অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লীলা ছেমছন

লীলা ছেমছন (ইংৰাজী: Leela Samson; জন্ম: ৬ মে' ১৯৫১) হৈছে ভাৰতৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, প্ৰশিক্ষক, লেখিকা আৰু অভিনেত্ৰী। একক নৃত্যশিল্পী হিচাপে তেওঁ কাৰিকৰী কলাত্মকতাৰ বাবে পৰিচিত আৰু বহু বছৰ ধৰি দিল্লীৰ শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰত ভাৰতনাট্যমৰ অধ্যাপনা কৰি আহিছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৪৪৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লীলা ছেমছন (ইংৰাজী: Leela Samson; জন্ম: ৬ মে' ১৯৫১) হৈছে ভাৰতৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, প্ৰশিক্ষক, লেখিকা আৰু অভিনেত্ৰী। একক নৃত্যশিল্পী হিচাপে তেওঁ কাৰিকৰী কলাত্মকতাৰ বাবে পৰিচিত আৰু বহু বছৰ ধৰি দিল্লীৰ শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰত ভাৰতনাট্যমৰ অধ্যাপনা কৰি আহিছে।১

২০০৫ চনৰ এপ্ৰিল মাহত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সে তেওঁক কলাক্ষেত্ৰৰ পৰিচালক হিচাপে নিযুক্তি দিয়ে।২৩ ইয়াৰ পিছত ২০১০ চনৰ আগষ্ট মাহত সংগীত নাটক একাডেমীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়৪৫৬ আৰু ২০১১ চনৰ এপ্ৰিল মাহত “কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ড”ৰ (CBFC) অধ্যক্ষ হিচাপেও নিযুক্তি দিয়া হয়।৭

২০১২ চনত তেওঁ কলাক্ষেত্ৰৰ পৰিচালক পদৰ পৰা পদত্যাগ কৰে।৮৯ “ডেৰা চাচা সৌড়া”ৰ প্ৰতিষ্ঠাপক গুৰমীত ৰাম ৰহিম সিঙক মুখ্য চৰিত্ৰ হিচাপে উপস্থাপন কৰা এম.এছ.জি.: দ্য মেচেঞ্জাৰ অৱ গড (MSG: The Messenger of God) ছবিখন নিষিদ্ধ কৰাৰ প্ৰচেষ্টা বাতিল কৰি ছবিখনক প্ৰমাণপত্ৰ প্ৰদান কৰা বাবে তেওঁ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ডৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।১০

২০১৫ চনত মণি ৰত্নমৰ পৰিচালনাত নিৰ্মিত তামিল ছবি অ’কে কানমণিৰ (OK Kanmani) জৰিয়তে চলচ্চিত্ৰ অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। ২০১৭ চনত ছবিখনৰ হিন্দী পুনৰ্নিৰ্মাণ অ’কে জানু (OK Jaanu) নামৰ ছবিখনতো তেওঁ পুনৰ অভিনয় কৰিছিল। ২০১৯ চনত আদিত্য বৰ্মা (Adithya Varma) আৰু ২০২০ চনত পুথাম পুধু কালাই (Putham Pudhu Kaalai) ছবিতো তেওঁ অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ

১৯৫১ চনৰ ৬ মে'ত তামিলনাডুৰ কুনুৰত লীলা ছেমছন জন্ম হৈছিল।৪১১ তেওঁৰ পিতৃৰ নাম বেঞ্জামিন আব্ৰাহাম ছেমছন আৰু মাতৃৰ নাম লাইলা ছেমছন। তেওঁৰ পিতৃ পুনেৰ ইহুদী বেনে-ইজৰাইল সম্প্ৰদায়ৰ আৰু মাতৃ আহমেদাবাদৰ গুজৰাটী ৰোমান কেথলিক সম্প্ৰদায়ৰ আছিল।১১১২ ১৯৩৯ চনত তেওঁৰ পিতৃয়ে ৰয়েল ইণ্ডিয়ান নেভিত যোগদান কৰে আৰু ১৯৬৪ চনত ইণ্ডিয়ান ফ্লীটৰ কমাণ্ডৰ পদত অধিষ্ঠিত হয়।১৯৫৯ চনৰ পৰা ১৯৬২ চনৰ ভিতৰত খাদকভাছলাৰ নেচনেল ডিফেন্স একাডেমীৰ কমাণ্ডেণ্ট হিচাপেও কাৰ্যনিৰ্বাহ কৰে।১৩ লীলাৰ পৈতৃক পেহী এনি ৩১ বছৰ ধৰি মুম্বাইৰ ছোৱালীৰ বাবে অঞ্জুম-ই-ইছলাম মুছলিম স্কুলৰ অধ্যক্ষ আছিল।১৩

