শ্যামচি আই ( Shyamchi Aai; অসমীয়া অনুবাদ: শ্যামৰ মাতৃ) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত প্ৰহ্লাদ কেশৱ আত্ৰে পৰিচালিত এখন মাৰাঠী ভাষা চলচ্চিত্ৰ। সানে গুৰুজীৰ একে নামৰ মাৰাঠী গ্ৰন্থ এখনৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে। সংগীত বসন্ত দেশাইৰ। শ্যাম আৰু শ্যামৰ মাকৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে মাধৱ ৱজে আৰু বনমালাই। শ্যামচি আই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম ছবি।১
কাহিনীৰ সাৰাংশ
শ্যামচি আইৰ কাহিনীটো শ্যাম নামৰ ল’ৰা এটা শ্যাম নামৰ লৰা আৰু মাকৰ সৈতে তেওঁৰ সম্পৰ্কৰ কেন্দ্ৰ কৰি আবৰ্তিত হৈছে। শ্যামৰ জীৱনৰ ওপৰত মাকৰ গভীৰ প্ৰভাৱ পৰিছে। মাকেই তেওঁক শিকাইছে, কেনেকৈ নীতি আৰু আদৰ্শত অটল থাকিব লাগে; আনকি চৰম দাৰিদ্ৰত পতিত হ’লেও নীতি-আদৰ্শ বিসৰ্জন দিয়া অনুচিত। শ্যামৰ পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্কক উন্মোচিত কৰা হৈছে। মাকৰ ৰোগ আৰু মৃত্যুৰে ছবিৰ সমাপ্তি কৰা হৈছে।১
সমাজকৰ্মী পাণ্ডুৰং সদাশিৱ সানে (সানে গুৰুজী) ৰচিত শ্যামচি আই নামৰ আত্মজীৱনীমূলক গ্ৰন্থ এখনৰ আধাৰত ছবিখনৰ কাহিনীটো যুগুত কৰা হৈছে। শ্যাম নামৰ চৰিত্ৰটো লেখক সদাশিৱ সানে নিজেই বুলি দাবী কৰা হয়।
অভিনয় শিল্পী
- বনমালা (যশোদা)
- মাধৱ ৱজে (শ্যাম)
- শংকৰ কুলকাৰ্ণী (সদুভাঊ)
- সুমতি গুপ্তে
- সৰস্বতী বোদাচ
- বসন্ত বাপত
- দামুন্না যোশী১
বঁটা
- ১ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৩)- সৰ্বভাৰতীয় স্তৰত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ 1st National Film Awards. Directorate of Film Festivals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্যামচি আই (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৩৩৪৩ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।