মোৱানা (ইংৰাজী ভাষা: Moana) হ'ল ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল এডভেঞ্চাৰ চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত আৰু জন মাস্কাৰ আৰু ৰন ক্লেমেণ্টছৰদ্বাৰা পৰিচালিত এই ছবিখনত ডুৱেইন জনচন আৰু আউলি ক্ৰাভালিঅ'ই কণ্ঠদান কৰিছে। ছবিখনৰ কাহিনীভাগ প্ৰাচীন পলিনেছিয়াৰ পটভূমিত ৰচিত। ইয়াত এগৰাকী উপকূলীয় গাঁৱৰ মুৰব্বীৰ জীয়েক মোৱানাৰ যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, যাক মহাসাগৰে নিজে দেৱী টে ফিটিৰ সৈতে এটা ৰহস্যমজ় ধ্বংসাৱশেষ পুনৰ একত্ৰিত কৰিবলৈ নিৰ্বাচিত কৰে। যেতিয়া মোৱানাৰ দ্বীপটোত এক অভিশাপে দেখা দিয়ে, তেতিয়া তেওঁ কিংবদন্তি অৰ্ধদেৱতা মাউইৰ সন্ধানত সাগৰলৈ যাত্ৰা কৰে যাতে ধ্বংসাৱশেষটো টে ফিটিক ঘূৰাই দি নিজৰ লোকসকলক ৰক্ষা কৰিব পাৰে। ছবিখনৰ কাহিনীভাগ পলিনেছিয়ান পৌৰাণিক কাহিনীৰদ্বাৰা অনুপ্ৰাণিত।
২০MT চনৰ ১৪ নৱেম্বৰত লছ এঞ্জেলছৰ এল কেপিটান থিয়েটাৰত মোৱানাৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল আৰু ২৩ নৱেম্বৰত আমেৰিকাৰ ছবিগৃহত মুক্তি দিয়া হৈছিল। ছবিখনে সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰাৰ লগতে ব্যাৱসায়িকভাৱেও বৃহৎ সফলতা লাভ কৰি বিশ্বজুৰি ৬৮.৭ কোটি ডলাৰ উপাৰ্জন কৰিছিল। ৮৯ তম একাডেমী বঁটাত ছবিখনে 'শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ' আৰু 'শ্ৰেষ্ঠ মৌলিক গীত' ("হাউ ফাৰ আই উইল গ'") শাখাৰ বাবে দুটাকৈ মনোনয়ন লাভ কৰিছিল।১ ডিজনী প্লাছত উপলব্ধ হোৱাৰ পিছত মোৱানা ২০২০ চনৰপৰা ২০২৪ চনলৈ আমেৰিকাৰ আটাইতকৈ বেছি ষ্ট্ৰীম কৰা ছবি হিচাপে পৰিগণিত হয়। ২০২৪ চনত ইয়াৰ চিকুৱেল 'মোৱানা ২' মুক্তি দিয়া হয় আৰু ২০২৬ চনত ইয়াৰ এখন লাইভ-একচন সংস্কৰণ মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।
কাহিনী
পলিনেছিয়াৰ মটুনিউই দ্বীপৰ বাসিন্দাসকলে প্ৰকৃতিৰ দেৱী টে ফিটিক পূজা কৰে। বহু বছৰ আগতে টে ফিটিয়ে এটা 'পোউনামু' পাথৰক নিজৰ হৃদয় আৰু শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰি সাগৰত প্ৰাণৰ সঞ্চাৰ কৰিছিল। এদিন বতাহ আৰু সাগৰৰ অৰ্ধদেৱতা মাউয়ে মানৱ জাতিক সৃষ্টিৰ শক্তি উপহাৰ দিবলৈ টে ফিটিৰ সেই হৃদয়খন চুৰি কৰে। ইয়াৰ ফলত টে ফিটি ধ্বংস হৈ যায় আৰু মাউইক 'টে কা' নামৰ এটা আগ্নেয়গিৰিৰ দানৱে আক্ৰমণ কৰে। সেই যুঁজত মাউয়ে নিজৰ যাদুকৰী মাছ ধৰা বৰশীটো আৰু টে ফিটিৰ হৃদয়খন সাগৰৰ গভীৰতাত হেৰুৱাই পেলায়।
এহাজাৰ বছৰৰ পাছত, সাগৰে মটুনিউইৰ মুৰব্বী টুইৰ কন্যা মোৱানাক টে ফিটিৰ হৃদয়খন ঘূৰাই দিবলৈ নিৰ্বাচিত কৰে। মোৱানাৰ পিতৃ-মাতৃয়ে তেওঁক সাগৰৰপৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে যাতে তেওঁ দ্বীপটোৰ পৰৱৰ্তী মুৰব্বী হ’ব পাৰে। ১৬ বছৰৰ পাছত দ্বীপটোত এক মহামাৰীয়ে দেখা দিয়ে, যাৰ ফলত গছ-লতা শুকাই যায় আৰু মাছৰ অভাব হয়। মোৱানাই দ্বীপৰ সীমা অতিক্ৰম কৰি মাছ বিচাৰি যোৱাৰ প্ৰস্তাৱ দিয়ে যদিও তেওঁৰ পিতৃয়ে বাধা দিয়ে।