ছেমছনৰ ন বছৰ বয়সত তেওঁৰ পিতৃয়ে তেওঁক কলাক্ষেত্ৰৰ প্ৰতিষ্ঠাপক ৰুক্মিণী দেৱী অৰুণ্ডেলৰ অধীনত ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু সংগীত শিকিবলৈ কলাক্ষেত্ৰলৈ পঠিয়াই আৰু একে সময়তে তেওঁ বেছাণ্ট থিয়'ছফিকেল হাইস্কুলত অধ্যয়ন কৰিছিল।১৩ তাই বি.এ. ছফিয়া কলেজ ফৰ উইমেনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু অধ্যয়ন সমাপ্ত কৰি কলাক্ষেত্ৰত ভাৰতনাট্যম শিকি নিজৰ কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত হয়।১৪১৫

কেৰিয়াৰ

ভাৰতনাট্যমৰ একক নৃত্যশিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰি ছেমছনে দিল্লীৰ শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰ আৰু দিল্লীৰ গন্ধৰ্ব মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। বছৰ বছৰ ধৰি তেওঁ সমগ্ৰ ভাৰত আৰু ইউৰোপ, আফ্ৰিকা আৰু আমেৰিকাকে ধৰি বিদেশত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে।

১৯৯৫ চনত ছেমছনে ভাৰতনাট্যমৰ পৰম্পৰাগত শব্দভাণ্ডাৰৰ পৰ্যালোচনাৰ বাবে স্পন্দা নামৰ নৃত্য দল গঠন কৰে। তেওঁৰ কৰ্মৰাজিৰ ওপৰত দুখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে – সঞ্চৰী আৰু দ্য ফ্লাৱাৰিং ট্ৰি। তেওঁৰ উল্লেখযোগ্য শিষ্যসকলৰ ভিতৰত আছিল জয়ছ পল পৌৰসাবহিয়ান আৰু জাষ্টিন মেককাৰ্থী, যিয়ে বৰ্তমান শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰত অধ্যাপনা কৰে। প্ৰয়াত কমলজিৎ ভাছিন মালিক (মীতো), জিন শান শন (ইছা), নৱতেজ সিং জোহৰ, অনুষা সুব্ৰমণ্যমকে ধৰি কলা-কুশলীৰ শিক্ষক আৰু পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।

তেওঁ ৰুক্মিণী দেৱী অৰুণ্ডেলৰ এখন জীৱনী ৰচনা কৰিছিল। ৰয়েল অপেৰা হাউচ, কভেণ্ট গাৰ্ডেন, লণ্ডন, আৰু মানচেষ্টাৰৰ বাৰ্ষিক মিলাপফেষ্টকে ধৰি সমগ্ৰ বিশ্বতে তেওঁ ভাৰতনাট্যমৰ শিক্ষাদান কৰিছে।

বঁটা

ভাৰতনাট্যমলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৯০ চনত লীলা ছেমছনক পদ্মশ্ৰী১৬ আৰু সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে।১৭ তামিলনাডু চৰকাৰে তেওঁক সংস্কৃতি, নৃত্য চূড়ামণি, কলাইমামণি (২০০৫)১৮ প্ৰদান কৰিছে।

৬৩ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ চাউথত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী-তামিলৰ ফিল্মফেয়াৰ বঁটাৰ বাবেও মনোনীত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ (13 June 2009). Borders no Bar. The Indian Express
  2. ↑ (18 April 2005). Leela Samson takes over as Kalakshetra director. দ্য হিন্দু
  3. ↑ Leela Samson Profile artindia.net
  4. ↑ (10 August 2010). Press Release. Sangeet Natak Academi
  5. ↑ (10 October 2014). Sangeet Natak Akademi chairperson Leela Samson resigns. CNN-IBN
  6. ↑ (1 July 2010). Leela Samson to be Sangeet Natak Academy chairperson. The Times of India
  7. ↑ (2 April 2011). New censor board chief Leela Samson promises balanced approach. The Hindu
  8. ↑ (30 April 2012). I'll try through my dance to find myself again. The Hindu
  9. ↑ (28 April 2012). Leela Samson to quit as Kalakshetra director. The Hindu
  10. ↑ (16 January 2015). Censor Board chief Leela Samson quits over MSG nod, govt denies interference. Hindustan Times
  11. ↑ Sruti, Issues 160-171, Publisher P.N. Sundaresan, 1998
  12. ↑ Leela samson (Padma Shri) Bharatanatyam Dancer & Choreographer Profile, Programs, Awards, Photos & Videos. thiraseela.com
  13. ↑ For these Jews, Mumbai is the chosen land - Rediff.com
  14. ↑ (20 June 2017). Sophia at 75: Its legacy? How it always brought our dreams to life, say alumni. Hindustan Times
  15. ↑ Noted students of Kalakshetra
  16. ↑ Padma Awards. Ministry of Communications and Information Technology
  17. ↑ SNA: List of Akademi Awardees. Sangeet Natak Akademi Official website
  18. ↑ Kalaimamani Awards for 123 persons announced The Hindu, 15 February 2006

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলা ছেমছন” প্ৰবন্ধৰ সংশোধন ৬৪০২১১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।