লিটাং ঘোঁৰা উৎসৱ (ইংৰাজী ভাষা: Litang Horse Festival) হৈছে চীনৰ চিচুয়ান প্ৰদেশৰ লিটাং কাউণ্টিত অনুষ্ঠিত হোৱা এটা গ্ৰীষ্মকালীন ঘোঁৰা উৎসৱ। তিব্বতীয় মালভূমিৰ বিভিন্ন প্ৰান্তৰ পৰা খাম্পা জনগোষ্ঠীৰ লোকসকল ইয়ালৈ ব্যৱসায় কৰিবলৈ, উৎসৱ উদ্যাপন কৰিবলৈ আৰু ঘোঁৰা চাবলৈ আহে। খাম্পাসকল হৈছে তিব্বতৰ এক যাযাবৰী শ্ৰেণীৰ লোক, যিসকলে সাধাৰণতে পশুপালন কৰে।
এই উৎসৱ সাধাৰণতে আগষ্ট মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হয়। উৎসৱৰ সময়ত তিব্বতীয় পনি ঘোঁৰা ব্যৱহাৰ কৰি অশ্বাৰোহণ কলা প্ৰদৰ্শন আৰু ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আটাইতকৈ উৎকৃষ্ট ঘোঁৰাটো কাৰ, তাক নিৰ্ধাৰণ কৰিবলৈ এই সৰু আৰু বেগবান ঘোঁৰাবোৰৰ দৌৰ আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। ইয়াত অংশগ্ৰহণ কৰা খাম্পাসকলৰ মাজত এটা আৰ্থ-সামাজিক মৰ্যাদা ক্ৰম গঢ়ি তোলাত এই ঘোঁৰা উৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিজন খাম্পাৰ ঘোঁৰা আটাইতকৈ শ্ৰেষ্ঠ হিচাপে পৰিগণিত হয়, তেওঁ যথেষ্ট সন্মান আৰু মৰ্যাদা লাভ কৰে।
ঘোঁৰা আৰু অশ্বাৰোহণৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলৰ বাবে বিভিন্ন ভ্ৰমণকাৰী সংস্থাই আয়োজন কৰা দুঃসাহসিক যাত্ৰা আৰু ট্যুৰসমূহক কেন্দ্ৰ কৰি ইয়াত এটা ডাঙৰ পৰ্যটন উদ্যোগ গঢ়ি উঠিছে। এই সংস্থাসমূহে পৰ্যটকসকলক ঘোঁৰা উৎসৱ উদযাপন কৰা তিব্বতৰ বিভিন্ন গাঁওসমূহলৈ লৈ যায়। ইয়াৰ দ্বাৰা যাযাবৰী লোকসকলৰ অৰ্থনীতিৰ লগতে সমগ্ৰ চীন দেশৰে অৰ্থনীতি লাভান্বিত হয়।
তথ্যসূত্ৰ
- Downs, James. "The Origin and Spread of Riding in the Near East and Central Asia." American Anthropologist. 1961.
- তিব্বতৰ ঘোঁৰা দৌৰ আৰু ধনুৰ্বিদ্যা উৎসৱ
- দৌৰ প্ৰতিযোগিতাৰ ট্যুৰ আৰু তথ্য
- ঘোঁৰা ট্যুৰ
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিটাং ঘোঁৰা উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬৩৩৩৩৪ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।