য়াওশং (Yaosang) বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ এটা উৎসৱ। মেইটেই কেলেণ্ডাৰৰ ‘লমটা’১ মাহৰ (ফেব্ৰুৱাৰী-মাৰ্চ) পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হোৱা যাওচাং মেইটেই জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ।২ ইয়াক মণিপুৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি বিবেচনা কৰা হয়।৩ ফাকুৱাৰ দৰে মণিপুৰৰ হিন্দু লোকসকলৰ বাবে ই এক ৰঙৰ উৎসৱ।
বিৱৰণ
য়াওচাং উৎসৱ ঠিক সূৰ্যাস্তৰ পিছতে প্ৰতিখন গাঁৱত ‘য়াওচাং মেই থাবা’ বা খেৰেৰে নিৰ্মিত পঁজা দহনেৰে আৰম্ভ হয়। তাৰপিছত সৰু ল’ৰাবোৰে প্ৰতি ঘৰেঘৰে ধনৰ বৰঙণি বিচাৰি যায়, যাক নাকাঠেং বুলি কোৱা হয়। দ্বিতীয় দিনা মণিপুৰৰ পূব ই্ম্ফল জিলাত অৱস্থিত গোবিন্দজী মন্দিৰত স্থানীয় শিল্পীসকলে সংকীৰ্তন পৰিবেশন কৰে। দ্বিতীয় আৰু তৃতীয় দিনা ছোৱালীহঁতে সম্পৰ্কীয়ৰ ঘৰত বৰঙণি (নাকাঠেং) বিচাৰি যায় আৰু ধন সংগ্ৰহ কৰিবলৈ ৰাস্তাত হেঙাৰ ধৰে। চতুৰ্থ আৰু পঞ্চম দিনা মানুহবোৰে ইজনে আনজনক পানীত জুবুৰিয়ায়। ফুটবল বা ৰচি টনা খেল আদিৰো আয়োজন কৰা হয়। ইয়াৰোপৰি স্থানীয় জা-জলপান আদিও তৈয়াৰ কৰি ওচৰ চুবুৰীয়াৰ সৈতে বিনিময় কৰা হয়।৪
ৰীতি-নীতি
সূৰ্যাস্তৰ লগে লগেই প্ৰতিখন গাঁৱত য়াঅ'চাং উৎসৱৰ আৰম্ভ হয়। প্ৰথমতেই তেওঁলোকে অস্থায়ীভাৱে নিৰ্মাণ কৰা খেৰীঘৰবোৰ জ্বলায়। ইয়াক 'য়াঅ'চাং মেই থাবা' বুলি কোৱা হয়। তাৰপিছত শিশুহঁতে প্ৰতিঘৰ মানুহৰ পৰা আৰ্থিক বৰঙণি বিচাৰে। ইয়াক কোৱা হয় 'নাকাথেং'। দ্বিতীয় দিনা, স্থানীয় বেণ্ডৰ দলসমূহে 'সংকীৰ্তন' পৰিৱেশন কৰে। মণিপুৰৰ পূব ইম্ফল জিলাত থকা গোৱিন্দজীৰ মন্দিৰত এই পৰিৱেশন হয়। দ্বিতীয় আৰু তৃতীয় দিনাখন ছোৱালীসকলে তেওঁলোকে কুটুম্বৰ ঘৰলৈ গৈ 'নাকাথেং' সংগ্ৰহ কৰে আৰু ৰছী টানি পথ বন্ধ কৰি ধন সংগ্ৰহ কৰে। চতুৰ্থ আৰু পঞ্চম দিনাখন, লোকসকলে পৰস্পৰৰ গাত পানী ছটিয়ায়। ৰছী টনা আৰু ফুটবল আদি খেল খেলোৱা হয়। ইয়াৰ বাহিৰেও থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য ভগাই লোৱা হয়।৫
নৃত্য
এই উৎসৱৰ আন এটি বৈশিষ্ট্য হৈছে 'থাবল চোংবা'। ইয়াৰ অৰ্থ হৈছে 'জোনৰ তলত নৃত্য'। বিভিন্ন ঠাইৰ পৰা পুৰুষসকল উৎসৱলৈ আহে আৰু মহিলাসকলৰ লগত এক বৃত্তত ৰৈ, হাত ধৰা-ধৰিকৈ নৃত্য কৰে। ২০১৬ চনত ২৩-২৪ মাৰ্চত এই পৰ্বটো অনুষ্ঠিত হৈছিল।৬
উদ্যাপন
স্থানীয় লোকসকলে আনন্দ-উৎসৱতো জড়িত হয়। শেহতীয়াকৈ উৎসৱৰ সময়ত কিছুমান ক্ৰীড়ানুষ্ঠান আয়োজন কৰি মেইটেইসকলৰ প্ৰতিভা চিনাক্তকৰণৰ দিহা কৰা হৈছে।৭ আনন্দৰ এই উৎসৱত ভোজভাত তথা গীত-মাতৰ উপৰিও খেল ধেমালীৰ যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। মেইটেইসকল খেল-ধেমালীৰ এক চহকী পৰম্পৰা থকা জনগোষ্ঠী। এই উৎসৱৰ যোগেদি তৃণমূল পৰ্যায়ৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকল উদভাষিত হৈ উঠে।৮
তথ্যসূত্ৰ
- ↑ Manipuri Calendar. www.e-pao.net
- ↑ Singh, Ksh Imokanta. (2008). Religion and Development in North-east India: A sociological understanding. Religions and Development Research Programme. University of Birmingham. পৃ. 76. ISBN 0 7044 2655 2
- ↑ Parratt, Saroj Nalini. (April 1974). The Religion of Manipur: Beliefs, Rituals and Historical Development. Australian National University. পৃ. 43
- ↑ Yaoshang festival. tourmyindia.com
- ↑ Yaoshang festival. tourmyindia.com
- ↑ manipur.gov.in/wp-content/uploads/2013/02/genera
- ↑ five-day-yaoshang-festival-begins-in-manipur. easternmirrornagaland.com
- ↑ five-day-yaoshang-festival-begins-in-manipur. easternmirrornagaland.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়াওশং” প্ৰবন্ধৰ সংশোধন ৩৮২৭৬৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।