ মুম্বাইলৈ গুচি যায় আৰু অতি সোনকালেই বিশাল–শেখৰৰ 'ইছক বুলাৱা'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। তেতিয়াৰ পৰাই তেওঁ বলীউড আৰু পলিউডত বহু গীত গাইছে।৩৪
তথ্যসূত্ৰ
- ↑ Shipra Goyal. Gaana.com
- ↑ (19 September 2015). Shipra Goyal: Kumaar is my mentor in Bollywood - Times of India. The Times of India
- ↑ www.hungama.com/artists/shipra-goyal/107094 Hungama
- ↑ Shipra Goyal croons 'Tutti Bole' from 'Welcome Back'. www.radioandmusic.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিপ্ৰা গোৱেল” প্ৰবন্ধৰ সংশোধন ৫০০১৯৫ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।