মোৱানাৰ আইতাক টালাই তেওঁক এটা গোপন গুহা দেখুৱাই আৰু প্ৰকাশ কৰে যে মাউয়ে হৃদয়খন চুৰি কৰাৰ আগলৈকে তেওঁলোকৰ পূৰ্বপুৰুষসকল আচলতে সাগৰীয় যাত্ৰী আছিল। টালাই মোৱানাক মাউইক বিচাৰি উলিয়াই টে ফিটিৰ হৃদয়খন পুনৰ স্থাপন কৰিবলৈ উৎসাহিত কৰে। মৃত্যুৰ আগে আগে টালাই মোৱানাক সেই হৃদয়খন দিয়ে আৰু মাউইৰ সন্ধানত যাবলৈ কয়।
মোৱানাই তেওঁৰ পোহনীয়া কুকুৰা হেইহেইৰ সৈতে সাগৰীয় যাত্ৰা আৰম্ভ কৰে। এটা ধুমুহাত পৰি তেওঁলোক এটা দ্বীপত উপস্থিত হয় য'ত তেওঁ মাউইক বিচাৰি পায়। মোৱানাই মাউইক হৃদয়খন ঘূৰাই দিবলৈ আদেশ দিয়ে যদিও মাউই মান্তি নহয়। অৱশেষত মাউই অনিচ্ছাসত্ত্বেও মোৱানাৰ সৈতে যাবলৈ ৰাজি হয়। যাত্ৰাপথত তেওঁলোকক নাৰিকল ডকাইত 'কাকামোৰা'ই আক্ৰমণ কৰে যদিও মোৱানা আৰু মাউয়ে বুধিয়কৈ তেওঁলোকক পৰাস্ত কৰে।
মাউয়ে তেওঁৰ যাদুকৰী বৰশীটো ঘূৰাই পাবলৈ দানৱৰ ৰাজ্য লালোটাইৰ বিশাল কেকোঁৰা টামা টোয়াৰ ওচৰলৈ যায়। মোৱানাৰ সহায়ত মাউয়ে নিজৰ বৰশীটো উদ্ধাৰ কৰে। মাউয়ে মোৱানাক কয় যে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক ত্যাগ কৰাৰ পাছত দেৱতাসকলে দয়া কৰিহে তেওঁক এই শক্তি প্ৰদান কৰিছিল। মোৱানাৰ সৈতে থকা বন্ধুত্বই মাউইক পুনৰ আত্ম-বিশ্বাস ঘূৰাই দিয়ে আৰু তেওঁ মোৱানাক সাগৰীয় যাত্ৰাৰ কলাসমূহ শিকায়।
যেতিয়া তেওঁলোক টে ফিটিৰ দ্বীপত উপস্থিত হয়, টে কা-ই তেওঁলোকক আক্ৰমণ কৰে। এই যুঁজত মাউইৰ বৰশীটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আৰু মাউয়ে মোৱানাক এৰি গুচি যায়। মোৱানাই হতাশ হৈ হৃদয়খন সাগৰক ঘূৰাই দিবলৈ খোজে, কিন্তু তেওঁৰ আইতাকৰ আত্মাই তেওঁক পুনৰ সাহস যোগায়। মোৱানাই অকলেই টে কা-ৰ মুখা-মুখি হয়। মাউয়ো নিজৰ ভুল বুজি পাই সহায় কৰিবলৈ ঘূৰি আহে। মোৱানাই উপলব্ধি কৰে যে টে কা আচলতে টে ফিটিৰেই এক বিকৃত ৰূপ, যি হৃদয়খন হেৰুৱাই দানৱলৈ পৰিৱৰ্তিত হৈছে। মোৱানাই টে কা-ক শান্ত কৰে আৰু হৃদয়খন পুনৰ স্থাপন কৰে। টে ফিটিয়ে পুনৰ নিজৰ ৰূপ ঘূৰাই পায় আৰু প্ৰকৃতিৰ ধ্বংসলীলা দূৰ কৰে।
টে ফিটিয়ে মাউইৰ বৰশীটো মেৰামতি কৰি দিয়ে আৰু মোৱানাক ঘৰলৈ যাবলৈ এখন নতুন নাও দিয়ে। মোৱানাই নিজৰ দ্বীপলৈ ঘূৰি আহি পিতৃ-মাতৃৰ সৈতে মিলিত হয়। তেওঁৰ নেতৃত্বত মটুনিউইৰ লোকসকলে পুনৰ সাগৰীয় যাত্ৰা আৰম্ভ কৰে।
তথ্যসূত্ৰ
- ↑ (January 24, 2017). Oscar Nominations: Complete List. Variety
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৱানা (২০১৬ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৯০৪৩৫ (১৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।